নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ ছমৰীয়াত পুথিভঁৰাল উদ্বোধন কবি নীলিম কুমাৰৰ

নিয়মীয়া বাৰ্তা, ৩০ জুন : আইৰ সমান হ’ব কোন নৈৰ সমান বʼব কোন। মাতৃৰ চেনেহ, মৰম তুলনাবিহীন। একোৰেই সৈতে তুলনা কৰিব নোৱাৰি এগৰাকী মাতৃৰ মৰম। এগৰাকী মাতৃয়ে পাচঁ বছৰ পূৰ্বে হেৰুৱাইছিল একমাত্ৰ জীয়ৰীক।নিজৰ জীয়ৰীৰ পৱিত্ৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ সন্তানৰ ওপজা দিনৰ দিনা ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ বাবে নিজে গাঁঠিৰ ধনৰ লগতে বিভিন্ন লোকৰ প্ৰচেষ্ঠাত নিৰ্মাণ কৰিলে এটি ৰাজহুৱা পুঠিভড়ালৰ। আই চেনেহী, আই মহিমাময়ী,আই দৰদী। যুগ যুগ ই চিৰন্তন সত্য বুলি প্ৰমাণিত হৈ আহিছে। তেনেদৰে মাতৃৰ বাবেও নিজৰ সন্তানটো অমূল্য সম্পদ, ধন, বুকুৰ কেচা কলিজা। এগৰাকী দৰদীময়ী মাতৃৰ দুখৰ কাহিনী।প্ৰাপ্ত খবৰ অনুসৰি বেংগালুৰুত অধ্যয়ন কৰি থকা সময়ত আকস্মিকভাৱে কৰুণ মৃত্যুক সাৱতি লৈছিল মহানগৰীৰ জুৰোডৰ অৰ্পনা হাজৰিকাৰ জীয়ৰী প্ৰিয়াঙ্কী হাজৰিকাৰ। সেয়া আছিল ৫ বছৰ আগৰ এক মৰ্মান্তিক কাহিনী। তাৰ পিছৰে পৰা মাতৃ অৰ্পনা হাজৰিকাই সংকল্প লৈছিল সমাজৰ হৈ কিবা এটা কৰাৰ। সেয়েহে প্ৰিয়াঙ্কী গুচি যোৱা ৫ বছৰীয়া জন্মদিনত এক ব্যতিক্ৰমী কাম কৰিলে মাতৃ অৰ্পনা হাজৰিকাই। কামৰূপৰ বকোৰ ছমৰীয়া আঞ্চলিক যুৱক সংঘৰ উদ্যোগত বৃহস্পতিবাৰে পৰিৱেশ প্ৰেমী অৰ্পনা হাজৰিকাই নিজৰ সন্তানৰ ওপজা দিনৰ লগত সংগতি ৰাখি ‘সেউজ সোঁৱৰণী’ শীৰ্ষক “পুথিভড়াল উন্মোচনী আৰু অন্তৰংগ আলাপ” অনুষ্ঠানটি যুৱক সংঘৰ কাৰ্যালয়ত অনুষ্ঠিত কৰে। এই অনুষ্ঠানত বিশিষ্ঠ কবি নীলিম কুমাৰে আনুষ্ঠানিকভাৱে পুথিভড়ালটো ৰাইজৰ বাবে মুকলি কৰি দিয়ে। পুথিভড়াল উন্মোচন কৰি কবি নীলিম কুমাৰে সকলোকে কিতাপ পঢ়াৰ আন্দোলন গঢ়ি তোলাৰ আহ্বান জনায়। এই পুথিভড়াললৈ প্ৰিয়াঙ্কীৰ স্মৃতিত মাতৃ অৰ্পনা হাজৰিকাই এটি আলমিৰা;ছমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰয়াত বিজ্ঞান শিক্ষক মানস প্ৰতিম কলিতাৰ সোঁৱৰণত মাতৃ সৰলা কলিতাই এটি আলমিৰা আৰু ছমৰীয়া আঞ্চলিক যুৱক সংঘই এটি আলমিৰা আগবঢ়াইছে।ইয়াৰ লগতে ছমৰীয়া আঞ্চলিক যুৱক সংঘৰ শিল্পীসকলে এটি সমৱেত সংগীত পৰিৱেশনেৰে “অন্তৰংগ আলাপ” অনুষ্ঠানৰ আৰম্ভনি কৰে। অন্তৰংগ অনুষ্ঠানটি সুকলমে পৰিচালনা কৰিবলৈ হলে ছমৰীয়া সত্ৰৰ বনমালী দাসে সভাপতি হিচাপে আসন গ্ৰহন কৰে। এই অনুষ্ঠানৰ আৰম্ভনিতে উপস্থিত আটাইকেইজনকে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাপতি বনমালী দাসক সভাপতি মৃনাল কলিতা, কবি নীলিম কুমাৰক সাধাৰন সম্পাদক মিতুল কলিতাই, অৰ্পনা হাজৰিকাক সংঘৰ সদস্য পিংকু কলিতাই সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত অৰ্পনা হাজৰিকাই বিগত বছৰকেইটিত জীয়ৰী প্ৰিয়াঙ্কীৰ ভালপোৱা কামবোৰেৰে ওপজা দিনটো উদযাপন কৰি অহা বুলি জনায়। উল্লেখ্য যে প্ৰিয়াঙ্কীৰ ওপজা দিনৰ লগত সংগতি ৰাখি যোৱা দুটি বৰ্ষত মাতৃ অৰ্পনা হাজৰিকাই ছমৰীয়া অঞ্চলৰ বিভিন্ন ঠাইত গছপুলি ৰোপন কৰাৰ লগতে প্ৰতিপালনৰ ব্যৱস্থা কৰিছে। ইয়াৰ লগতে মাতৃ অৰ্পনাই ৰামসৰস্বতী খেলপথাৰৰ কাষতে এখনি ফুলনি বাগিচাৰ লগতে বহুকেইজোপা ফলমূলৰ গছ ৰোপন কৰিছে। অৰ্পনা হাজৰিকাৰ এই ব্যতিক্ৰমী প্ৰচেষ্ঠাক ছমৰীয়া সত্ৰবাসী তথা ছমৰীয়া আঞ্চলিক যুৱক সংঘৰ হৈ সাধাৰন সম্পাদক মিতুল কলিতাই অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like