অবিশ্বাস্য ! জার্মানীত ২০০০ টকাত বিক্রী অসমৰ ৬টা নেমু
🔹 বায়’ফেক ট্রেডফেয়াৰত সমাদৰ মেৰাপানীত উৎপাদিত পাচলিৰ
নিয়মীয়া বার্তা, মেৰাপানী, ৩ মার্চ : অসমৰ জাতীয় ফল হিচাপে স্বীকৃতি লাভ কৰা অসমৰ নেমুৱে বিশ্বত সৃষ্টি কৰিছে চাঞ্চল্য৷ অবিশ্বাস্য যেন লাগিলেও সত্য যে অসমত উৎপাদিত মাত্র ছয়টা নেমু দুই হাজাৰ টকাত বিক্রীৰ খবৰে কৃষকৰ বাবে শুভ সংবাদ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ এই নিলাম হৈছে সুদূৰ ইউৰোপ মহাদেশৰ জার্মান ৰাষ্ট্রত অনুষ্ঠিত জার্মানী বায়’ফেক ট্ৰেডফেয়াৰ ২০২৫ত ৷ ১১ৰ পৰা ১৪ ফেব্রুৱাৰীলৈকে বিশ্বৰ ৯৫খন ৰাষ্ট্রৰ আন্তঃৰাষ্ট্রীয় কৃষক, উৎপাদক আৰু বিতৰকৰ মাজত জার্মানীত অনুষ্ঠিত বায়’ফেক ট্ৰেডফেয়াৰত ভাৰতৰ হৈ অংশগ্রহণ কৰি অসমৰ গোলাঘাট জিলাৰ মেৰাপানীৰ পদুম পথাৰ জৈৱিক কৃষি উৎপাদন কোম্পানীয়ে এই কৃতিত্ব আর্জিবলৈ সক্ষম হৈছে৷ অসম চৰকাৰৰ উদ্যান শস্য আৰু খাদ্য সংসাধনৰ সঞ্চালক নৃপেন চন্দ্র দাস আৰু MOVCDNERৰ ৰাজ্যিক ন’বেল বিষয়া লক্ষী দত্তৰ তত্ত্বাৱধানত জার্মান বায়’ফেক ট্ৰেডফেয়াৰত অংশগ্রহণ কৰিছিল অসমৰ তিনিজন কৃষক ক্রমে পদুম পথাৰ জৈৱিক কৃষি উৎপাদন কোম্পানীৰ অধ্যক্ষ তথা ৰাষ্ট্রীয় বঁটাপ্রাপক যুৱ কৃষক অঞ্জল লিম্বু, বোকাখাত জৈৱিক কৃষি উৎপাদন কোম্পানীৰ অধ্যক্ষ প্রহ্লাদ বৈষ্ণৱ বৰুৱা আৰু ভেৰগাঁও জৈৱিক কৃষি উৎপাদন কোম্পানীৰ অধ্যক্ষ কমলেশ্বৰ বড়োৱে৷ ভাৰতৰ হৈ অসমৰ পৰা প্রতিনিধিত্ব কৰা কৃষকৰ দলটোৱে অসমৰ মাটিত জৈৱিক পদ্ধতিৰে উৎপাদন কৰা আদা, হালধি, জালুক, কাজিনেমু, অমিতা, ৰঙালাউ আৰু কলৰ লগতে বিভিন্ন শাক–পাচলিৰ সম্ভাৰেৰে উপস্থিত হৈছিল জার্মান বায়’ফেক ট্ৰেডফেয়াৰত৷ উক্ত ট্ৰেডফেয়াৰতে অসমৰ মাত্র ছয়টা কাজিনেমু জার্মানীত মূল্য ২০ ইউৰোত বিক্রী হৈছে, যাৰ ভাৰতীয় মূল্য প্রায় দুই হাজাৰ টকা৷ এই বাণিজ্য মেলাত ফ্রান্সৰ এগৰাকী বিতৰকে ৬টা কাজিনেমু উচ্চ দৰত ক্রয় কৰি ইয়াৰ ভৱিষ্যৎ ৰপ্তানিৰ ক্ষেত্রত অসমৰ কৃষকৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে৷ উল্লেখ্য যে অসমৰ ভূমিত জৈৱিক পদ্ধতিৰে উৎপাদন কৰা বিভিন্ন কৃষিজাত শাক–পাচলিয়ে বিশ্বৰ বহিঃৰাষ্ট্রত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ জৈৱিকতাৰ গুণাগুণ পৰীক্ষাৰ পিছত বহিঃৰাষ্ট্রসমূহত অসমৰ জৈৱিক উৎপাদিত সামগ্রীৰ প্রচুৰ ৰপ্তানিৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ উল্লেখ্য যে কিছু বছৰৰ পূর্বে অঞ্জল লিম্বু, সঞ্জিত বিশ্বকর্মা আদিৰ দৰে কেইজনমান যুৱ কৃষকৰ নেতৃত্বত আৰম্ভ হোৱা গোলাঘাট জিলাৰ পদুম পথাৰ জৈৱিক কৃষি উৎপাদন কোম্পানীয়ে নতুন সম্ভাৱনাৰে বৃহৎ কৃষি উদ্যোগ গঢ়ি তুলি গুৱাহাটী-–ডিব্রুগড়ৰ পৰা আৰম্ভ কৰি জাগীৰোড, গোলাঘাট-যোৰহাট আদি স্থানীয় বজাৰসমূহৰ লগতে ছৌদি আৰব, ডুবাই আদি স্থানলৈ জৈৱিক পদ্ধতিৰে উৎপাদিত বিভিন্ন কৃষিজাত সামগ্রী যোগান ধৰিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ চলিত বর্ষতেই বহিঃৰাজ্য ওড়িশা, মহাৰাষ্ট্র আৰু হায়দৰাবাদলৈ জৈৱিক উৎপাদিত ৪০০ মেট্ৰিকটন নাডিয়া জাতৰ আদা আৰু মিজোৰাম আৰু ওড়িশালৈ ৫০ মেট্ৰিকটন মেঘা–১ জাতৰ হালধি ৰপ্তানি কৰাৰ চুক্তি সম্পন্ন কৰিছে৷ জানিব পৰা মতে, বর্তমান পদুম পথাৰ জৈৱিক কৃষি উৎপাদন কোম্পানীয়ে ৭০ বিঘা মাটিত ৰঙালাউৰ খেতি কৰি ২০০০ কুইণ্টল ৰঙালাউ উৎপাদন কৰি স্থানীয় বজাৰত বিক্রী কৰি আছে৷ পদুমপথাৰ জৈৱিক কৃষি উৎপাদন কোম্পানীৰ অধ্যক্ষ অঞ্জল লিম্বুই সদৰী কৰা মতে, বর্তমান ১৫০০গৰাকী কৃষকৰ দ্বাৰা উৎপাদন সমৃদ্ধ কোম্পানীটোৱে অঞ্চলটোত ১৫০০ হেক্টৰ মাটিত জৈৱিক পদ্ধতিৰে বিভিন্ন শস্যৰ উৎপাদনত ব্যস্ত হৈ পৰিছে যদিও তেওঁলোকৰ উৎপাদিত সামগ্রীসমূহ বিক্রীৰ ক্ষেত্রত যি মূল্য পাব লাগিছিল সেই মূল্য লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ কিন্তু তেওঁলোকে ভবা মতে বহিঃৰাষ্ট্রত অসমৰ জৈৱিক কৃষি যোগান ধৰাৰ সুবিধা লাভ কৰিলে ই অসমৰ কৃষি অর্থনীতিত যোগাত্মক প্রভাৱ পেলাৱ৷ শেহতীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিত্তমন্ত্রী অজন্তা নেওগ আৰু কৃষিমন্ত্রী অতুল বৰাৰ প্রচেষ্টাত ভাৰতৰ হৈ জার্মান বায়’ফেক ট্ৰেডফেয়াৰ–২০২৫ত অংশগ্রহণ কৰাত বিশ্বৰ বিভিন্ন ৰাষ্ট্রই অসমৰ জৈৱিক কৃষিৰ উৎপাদিত সামগ্রীৰ নমুনা সংগ্রহ কৰিছে৷ সেই নমুনাসমূহৰ জৈৱিক গুণাগুণ পৰিকল্পনাৰ পিছত ৰাষ্ট্রসমূহে অসমৰ জৈৱিক উৎপাদিত শস্য ক্রয় কৰিবলৈ আগবাঢ়ি আহিলে অসমত ‘পথাৰ আমাৰ বজাৰ আমাৰ’ নীতি প্রযোজ্য হ’ব বুলি আশা কৰিছে৷