নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজলগাঁও পৌৰসভাৰ নৱনিৰ্মিত কাৰ্যালয় ভৱন উদ্বোধন বিটিআৰপ্ৰধান প্ৰমোদ বড়োৰ

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চ : চিৰাং জিলা সদৰ কাজলগাঁৱত আজি এছঅপিডি – ২০১৭-১৮ বৰ্ষৰ ১,৩৭,৩৭,৫০০ টকা ব্যয়েৰে কাজলগাঁও পৌৰসভাৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন কৰে বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে। কাজলগাঁও পৌৰ সভাৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধনৰ লগত সংগতি ৰাখি পৌৰসভা কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো। সভাত আদৰণি ভাষণ দিয়ে কাজলগাঁও পৌৰসভাৰ সভাপতি ৰনগৌৰা নাৰ্জাৰীয়ে। বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই তেওঁৰ ভাষণত কয় যে ২০১৪ চনত গঠন হোৱা কাজলগাঁও পৌৰ সভাৰ এটা স্থায়ী কাৰ্যালয় ৰাইজে আজি পাবলৈ সক্ষম হৈছে। কাজলগাঁও এখন উন্নয়নমুখী নগৰ। অহা ৫০ বছৰৰ বাবে এই কাজলগাঁও নগৰক এক সুপৰিকল্পিত ভাৱে গঢ়ি তুলিবৰ বাবে সকলো শ্ৰেণীৰ ৰাইজৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰিবলৈ তেওঁ পৌৰ সভাৰ কৰ্তৃপক্ষক পৰামৰ্শ দিয়ে। অসম চৰকাৰৰ লগতে বিটিআৰ প্ৰশাসনে গ্ৰহণ কৰা বিভিন্ন উন্নয়ন মূলক আঁচনি সমূহৰ সঠিক ৰূপায়ণ কৰি নগৰখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈও তেওঁ আহ্বান জনায়। তেওঁ  লগতে কয় যে সভা সমিতি পতাৰ বাবে প্ৰায় ১৫০ জন মানুহ বহিব পৰাকৈ বিটিআৰৰ পাঁচখন জিলা সদৰত এটাকৈ ক্ষুদ্ৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হ’ব। বিটিআৰত বৰ্তমান যি এক শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে তাক বজাই ৰাখিবলৈ তেওঁ সকলোকে আহ্বান জনায়। আজিৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি দিয়া ভাষণত বিটিআৰৰ নগৰ উন্নয়ন বিভাগৰ কাৰ্য্যবাহী সদস্য উইলছন হাসদাই কাজলগাঁও পৌৰ সভাক জনসাধাৰণৰ উদ্দেশ্যে উৎসৰ্গা কৰা বুলি মন্তব্য কৰে। তেওঁ কয় যে জনসাধাৰণৰ সমস্যা সমাধানত এই পৌৰসভাই এক বিশেষ ভূমিকা গ্ৰহণ কৰিব। আজিৰ সভাত বিটিআৰৰ বন আৰু ভূমি বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, পৰিষদীয় সদস্য ক্ৰমে সাইখং বসুমতাৰী, মাধৱ চন্দ্ৰ চেত্ৰী, চিদলী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অমিত ৰঞ্জন বৰ্মন, পৌৰসভাৰ বিভিন্ন বিষয়া কৰ্মচাৰী আৰু স্থানীয় বিশিষ্ট ব্যক্তি তথা ৰাইজ উপস্থিত থাকে।।
প্ৰেৰক:বিপুল কুমাৰ দাস

You might also like