বিশেষ বাৰ্তা, ৬ নৱেম্বৰঃ নগাঁৱত পুনৰ শিশু বিক্ৰী কৰাৰ দৰে এক জঘন্য ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ অহাত চহৰ খনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ইয়াক কেন্দ্ৰ কৰি আজি বিয়লি নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ হস্পিতালত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে এইবাৰ চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিশেষ তৎপৰতাত আৰক্ষীয়ে আটক কৰিলে শিশু বিক্ৰী কৰিবলৈ অহা দম্পত্তীক। আৰক্ষীৰ জালত পৰা অভিযুক্ত দম্পত্তিৰ নাম জহিৰুল ইছলাম আৰু চুলতানা বেগম। অভিযোগ অনুসৰি, জহিৰুলৰ প্ৰথমা আৰু দ্বিতীয় পত্নীৰ মাজত দীৰ্ঘদিন ধৰি ঘৰুৱা কন্দল চলি আছিল। জহিৰুলৰ এগৰাকী পত্নীয়ে তাইৰ সতিনীক ফচাবলৈ চেষ্টা চলাই থকাৰ মাজতে আজি ইয়াৰ এক পূৰ্ণ সুযোগ গ্ৰহণ কৰি আনগৰাকী পত্নীয়ে স্বামীৰ লগত মিলি নৱজাতকটো ধনৰ বিনিময়ত অন্য এগৰাকী প্ৰভাৱশালী লোকৰ হাতত বিক্ৰী কৰাৰ যো জা চলাওতেই অতি কৌশলেৰে হস্পিতাল কৰ্তৃপক্ষক ঘটনাটো অৱগত কৰে। পিছত হস্পিতাল কৰ্তৃপক্ষই বিশেষ তৎপৰতা গ্ৰহণ কৰি জহিৰুল ইছলাম আৰু চুলতানা বেগমে ৬০ হাজাৰ টকাত নৱজাতকটিক বিক্ৰী কৰাৰ চেষ্টা কৰাৰ সময়ত আৰক্ষীৰ সহযোগত তেওঁলোকক আটক কৰিবলৈ সক্ষম হয়।জানিব পৰা মতে, জহিৰুলে নিজ সন্তানক বিক্ৰী কৰাৰ বাবে জিলাখনৰ কচুৱাৰ এজন লোকৰ পৰা আগধন হিচাপে ২০০ টকা আদায় লৈছিল ৷ ইফালে সন্তান ক্ৰয় কৰিবলৈ আহি চিকিৎসা মহাবিদ্যালয়ত সৃষ্টি হোৱা পৰিৱেশৰৰ বাবে গ্ৰাহকজনে পলায়ন কৰে৷ নগাঁৱৰ চলচলিত ভাড়া ঘৰত দ্বিতীয়া পত্নীৰে বসবাস কৰা জহিৰুলে সন্তান বিক্ৰী কৰিব বিছৰা ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে প্ৰথমা পত্নীৰ দুই সন্তান আৰু দ্বিতীয় পত্নীৰ আজি বিক্ৰী কৰিবলৈ ওলোৱা এইজনেই প্ৰথমটো সন্তান বুলি জানিব পৰা গৈছে। ধৃত জহিৰুল আৰু চুলতানাৰ ঘৰ নগাঁও জিলাৰ জুৰীয়াত বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে। স্মৰ্তব্য যে, নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মিহিৰ কুমাৰ গোস্বামীৰ তৎপৰতাত আৰক্ষীয়ে নৱজাতকক বিক্ৰী কৰিব বিচৰা দম্পত্তীক আটক কৰে। উল্লেখ্য যে, যোৱা ১১ ছেপ্টেম্বৰতো নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী কাৱৈমাৰীৰ দৰিদ্ৰ দম্পত্তীয়ে মাত্ৰ ১৫ হেজাৰ টকাত এটি চাৰি মহীয়া শিশু বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল৷ সমগ্ৰ ঘটনা সন্দৰ্ভত নগাঁৱৰ জিলা শিশু সুৰক্ষা বিষয়াই দুগৰাকী অধিবক্তাৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল। সেই ঘটনাৰ সন্দৰ্ভত নগাঁও সদৰ থানাত ভাৰতীয় দণ্ড বিধিৰ ১২০(বি) , ৪২০ অধীনত ৮০৩/২০২৩ নম্বৰত এক গোচৰো ৰুজু কৰা হৈছিল।
প্ৰেৰক কনক হাজৰিকা