নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বংশৰত শ্ৰীশ্ৰীনাৰায়ণ মন্দিৰৰ নৱনিৰ্মিত সভাগৃহ উদ্বোধন

🔹 ধৰ্মই সমাজক একত্ৰিত কৰি ৰাখে : মৃণালিনী দেৱী
বিশেষ বাৰ্তা,  ২ মাৰ্চ : কামৰূপ জিলাৰ অন্যতম কৃষিগ্ৰাম বংশৰ অভয়পুৰীয়া পাম অঞ্চলৰ ধৰ্মানুষ্ঠান শ্ৰীশ্ৰীনাৰায়ণ মন্দিৰৰ নৱনিৰ্মিত সভাগৃহটি আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী মৃণালিনী দেৱীয়ে ৷ এই উপলক্ষে মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি তথা প্ৰাক্তন কাউন্সিলৰ ভূপেন কলিতাৰ সভাপতিত্বত  অনুষ্ঠিত সভাত মৃণালিনী দেৱীয়ে ভাষণত সমাজক ধৰ্মই একত্ৰিত কৰি ৰাখে বুলি উল্লেখ কৰি কয় যে  ভিন ভিন সমাজৰ ভিন্ন ৰীতি-নীতি ধৰ্মৰ জৰিয়তে একত্ৰিত হৈ থাকে ৷ তেওঁ পুনৰ কয় যে ধৰ্মীয় অনুষ্ঠানসমূহে সমাজত সদায় এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰি আহিছে ৷ কৃষিপ্ৰধান বংশৰ গাঁৱৰ এই শ্ৰীশ্ৰীনাৰায়ণ মন্দিৰৰ সভাগৃহৰ দ্বাৰা অঞ্চলটোৰ ৰাইজৰ সভা-সমিতিৰ লগতে উৎসৱ-পাৰ্বণ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হ’ল বুলিও তেওঁ ভাষণত কয় ৷ সভাত সমাজকৰ্মী ঋষভ চন্দ্ৰ বৈশ্য, দেৱেন্দ্ৰ নাথ কাকতি, প্ৰভাত চন্দ্ৰ বৈশ্য, অৱসৰী প্ৰধান শিক্ষক ৰমেশ চন্দ্ৰ দাস, ধৰ্মেশ্বৰ কলিতা আদিয়ে অংশগ্ৰহণ কৰে ৷ সভাৰ পূৰ্বে পুৱা ভাগৱত পাঠ কৰে অন্নৰাম দাসে ৷ হোমাগ্নি কৰে মহাপ্ৰভু শ্ৰীশ্ৰীভৃংগেশ্বৰ দেৱালয়ৰ প্ৰাক্তন দলৈ নৰেন্দ্ৰ নাথ শৰ্মাই ৷ নিৰ্মালি গ্ৰহণ, ভোগ গ্ৰহণৰ অন্তত সভাগৃহ উদ্বোধনী অনুষ্ঠানৰ সামৰণি পৰে ৷ অনুষ্ঠানত অঞ্চলটোৰ পুৰুষ-মহিলা, যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰা দেখা যায় ৷
প্ৰেৰক দিলীপ মেধি
You might also like