নিয়মীয়া বাৰ্তা, ৯ মে: কামৰূপৰ বকো সমষ্টিৰ আলোকজাৰী আৰু চাকলাত মংগলবাৰে দুটা আদৰ্শ অঙ্গনবাডী কেন্দ্ৰ শুভ উদ্ধোধন কৰে ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই। ২০২২ বৰ্ষত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ সমাজ কল্যান বিভাগৰ অঙ্গনবাডী কেন্দ্ৰ সমূহ আদৰ্শ অঙ্গদবাডী কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে এক অভিলাষী পদক্ষেপ গ্ৰহন কৰিছিল।সমগ্ৰ অসমৰ লগতে কামৰূপৰ বকোৰ আলোকজাৰী আৰু চাকলাত বকো উন্নয়ন খণ্ডৰ অধীনত দুটা আদৰ্শ অঙ্গনবাডী কেন্দ্ৰ অনূমোদিত হৈছিল। উল্লেখ্য যে একোটা আদৰ্শ অঙ্গনবাডী কেন্দ্ৰ নিৰ্মানৰ বাবে ২৫ লাখ টকাকৈ ধাৰ্য কৰা হৈছিল।মংগলবাৰে বকো উন্নয়ন খণ্ডৰ দুয়োটি আদৰ্শ অঙ্গনবাডী কেন্দ্ৰ শুভ উদ্ধোধন কৰি সাংসদ গৰাকীয়ে ৰাইজলৈ উৎসৰ্গা কৰে। আদৰ্শ অঙ্গনবাডী কেন্দ্ৰ উদ্ধোধনৰ লগত সংগতি ৰাখি দুয়োখন ঠাইতে মুকলি সভা ও অনুষ্ঠিত কৰা হয়।সাংসদ গৰাকীৰ সৈতে উপস্থিত থাকে বকো খণ্ড উন্নয়ন বিষয়া গংগোত্ৰী নেওগ, সমাজ কল্যান বিভাগৰ কামৰূপ জিলাৰ জিলা বিষয়া নিচামনি কলিতা,দক্ষিন কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰ, কনিষ্ঠ অভিযন্তা মাজিদুৰ ৰহমান,সহকাৰী কাৰ্যবাহী অভিযন্তা দীপক কলিতা, বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদক নিলোপম দাস,ছমৰীয়া বিজেপিৰ মণ্ডল সভাপতি ৰাজেশ মজুমদাৰৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
প্ৰেৰক প্ৰীতম বায়ন