বিশেষ বার্তা, ১৯ জানুৱাৰী : উত্তৰ প্রদেশৰ অযোধ্যাৰ ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিতব্য সাংস্কৃতিক কার্যসূচীত অংশগ্রহণ কৰিবৰ বাবে অসমৰ পৰা এটা ২৫ জনীয়া দল ৰাওনা হৈছে৷ ডিব্রুগডস্থিত শ্রীভাৰতী মহাবিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ দলটিয়ে বিভাগৰ সহকাৰী অধ্যাপিকা কৃষা পংকজা দত্ত আৰু অংশকালীন অধ্যাপক ভাস্কৰ শহকীয়াৰ নেতৃত্ব আৰু পৰিচালনাত অহা ২২, ২৩, ২৪ আৰু ২৫ জানুৱাৰীত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ ৰচিত অংকীয়া নাট ‘ৰাম বিজয়’ প্রদর্শন কৰিব৷ উত্তৰ–পূব ক্ষেত্র সাংস্কৃতিক কেন্দ্রই প্রেৰণ কৰা দলটিত আছে কৃষা পংকজা দত্ত (পৰিচালক), ভাস্কৰ শহকীয়া, বিতুল দুৱৰী, জীনা হাজৰিকা, বীৰেন শহকীয়া, জাহ্ণৱী বৰা, প্রাঞ্জু বাৰুতী, দৃষ্টিপ্রিয়া দাস, ভাগ্যশ্রী সেনাপতি, ৰাজশ্রী কোঁৱৰ, প্রণামী মহন, শ্যামলী মাউত, পলী ভূঞা, প্রণামী শহকীয়া, অঞ্জলি পেগু, উপাসনা দত্ত, নীহাৰ বৰুৱা, হিমাক্ষী বৰা, কণ্ঠমণি চেতিয়া, প্রদ্যুৎ শইকীয়া, অংকুৰ বৰা আৰু প্রাঞ্জল বকলীয়াল৷
প্ৰেৰক বিভাষ দুৱৰা