নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট : দেশৰ ৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে জোনাই মহকুমা প্ৰশাসনৰ উদ্যোগত তথা ৰাইজৰ সহযোগত দেওবাৰে পুৱা ৮.৩০ বজাত জোনাই বজাৰত স্বচ্ছতা অভিযান চলোৱা হয় ৷ পুৱাৰ পৰা আৰম্ভ কৰা এই স্বচ্ছতা অভিযানৰ সময়ত জোনাই মহকুমাধিপতি শান্তনু গগৈৰ লগতে মহকুমা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলে হাতে হাতে ঝাড়ু লৈ জোনাই বজাৰ এলেকাৰ ৰাজহুৱা স্থানসমূহৰ পথৰ কাষত জমা হোৱা জাবৰ-জোঁথৰ চাফা কৰি পৰিষ্কাৰ কৰে ৷ এই অভিযানত মহকুমা প্ৰশাসনৰ প্ৰায় সকলো বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে৷
প্ৰেৰক কৰবী দলে