নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেৰগাঁত ভাওনাত অঘটন! অভিনয়ৰ পৰিৱৰ্তে নামঘৰতে বাস্তৱত কাজিয়া

নিয়মীয়া বাৰ্তা, ২১ জুন : মহাপুৰুষ দুজনাৰ অপূৰ্ব সৃষ্টি ভাওনাৰ নামত একাংশই চলাই অহা চূড়ান্ত বহুৱালিক লৈ সচেতন মহলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অহাৰ সময়তে দেৰগাঁৱত ভাওনাৰ মাজতে সৃষ্টি হোৱা এক আজৱ ঘটনাই এতিয়া জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। নামঘৰত ভাওনা চলি থকা অৱস্থাতে দুটা পক্ষৰ মাজত লগা এখন তুমুল কাজিয়াৰ দৃশ্যাংশ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছত উক্ত অনাকাংক্ষিত ঘটনাটোক একমুখে গৰিহণা দিছে বিদ্বৎ সমাজে। দেৰগাঁৱৰ ফুকন নগৰ এলেকাত সংঘটিত এই ঘটনাৰ সম্পৰ্কত জানিব পৰা মতে, ভাওনাত নিজৰ পুত্ৰৰ দৃশ্য বাদ পৰি যোৱাৰ বাবেই এগৰাকী মাতৃয়ে নামঘৰতে কাজিয়াত লিপ্ত হৈ এজন অভিনয় শিল্পীক শাৰীৰিকভাৱে আক্ৰমণ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। “প্ৰদুন্য হৰণ সম্বাসুৰ নিধন” ভাওনা চলি থকাৰ মাজতে সৃষ্টি হয় এক অবাঞ্চিত পৰিস্থিতিৰ। নাৰী চৰিত্ৰত অভিনয় কৰা এজন অভিনেতাক এগৰাকী মহিলাই ভাওনাস্থলীতে আক্ৰমণ কৰা দৃশ্যাংশ সামাজিক মাধ্যমত বিয়পি পৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

প্ৰেৰক প্ৰণৱ চক্ৰৱৰ্তী

You might also like