নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় বর্ষপূর্তিৰ উপহাৰ : ১০ মে’ত উদ্বোধন বিহপুৰীয়াত নিৰ্মিয়মাণ মাধৱদেৱ কলাক্ষেত্র

বিশেষ বাৰ্তা, ১ মে’ : অহা ১০ মে’ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে সফলতাৰে দুটা বছৰ সম্পূর্ণ কৰিব৷ দ্বিতীয় বর্ষপূর্তি উপলক্ষে ৰাজ্য চৰকাৰখনে অহা ৯, ১০ আৰু ১১ মে’ত তিনিটা দিনত ৰাজ্যবাসীলৈ চাৰিটাকৈ উপহাৰ আগবঢ়াব৷ উক্ত তিনিটা দিন ৰাজ্যৰ উদ্যোগী, স্বাস্থ্য, নিবনুৱা আৰু সাংস্কৃতিক পৰম্পৰাৰ মাজেৰে উদযাপন কৰিব৷ দ্বিতীয় বর্ষপূর্তিৰ প্রাক্ক্ষণত অহা ৯ মে’ত ৰাজ্য চৰকাৰে প্রায় ১০ হাজাৰ কোটি টকাৰ নতুন বিনিয়োগৰ বাবে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই গুৱাহাটীত সাংবাদিকৰ আগত প্রকাশ কৰে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰা মতে, অহা ১০ মে’ত বিহপুৰীয়াত নির্মাণ কৰা মাধৱদেৱ কলাক্ষেত্র উদ্বোধন কৰিব৷ সেইদিনাই গধূলি বছৰি ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱাৰ বাবে মুখ্যমন্ত্রী আয়ুষ্মান অসমৰ কার্ড বিতৰণ কৰিব৷ অহা ১১ মে’ত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত ৰাজ্যখনৰ ৪৫–৫০ হাজাৰ নিবনুৱা যুৱক–যুৱতীক নিযুক্তি–পত্র প্রদান কৰিব৷ এই সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অহা তিনি আৰু চাৰি মে’ত তৃতীয় আৰু চতুর্থবর্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল প্রকাশ পাব৷ অহা ৯ মে’ত লটাৰীযোগে নিযুক্তিপ্রাপকসকল বিভাগ স্থিৰ কৰা হ’ব৷ ১১ মে’ত তেওঁলোকক কেন্দ্রীয় গৃহমন্ত্রীৰ উপস্থিতিত নিযুক্তি–পত্র বিতৰণ কৰা হ’ব৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমানৰ ৰাজ্য চৰকাৰে ১ লাখ নিযুক্তি প্রদান কৰিয়েই নিযুক্তি প্রক্রিয়াৰ পৰা আঁতৰি নাযায়৷ ১১ মে’ত হ’বলগীয়া নিযুক্তি–পত্র বিতৰণৰ অনুষ্ঠানতেই তেওঁ নতুন নিযুক্তিৰ বাবে ঘোষণা আগবঢ়াব৷

You might also like