নিয়মীয়া বাৰ্তা, ১২ জুনঃ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সমুহীয়া উন্নয়নৰ ধনেৰে কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত বাঘৰগাঁৱত নিৰ্মিত সমূহীয়া ভৱন এটি আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সুমিত ৰাভাই। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ২৭ নং বকো পৰিষদীয় সমষ্টিৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভাই আবন্টন দিয়া ২০২২-২৩ বিত্তীয় বৰ্ষৰ সাহাৰ্য্য পুঁজিৰে বাঘৰগাঁৱত নিৰ্মিত সমূহীয়া ভৱনটো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উল্লেখ্য যে বাঘৰগাঁৱৰ যুৱ সমাজ আৰু ৰাইজ গয়ৰহৰ সহযোগত বহুদিনীয়া অভাৱ পূৰণ কৰি সমূহীয়া ভৱনটো নিৰ্মাণ কৰে পৰিষদৰ পুঁজিৰে। আজি এক মাংগলিক পৰিবেশত বহুসংখ্যক পুৰুষ-মহিলাৰ সহযোগত উদ্বোধন কৰে ভৱনটো। সমূহীয়া ভৱন উদ্বোধন কৰা অনুস্থানত উপস্থিত থাকে ৬৮নং উত্তৰ বকো গাওঁ পঞ্চায়তৰ সভাপতি দেৱেন ৰাভা, পঞ্চায়তৰ বিষয়ববীয়াসকল, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ বকো পৰিষদীয় সমষ্টি পৰিচালনা সমিতিৰ সম্পাদক অমৰেন্দ্ৰ অধিকাৰীকে ধৰি বহুসংখ্যক পৰিষদৰ বিষয়ববীয়া আৰু কৰ্মী। সমূহীয়া ভৱন উদ্বোধন কৰি সুমিত ৰাভাই কয়- গ্ৰাম্য সমাজ ব্যৱস্থাত সংঘ, পুথিভঁৰাল আৰু সমূহীয়া ভৱন অতি আৱশ্যক। এই ভৱনসমূহত বৌদ্ধিক আৰু কৌশলী জ্ঞানৰ আদিপাঠ গ্ৰহণ কৰা হয়।
প্ৰেৰক বিষ্ণু ৰাম দাস