নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজাৰ আধাৰিত শিক্ষা ব্যৱস্থাত নম্বৰৰ প্ৰতিযোগিতা অপ্ৰাসংগিকঃ শুৱালকুছিৰ এঞ্জেলছ ইংলিছ স্কুলৰ বিদ্যাৰম্ভ অনুষ্ঠানত শিক্ষাবিদ পৰেশ বৈশ্য

বিশেষ বাৰ্তা, ১৮ এপ্ৰিলঃ বজাৰ আধাৰিত শিক্ষা ব্যৱস্থাত নম্বৰৰ প্ৰতিযোগিতা অপ্ৰাসংগিক। চাকৰিৰ বাবে নম্বৰৰ প্ৰাসংগিকতা লাহে লাহে নাইকিয়া হৈ আহিবলৈ লৈছে। আনহাতে কেৱল পাঠ্যপুথিত থকা জ্ঞানখিনিৰেই জীৱন জীৱিকাৰ পথ উলিওৱাটোও ক্ৰমাৎ দুৰূহ হৈ আহিছে।বিশ্বায়নৰ আগ্ৰাসী ৰূপ আৰু উদ্যোগিক ক্ষেত্ৰলৈ অহা প্ৰত্যাহ্বান সমূহৰ সৈতে নিজৰ দক্ষতাক ফেৰ মাৰিব পৰাকৈ প্ৰস্তুত কৰিব নোৱাৰিলে অনাগত দিনৰ নতুন প্ৰজন্ম ই নিজকে সমাজৰ কামত অহা ব্যক্তি হিচাপে পৰিচয় দিয়াটো কঠিন হৈ পৰিব। আজি শুৱালকুছিৰ এঞ্জেলছ ইংলিছ স্কুলৰ ২০২২ বৰ্ষৰ বিদ্যাৰম্ভ অনুষ্ঠানত ভাগ লৈ বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্য ই এইদৰে কয়। তেওঁ আৰু কয় যে অনাগত দিনত শিক্ষানুষ্ঠান সমূহে এনে মানৱ সম্পদ সৃষ্টি কৰিব লাগিব যিসকলে সুবিবেচিত চিন্তাৰ অধিকাৰী হৈ ভবিষ্যতে মানৱকুলক সহজলভ্য সেৱা প্ৰদানৰ দক্ষতা অৰ্জন কৰিব পাৰে। সমস্যা সমাধান, ব্যক্তি ব্যৱস্থাপনা, যৌথভাবে কাম কৰাৰ দক্ষতা অৰ্জনৰ লগতে আবেগিক বুদ্ধি মত্তাৰ গৰাকী হ’ব পাৰিব লাগিব। তেওঁ আৰু কয় যে শিক্ষাৰ্থীয়ে শ্ৰেণীকোঠাত মুখস্থ বিদ্যাৰে পাঠ আয়ত্ত কৰাৰ পৰিবৰ্তে প্ৰায়োগিক আৰু ক্ষেত্ৰভিত্তিক অধ্যয়নৰ জৰিয়তে মৌলিকতাৰ পৰিচয় দিবলৈ নিজকে প্ৰস্তুত কৰিব লাগিব। কৃত্ৰিম বুদ্ধিমত্তাৰ আধিপত্যৰ সৈতে নিজক উপযোগী কৰিব পৰাটোৱেই হ’ব অনাগত দিনৰ শিক্ষাৰ্থীসকলৰ বাবে বিৰাট প্ৰত্যাহ্বান।গিৰিজা কান্ত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ দি কামৰূপৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই কয় যে বিদ্যালয়ত শিক্ষাৰ মাধ্যম যিয়েই নহওক কিয় শিক্ষাৰ্থীয়ে জ্ঞান আৰু দক্ষতা অৰ্জন কৰাটোৱেই হ’ব লাগে মূল লক্ষ্য হোৱা উচিত। তেওঁ নতুন শিক্ষা নীতি ৰূপায়ণৰ ক্ষেত্ৰত বেচৰকাৰী বিদ্যালয়সমূহে সন্মুখীন হ’ব পৰা বিভিন্ন প্ৰত্যাহ্বানৰ বিষয়ে বহলাই আলোচনা কৰে। সভাত ভাষণ দি শুৱালকুছি বুদুৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক অতুল চন্দ্ৰ দাসে শিক্ষাৰ্থীক ভৱিষ্যতে সমাজৰ কল্যাণৰ হকে সংবেদনশীল হৈ জীৱন পথত আগবাঢ়ি যাবলৈ আহ্বান জনায়। সভাত বিদ্যালয় খনৰ অধ্যক্ষ ভূপতি শৰ্মাই আদৰণী ভাষণ দিয়ে।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয় খনৰ শিক্ষয়িত্ৰী উপাসনা বৈশ্য ই। অনুষ্ঠানত শিক্ষয়িত্ৰী গীতাঞ্জলি কলিতা আৰু ছাত্ৰ ৰোহন কৃষ্ণ দাসে সংগীত পৰিবেশন কৰে।শলাগৰ শৰাই আগবঢ়ায় শিক্ষয়িত্ৰী দেৱাশ্ৰী মহন্ত ই।

প্ৰেৰক দিলীপ মেধি

You might also like