নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোঁৱাই মানৱে ঘপিয়ালে শাহুৱেক-পত্নীৰ জ্যেষ্ঠ ভগ্নীক

🔹 কোকৰাঝাৰত নৃশংস কাণ্ড : পলাতক ঘাতক সাহা

বিশেষ বাৰ্তা, ২৫ জুলাই : কোকৰাঝাৰৰ শান্তিনগৰৰ তিনি নং ৱার্ডত আজি পুৱা প্রায় ৫.৩০ বজাত জোঁৱায়েকে চোকা অস্ত্রৰে শাহুৱেক আৰু পত্নীৰ জ্যেষ্ঠ ভগ্নীক ঘপিয়াই হত্যা কৰা ঘটনাই চহৰখনত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জোঁৱায়েক মানৱ সাহাই শাহুৱেক কল্পনা মল্লিক ওৰফে আশা (৬০) আৰু কল্পনা মল্লিকৰ দ্বিতীয় কন্যা দীপশিখা মল্লিক (৩৫)ক অতি নৃশংসভাৱে হত্যা কৰি পলায়ন কৰে৷ উক্ত ঘটনাত হত্যাকাৰী মানৱ সাহাৰ পত্নী তথা মৃত কল্পনা মল্লিকৰ তৃতীয় কন্যা দেৱীকা মল্লিক ওৰফে পায়েল আৰু তেওঁলোকৰ পুত্র–কন্যাৰ দৈৱক্রমে প্রাণৰক্ষা পৰে৷ উল্লেখ্য যে কোকৰাঝাৰ সদৰ চহৰৰ শান্তি নগৰৰ তিনি নং ৱার্ডত বসবাস কৰা কল্পনা মল্লিক ওৰফে আশাৰ তিনিগৰাকী কন্যা সন্তান৷ ইয়াৰে প্রথমগৰাকী হ’ল দেৱযানী মল্লিক, দ্বিতীয়গৰাকী দীপশিখা মল্লিক আৰু তৃতীয়গৰাকী দেৱীকা মল্লিক৷ ইয়াৰে দেৱযানী মল্লিক বিয়া হৈ বাহিৰত থাকে৷ আনহাতে, বিলাসীপাৰাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চতুর্থ বর্গৰ কর্মচাৰী দীপশিখা মল্লিকৰ বিবাহ সম্পন্ন হৈছিল যদিও পিছত বিবাহ বিচ্ছেদ হয় আৰু কোকৰাঝাৰত মাকৰ ঘৰতে থাকিবলৈ লয়৷ তেওঁৰ কোনো সন্তান নাছিল৷ ইপিনে, নুমলীয়া কন্যা দেৱীকা মল্লিক ওৰফে পায়েলৰ দোতমাৰ মাধৱ সাহাৰ পুত্র মানৱ সাহাৰ সৈতে বিয়া হৈছিল৷ তেওঁলোকৰ এটি পুত্র (১৫) আৰু এটি কন্যা (৮) সন্তান আছে৷ উল্লেখ্য যে হত্যাত অভিযুক্ত লম্পট মানৱ সাহা আৰু তেওঁৰ পত্নী দেৱীকা মল্লিকৰ মাজত পাৰিবাৰিক অশান্তিৰ সৃষ্টি হৈছিল৷ পাৰিবাৰিক অশান্তিৰ মূল কাৰণটো হ’ল- যোৱা ৪ মার্চত মানৱ সাহাই এগৰাকী দুই সন্তানৰ বিবাহিত মহিলাক পলুৱাই বেংগালুৰুলৈ লৈ যায়৷ মানৱ সাহাই আন এগৰাকী বিবাহিত মহিলাক পলুৱাই লৈ যোৱাৰ পিছতে দেৱীকা মল্লিকে স্বামীগৃহ এৰি নৱম শ্রেণীত অধ্যয়নৰত পুত্র আৰু চতুর্থ শ্রেণীত অধ্যয়নৰত কন্যাক লৈ কোকৰাঝাৰস্থিত মাতৃৰ ঘৰলৈ আহে আৰু ল’ৰা–ছোৱালীক কোকৰাঝাৰৰ বিদ্যালয়ত নামভর্তি কৰাই দিয়ে৷ ইপিনে, পলুৱাই লৈ যোৱা বিবাহিতা মহিলাগৰাকীৰ সৈতে বেংগালুৰুত কেইমাহমান থকাৰ সময়তে মহিলাগৰাকীৰ পৰিয়াল আৰু গাঁৱৰ একাংশই বিচাৰ–খোঁচাৰ কৰি দুয়োকে ধৰি লৈ আহে আৰু মহিলাগৰাকীক স্বামীৰ হাতত গতাই দিয়ে৷ নিজৰ পত্নী থকাৰ পিছতো আন বিবাহিতা মহিলাৰ সৈতে অপকাণ্ড কৰাত গাঁৱৰ ৰাইজেও মানৱ সাহাক গাঁৱত থকাত বাৰণ কৰে৷ উপায়হীন হৈ মানৱ সাহাই পশ্চিমবংগৰ কামাখ্যাগুৰিত থকা তেওঁলোকৰ আনটো ঘৰত থাকিবলৈ লয়৷ লম্পট মানৱ সাহাই পুনৰ দেৱীকা মল্লিকৰ সৈতে পত্নীৰ সম্পর্ক বর্তাই ৰাখিব বিচাৰে যদিও দেৱীকা মল্লিক অমান্তি হয়৷ এইক্ষেত্রত শাহুৱেক আৰু দেৱীকাৰ জ্যেষ্ঠ ভগ্ণী দীপশিখায়ো মানৱক তেওঁলোকৰ সৈতে সম্পর্ক নাৰাখিবলৈ অনুৰোধ কৰে৷ মানৱে পত্নী দেৱীকাক মোবাইলত বিভিন্ন মেছেজ আৰু ফোন কৰি ব্যতিব্যস্ত কৰি তোলাৰ লগতে পুনৰ সম্পর্ক গঢ়ি নুতুলিলে হত্যাৰ ভাবুকি দিয়ে৷ তাৰ অত্যাচাৰত অতিষ্ঠ হৈ দেৱীকাই মোবাহল নম্বৰ সলনি কৰাত এইবাৰ মানৱে শাহুৱেক আৰু পত্নীৰ জ্যেষ্ঠ ভগ্ণীক ভাবুকিভৰা মেচেজ–কল কৰা আৰম্ভ কৰে৷ ইপিনে, স্বামী মানৱৰ সৈতে সম্পর্ক বেয়া হ’লেও দেৱীকাৰ শহুৰেকৰ ঘৰৰ পৰিয়ালৰ আন সদস্যসকলৰ সৈতে সম্পর্ক যথেষ্ট ভাল আছিল৷ আনকি ১ জুলাইত দেৱীকাই শহুৰেকৰ ঘৰলৈ খবৰ ল’বলৈ গৈছিল, কিন্তু লম্পট মানৱ সাহাই ঠিক সেই সময়তে পিতৃগৃহত উপস্থিত হৈ নিজ পুত্রৰ হাত ব্লেডেৰে কাটি দিছিল৷ ভয়ার্ত দেৱীকা আৰু তেওঁৰ সন্তানহালে লগে লগে কোকৰাঝাৰলৈ গুচি আহে আৰু মাতৃৰ ঘৰতে থাকিবলৈ লয়৷ ইপিনে, আজি হত্যাৰ পৰিকল্পনাৰে ঘাতক মানৱ সাহাই কাহিলিপুৱাই শান্তি নগৰত থকা শাহুৱেকৰ ঘৰত উপস্থিত হয়৷ কল্পনা মল্লিকৰ ঘৰত কোনোধৰণৰ চৌহদৰ বেৰ নথকাৰ সুযোগ গ্রহণ কৰি ঘাতকে অনায়সে পিছপিনেৰে সিহঁতৰ ঘৰত উপস্থিত হয়৷ সেই সময়ত মানৱৰ শাহুৱেক কল্পনা মল্লিকে নিত্যকর্ম কৰিবলৈ টয়লেটলৈ যাওঁতেই ঘাতক জোঁৱায়ে কল্পনা মল্লিকক পিছপিনৰ পৰা ডিঙিত চোকা অস্ত্রৰে উপর্যুপৰি আঘাত কৰে৷ মাকৰ প্রাণকাতৰ চিৎকাৰ শুনি একেখন বিছনাত শুই থকা দীপশিখা আৰু দেৱীকা বিছনাৰ পৰা নামি আহে৷ দীপশিখাই প্রথমে মাকক বচাবলৈ যাওঁতেই ঘাতক মানৱে তেওঁকো আক্রমণ কৰে৷ পৰিস্থিতি বিষম দেখি দেৱীকাই দুই সন্তানক লৈ বাহিৰলৈ বচাওক বচাওক বুলি দৌৰ মাৰে আৰু দৈৱক্রমে প্রাণৰক্ষা পৰে৷ দেৱীকাৰ চিৎকাৰ শুনি পিছত স্থানীয় ৰাইজ ওলাই অহাত ঘাতক মানৱ সাহা পলাই যায় আৰু ঘটনাস্থলীত তেজে তুমৰলি হৈ মাতৃ আৰু কন্যা পৰি থাকে৷ ইয়াৰে মাতৃ কল্পনা মল্লিকে ঘটনাস্থলীতে কৰুণ মৃত্যুক সাবটি লোৱাৰ বিপৰীতে কন্যা দীপশিখা মল্লিকে চিকিৎসালয়লৈ নিয়াৰ পথত কৰুণ মৃত্যুক সাবটি লয়৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰীয়ে ব্যৱহাৰ কৰা চোকা ডেগাৰসদৃশ অস্ত্র উদ্ধাৰ কৰে৷ ঘটনা সন্দর্ভত কোকৰাঝাৰ আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৩২৯(৪)/১০৩ৰ অধীনত এক গোচৰ (নং ১৬২/২০২৪) ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ ইপিনে, হত্যাকাৰী মানৱ সাহা বর্তমানেও পলাতক অৱস্থাত আছে৷ ইপিনে, ঘটনাস্থলীত স্থানীয় বিধায়ক লৰেঞ্চ ইছলাৰী উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু অভিযুক্তক শীঘ্রে গ্রেপ্তাৰ কৰিবলৈ আৰক্ষী প্রশাসনক আহ্বান জনাইছে৷ ঘটনাটোত গভীৰ দুখ প্রকাশ কৰি বিধায়ক লৰেঞ্চ ইছলাৰীয়ে মৃতকৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ উল্লেখ্য যে প্রায় বছৰ দিন পূর্বেও শান্তি নগৰত এনেধৰণৰ আন এক ঘটনা সংঘটিত হৈছিল৷ ইপিনে, বিটিআৰ বেংগলী যুৱ-ছাত্র পৰিষদ আৰু স্থানীয় ৰাইজে দোষীক শীঘ্রে কৰায়ত্ত কৰি দৃষ্টান্তমুলক শাস্তি বিহিবলৈ আৰক্ষী প্রশাসনৰ ওচৰত দাবী জনাহছে৷

প্ৰেৰক শুকুৰ আকন্দ

You might also like