বিশেষ বাৰ্তা, ১৬ আগষ্ট : অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল তথা মৰিয়নিৰ গৌৰৱ হেঙুল থিয়েটাৰক ১৫ আগষ্টত স্বাধীনতা দিৱসৰ দিনা প্ৰশাসনে সম্বৰ্ধনা জনায় । বিগত প্ৰায় চাৰিটা দশকজুৰি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়াই অহা অৱদানৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা এই সম্বৰ্ধনা জনোৱা হয় । মৰিয়নিৰ বাপুজী ষ্টেডিয়ামৰ মৰিয়নি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভ্ৰাম্যমাণ নাট্যদলটোলৈ জনোৱা সম্বৰ্ধনা হেঙুলৰ হৈ গ্ৰহণ কৰে হেঙুলৰ প্ৰযোজক-পৰিচালক সংকল্পজিত হাজৰিকা (বাবলু)ই । মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু ৰাজহ চক্ৰ বিষয়া কুইন গগৈয়ে এই সম্বৰ্ধনা প্ৰদান কৰে। গামোচা, সম্বৰ্ধনা পত্ৰ আদিৰ সম্বৰ্ধনা গ্ৰহণ কৰি হেঙুল থিয়েটাৰৰ প্ৰযোজক সংকল্পজিত হাজৰিকাই এনে সন্মানে আমাক সাহস যোগোৱাৰ লগতে অধিক দায়বদ্ধ কৰি তোলে বুলি মন্তব্য কৰে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া