নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ঠিকাদাৰৰ ঘৰত আয়কৰ বিভাগৰ অভিযান

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী আয়ৰণ জংলা অঞ্চলৰ এগৰাকী ব্যক্তিৰ গৃহত আজি পুৱাৰ পৰা আয়কৰ বিভাগৰ এটি দলে অভিযান চলাই থকা বুলি জানিব পৰা গৈছে। ধুবুৰী আৰক্ষীৰ সহযোগত গুৱাহাটীৰ পৰা আগত সেই দলটোৰ অভিযান  বৰ্তমানলৈ অব্যাহত থকা বুলি প্ৰকাশ। ধুবুৰীৰ ভাষাণীৰ চৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত আয়ৰণ জংলা গাঁৱৰ মোৱাৰক পাৰমানিক ওৰফে বাবু নামৰ সেই ব্যক্তি গৰাকীৰ গৃহত ইমান দীৰ্ঘ সময় ধৰি আয়কৰ বিভাগে চলাই থকা অভিযান সন্দৰ্ভে কোনো ধৰণৰ তথ্য পোৱা যোৱা নাই। সাধাৰণ মানুহকে ধৰি সংবাদ সংগ্ৰহ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হোৱা সাংবাদিককৰ দল এটাক পাৰমানিকৰ গৃহত প্ৰৱেশ কৰিবলৈ দিয়া নাই আয়কৰ বিভাগে। সমান্তৰালকৈ সাংবাদিক সন্মুখত চলাই থকা অভিযান সন্দৰ্ভে এতিয়ালৈ একো সদৰি কৰা নাই দলটোৱে। জানিব পৰা মতে, মোৱাৰক পাৰমানিক পেছাত এগৰাকী ঠিকাদাৰ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like