আমেৰিকাত ভাৰতীয় উৎপাদিত সামগ্রীৰ চাহিদা বৃদ্ধি
বিশেষ বাৰ্তা, ১৫ নৱেম্বৰঃ আমেৰিকা যুক্তৰাষ্ট্রত ভাৰতীয় উৎপাদিত সামগ্রীৰ চাহিদা বৃদ্ধি পাইছে৷ মেড ইন চাইনাৰ পৰিৱর্তে আমেৰিকাত মেড ইন ইণ্ডিয়াৰ চাহিদা বৃদ্ধি পোৱাই নহয়, চীনৰ বাণিজ্যক প্রত্যাহ্বান জনাইছে মেড ইন ইণ্ডিয়াই৷ বষ্টন কনছালটিং গ্রুপৰ দ্বাৰা এছিয়াৰ ১০খন দেশত চলোৱা সমীক্ষাত ভাৰতৰ সামগ্রীৰ চাহিদা আমেৰিকা যুক্তৰাষ্ট্রৰ লগতে আন্তর্জাতিক পর্যায়তো ঊর্ধ্বমুখী হোৱাটো প্রকাশ পাইছে৷ ক’ভিড-১৯ মহামাৰীৰ পাছত ইউক্রেইন-ৰাছিয়াৰ যুদ্ধই বিশ্বৰ বাণিজ্যিক ক্ষেত্রখনত অনেক উত্থান–পতনৰ প্রতিচ্ছবি দাঙি ধৰিছে৷ ইয়াৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্রই ভাৰতীয় উৎপাদিত সামগ্রীৰ আমদানি বৃদ্ধি কৰিছে আৰু চীনৰ আমদানিকৃত সামগ্রী হ্রাস পাইছে৷ তথ্য মতে, ২০১৮ চনৰ পৰা ২০২২ চনৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্রই আমদানি কৰা ভাৰতীয় সামগ্রীৰ শতাংশ দ্রুতগতিত বৃদ্ধি পাইছে৷ এই সময়ছোৱাত ভাৰতীয় সামগ্রী আমদানি ৪৪ শতাংশ বৃদ্ধি পাইছে৷ ভাৰতৰ তুলনাত চীনৰ আমদানি হ্রাস পাইছে৷ এই সময়ছোৱাত আমেৰিকাই চীনৰ পৰা আমদানি কৰা সামগ্রীৰ পৰিমাণ ১০ শতাংশ হ্রাস পাইছে৷ অর্থাৎ আমেৰিকাত মেড ইন ইণ্ডিয়া সামগ্রীৰ প্রতি নাগৰিকৰ আকর্ষণ বৃদ্ধি পাইছে৷ ইয়াৰ বিপৰীতে মেড ইন চাইনা সামগ্রীৰ প্রতি নাগৰিকৰ আকর্ষণ হ্রাস পাইছে৷ তথ্য মতে, ২০১৮ চনৰ পৰা ২০২২ চনলৈ আমেৰিকাই ভাৰতৰ পৰা ২৩ বিলিয়ন মার্কিন ডলাৰৰ সামগ্রী আমদানি কৰিছে৷ ভাৰতীয় সামগ্রীৰ চাহিদা এতিয়া আমেৰিকাৰ বিপণীসমূহত প্রতিফলিত হৈছে৷ দেশখনৰ বিপণীসমূহত ভাৰতীয় উৎপাদিত সামগ্রী তথা মেড ইন ইণ্ডিয়াৰ সামগ্রীৰে ভৰি পৰিছে৷ পূর্বৰ মেড ইন চাইনাৰ সামগ্রীৰে ভৰি থকা বিপণীসমূহত এতিয়া মেড ইন ইণ্ডিয়াৰ দপদপনি৷ বিশ্ব বিখ্যাত আমেৰিকান কোম্পানী ৱালমার্টৰ বিপণীসমূহত ভাৰতীয় সামগ্রীৰ পয়োভৰ বৃদ্ধি পাইছে৷ ইয়াৰ পূর্বে এই বিপণীত মেড ইন ইণ্ডিয়াৰ পৰিৱর্তে মেড ইন চাইনাৰ সামগ্রীৰে ভৰি আছিল৷ গৃহ সামগ্রী, জোতা, পুতলা, আ–অলংকাৰ, সাজ–পোছাককে ধৰি ভাৰতীয় উৎপাদিত সামগ্রীসমূহে চীনা সামগ্রীৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে৷ অকল আমেৰিকাতেই নহয়, কানাডা, মেক্সিকো, গ্রেট ব্রিটেইন আদিৰ ৱালমার্টৰ বিপণীতো ভাৰতীয় সামগ্রীৰ দপদপনি বৃদ্ধি পাইছে৷ মন কৰিবলগীয়া ভাৰতীয় সামগ্রীৰ উৎপাদিত ব্যয় মূল্য কম হোৱাৰ পৰিপ্রেক্ষিততে আমেৰিকা যুক্তৰাষ্ট্রই এই সামগ্রীৰ প্রতি গুৰুত্ব দিয়াই নহয় আমদানিত প্রাধান্য দিছে৷ ভাৰতৰ পৰা সামগ্রী আমদানিৰ ক্ষেত্রত আমেৰিকাই চীনৰ তুলনাত পৰিবহণ ব্যয় কম হোৱাৰ বাবেই এই পদক্ষেপ গ্রহণ কৰিছে৷ ঠিক তেনেদৰে চীনা সামগ্রীৰ মানৰ ক্ষেত্রতো ভাৰতীয় সামগ্রীয়ে কিছু অগ্রগতি লাভ কৰাত আমেৰিকাই ভাৰতীয় সামগ্রীৰ প্রতি গুৰুত্ব দি আছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ বাণিজ্য বিশেষজ্ঞই প্রকাশ কৰা মতে মেড ইন চাইনা সামগ্রীৰ প্রতি পশ্চিমীয়া গ্রাহকৰ আকর্ষণ হ্রাস পোৱাৰ পৰিপ্রেক্ষিততে ভাৰতীয় সামগ্রীয়ে সেই বজাৰ দখল কৰিবলৈ সক্ষম হৈছে৷
#বাৰ্তা ডেস্ক