নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাপেখাতীত স্বামীৰ উপৰ্যুপৰি দাৰ ঘাপত পত্নীৰ মৃত্যু : পলাতক ঘাতক স্বামী

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰ : চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত উজনিকুৰি গাঁৱত স্বামীৰ দাৰ ঘাপত পত্নী নিহত হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।। নিহত সুকোৰমণি কৰোৱা (৪২)ক সাধাৰণ কথাতে স্বামী দেবাৰো কৰোৱাই আজি দিনৰ ১১ বজাত চোকা দাৰে উপৰ্যুপৰি ঘাপ মৰাত থিতাতে মৃত্যু হয়। স্থানীয় ৰাইজে মৃতদেহ প্ৰত্যক্ষ কৰি গাঁওৰক্ষী বাহিনীক খবৰ দিয়াত গাঁওৰক্ষী বাহিনীয়ে সাপেখাতী আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও ঘাতক স্বামী পলাতক হৈ আছে। উল্লেখযোগ্য যে চলিত মাহত সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত গাঁৱত তিনি-চাৰিটা হত্যাকাণ্ড সংঘটিত হৈছে। আৰক্ষী-প্ৰশাসনৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবে সাপেখাতী থানাৰ অন্তৰ্গত এলেকাত হত্যাকাণ্ড, পথ দুৰ্ঘটনাকে ধৰি সীমান্তৱৰ্তী অঞ্চলসমূহত বিভিন্ন অনৈতিক কাৰ্যকলাপ বৃদ্ধি পাইছে।
প্ৰেৰক ৰাজীৱ কলিতা
You might also like