নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিত উলাহ-মালহৰে স্বাধীনতা দিৱস পালনঃ স্বাধীনতাই দেশক দুশ বছৰীয়া পৰাধীনতাৰ গ্লানিৰ পৰা মুক্ত কৰিছেঃ পৰেশ বৈশ্য

বিশেষ বাৰ্তা, ১৬ আগষ্টঃ প্ৰায় দুশ বছৰ ভাৰতক পৰাধীন কৰি ৰখা বৃটিছে ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতক স্বাধীনতা দি পৰাধীনতাৰ গ্লানিৰ পৰা দেশখনক মুক্ত কৰে । কিন্ত দেশ স্বাধীনতাৰ প্ৰাকক্ষণত দেশ বিভাজনৰ জৰিয়তে ভাৰত আৰু পাকিস্তানৰ মাজত ঘৃণা আৰু তিক্ততাৰ জন্ম দি থৈ গ’ল। ১৫ আগষ্টত শুৱালকুছি সনাতন বালিকা প্ৰাথমিক বিদ্যালয়ত স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে আয়োজিত “স্বাধীনতাৰ মেল”অনুষ্ঠানত ভাগ লৈ বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্য ই এই দৰে কয়। তেওঁ আৰু কয় যে বৃটিছৰ দেশ বিভাজনৰ বলি হৈ হাজাৰ হাজাৰ লোকে প্ৰাণাহুতি দিব লগা হ’ল।মানুহৰ সা-সম্পত্তিৰ ক্ষতি হ’ল। আনকি স্বাধীনতাৰ প্ৰাক ক্ষণত সাম্প্ৰদায়িক সংঘৰ্ষ ই তীব্ৰ ৰূপ ধাৰণ কৰে। প্ৰায় কুৰি বছৰৰো অধিক কাল দেশৰ স্বাধীনতা আন্দোলনক সবল নেতৃত্ব দিয়া জাতিৰ পিতা মহাত্মা গান্ধীয়ে বেজাৰতে স্বাধীনতা লাভৰ আনন্দ উৎসৱৰ পৰা বিৰত থাকিব লগা হৈছিল। তেওঁ আৰু কয় যে এনেবোৰ নেতিবাচক কথা থকা স্বত্বেও দেশৰ স্বাধীনতা লাভৰ সুফল দেশবাসীয়ে নোপোৱা নহয়। দেশৰ ভৱিষ্যতৰ নিয়ন্ত্ৰণ আৰু নিৰ্মাণৰ ক্ষমতা দেশবাসীৰ হাতলৈ আহে। ভাৰতে সাৰ্বভৌমত্ব লাভ কৰে। আনহাতে স্বাধীনতাৰ সংগ্ৰামে দেশবাসীক অনৈক্যৰ মাজতো ঐক্য সংহতি অটুট ৰাখিবলৈ শক্তি দি গ’ল। আনহাতে মহাত্মা গান্ধীয়ে অহিংসৰ শক্তি হিংসাতকৈও যে অধিক সবল তাকো বিশ্ববাসীক প্ৰমাণ দি থৈ গ’ল। অনুষ্ঠানত শুৱালকুছি সনাতন বালিকা প্ৰাথমিক বিদ্যালয়ৰ সভাপতি প্ৰশান্ত ভৰালী, বিশিষ্ট সমাজকৰ্মী সনক দাস প্ৰমুখ্যে ভালে সংখ্যক অভিভাৱক উপস্থিত থাকে। আৰম্ভণিতে অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে শুৱালকুছি সনাতন বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শেৱালী বৈশ্যই। ইয়াৰ আগেয়ে পুৱা বিদ্যালয় চৌহদত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে শিক্ষাবিদ পৰেশ বৈশ্যই। শুৱালকুছিৰ আগশাৰীৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ কালিৰাম কাৰিকৰ হাইস্কুলৰ প্ৰধান শিক্ষক দিবাকৰ কলিতাই দেশৰ ৭৬সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি স্বাধীনতাৰ সংগ্ৰামত প্ৰাণ আহুতি দিয়া সকল গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰি যুৱ প্ৰজন্মক দেশখন উন্নতিৰ শিখৰলৈ আগবঢ়াই নিবলৈ আহ্বান জনায়৷ স্বাধীনতা সংগ্ৰামীসকলৰ জীৱনগাথাসমুহো ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰিবলৈ তেওঁ কয়৷ শুৱালকুছিৰ অন্যান্য শিক্ষানুস্হান, অনুস্হান, প্ৰতিষ্ঠান, সমবায়, চৰকাৰী কাৰ্যালয়, ৰাজহুৱা স্হান সমুহতো বিভিন্ন কাৰ্যক্ৰমণিকাৰে উলাহ মালহৰে স্বাধীনতা দিৱস উদযাপন কৰা হয়৷

প্ৰেৰক দিলীপ মেধি

You might also like