গোলাঘাটৰ আঠখেলীয়া নামঘৰৰ মূল নামঘৰ উদ্বোধন
🎯 উদ্বোধন কৰে মন্ত্ৰী অজন্তা নেওগ অতুল বৰা, কেশৱ মহন্তই। উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিধায়ক বিশ্বজিত ফুকন
নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ গোলাঘাট জিলাৰ আঠখেলীয়াৰ ঘিলাধাৰী, মক্ৰং আৰু কাকডোঙা তিনি নদীৰ সংগমস্থলীত প্ৰতিষ্ঠা হোৱা শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ। এই আঠখেলীয়া নামঘৰলৈ বৰবৰা আলিৰ পৰা সোমোৱা মুখ্য পথত থকা পুৰণি সিংহদ্বাৰ তোৰণখন কিছু চাপৰ হোৱাত গোলাঘাটৰ মেধাৱী ছাত্ৰী অশ্লেষা খাউণ্ডৰ অকাল বিয়োগত পৰিয়ালে ‘অশ্লেষা খাউণ্ড ন্যাস’ নামাৰে এটি ন্যাস খুলি জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিক কাম-কাজ কৰি অহাৰ লগতে পুনৰ শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰত মুখ্য পথত ৩৫ লাখ টকা ব্যয়সাপক্ষে অশ্লেষা খাউণ্ডৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবলৈ ন্যাসৰ তৰফৰ পৰা এখন আটকধুনীয়াকৈ সিংহদ্বাৰ তোৰণ নিৰ্মাণ কৰি আজি তথা অসমীয়া পৱিত্ৰ ভাদ মাহৰ ১ তাৰিখে শুভ উদ্বোধন কৰে মন্ত্ৰী অজন্তা নেওগ আৰু গোলাঘাট জিলাৰ আয়ুক্ত ডাঃ পি উদয় প্ৰৱীণে। ইয়াৰ উপৰি শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰভাগ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিগত বছৰত ঘোষণা কৰা ৫ কোটি টকাৰ ভিতৰত ২ কোটি খৰচ কৰি নামঘৰভাগ পুনৰ নিৰ্মাণ কৰি আজি শুভ উদ্বোধন কৰে মন্ত্ৰী অজন্তা নেওগ, অতুল বৰা, কেশৱ মহন্ত, কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যাপ্ৰসাদ তাচা আৰু সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে। মুখ্যমন্ত্ৰী উপস্থিত থকাৰ কথা আছিল যদিও বিশেষ অসুবিধাবশতঃ উপস্থিত থাকিব নোৱাৰিলে যদিও নামঘৰৰ কৰ্ণধাৰ সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা পত্ৰ, চেলেং, গামোচা, ধৰ্মগ্ৰন্থ বিত্তমন্ত্ৰীৰ হাতত প্ৰেৰণ কৰে। মন্ত্ৰী অতুল বৰাই আজি মুখ্যমন্ত্ৰী উপস্থিত থকা হ’লে ভাল লাগিলে হয় বুলি কোৱাৰ লগতে মই এই নামঘৰভাগিৰ লগত সৰুৰে পৰা জড়িত হোৱাৰ লগতে ভাওনা কৰাৰ কথা কয়। ইফালে পহিলা ভাদ উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱ আহি নামঘৰত চাকি-বন্তি জ্বলাই, শৰাই-নৈবেদ্য আগবঢ়াই মনৰ কামনা অৰ্থে ভগৱানৰ শ্ৰীচৰণত সেৱা জনায়।
প্ৰেৰক পৰাগ বৰুৱা