দিছপুৰৰ মছনদ দখলৰ সমীকৰণঃ জয়ৰ সম্ভাৱনা থকা নির্দলীয় প্রার্থীৰে যোগাযোগ বিজেপি–কংগ্রেছৰ
নিয়মীয়া বাৰ্তা ৩০ এপ্ৰিলঃ বিধানসভা নির্বাচনৰ ভোটগণনালৈ মাজত মাত্র দুটা দিন বাকী৷ মিত্রজোঁট–মহাজোঁট উভয় শিবিৰেই আজিৰ দিনটোতো অসমত পৰৱর্তী চৰকাৰ তেওঁলোকেই গঠন কৰিব বুলি আশাবাদী হৈ আছে৷ অৱশ্যে একে সময়তে বিজেপিৰ হর্ছ ট্রেডিঙৰ ভূতে খেদি ফুৰিছে মহাজোঁটক৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়াৰ পৰা আৰম্ভ কৰি অংশীদাৰ দল আঞ্চলিক গণ মর্চাৰ মুখ্য আহ্বায়ক অজিত কুমাৰ ভূঞালৈকে সকলোৱে বিজেপিৰ হর্ছ ট্রেডিঙৰ শংকা অস্বীকাৰ কৰা নাই৷
ইয়াৰ বিপৰীতে মহাজোঁটৰ দ্বিতীয় বৃহত্তম দল এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল, কংগ্রেছ সাংসদ আব্দুল খালেক আদিয়ে বিজেপি, অগপ, ইউ পি পি এলৰ একাংশ প্রার্থীৰ সৈতে যোগাযোগত থকাৰ বিষয়ে উল্লেখ কৰি মহাজোঁটেও যে হর্ছ ট্রেডিঙত হাত উজান দিছে, তাৰেই ইংগিত দিছে৷ হর্ছ ট্রেডিঙৰ এনে কচৰৎ অব্যাহত থকাৰ সময়তে প্রতিদ্বন্দ্বিতালৈ অহাৰ সম্ভাৱনা থকা একাংশ নির্দলীয় প্রার্থীৰ সৈতে বিজেপি আৰু কংগ্রেছ উভয় দলেই পূর্ণ যোগাযোগ ৰখাৰ খবৰ পোৱা গৈছে৷
এইক্ষেত্রত পশ্চিম বিলাসীপাৰা সমষ্টিৰ নির্দলীয় প্রার্থী, প্রাক্তন বিধায়ক আলী আকবৰ মিঞাৰ প্রসংগ উল্লেখনীয়৷ এইবাৰ সমষ্টিটো মহাজোঁটে অংশীদাৰ দল এ আই ইউ ডি এফক এৰি দিছে যদিও নির্দলীয় হিচাপে অৱতীর্ণ হোৱা মিঞাৰ সৈতে কংগ্রেছ নেতা আব্দুল খালেক, ৰকিবুল হুছেইন, ভূপেন কুমাৰ বৰা আদিয়ে সঘন যোগাযোগ অব্যাহত ৰাখি নির্বাচনত জয়লাভ কৰিলেই কংগ্রেছৰ সহযোগী সদস্য হোৱাৰ প্রস্তাৱ আগবঢ়োৱাৰ বিষয়ে জানিব পৰা গৈছে৷ একেদৰে বিজেপিৰ তৰফৰ পৰাও মিঞাৰ সৈতে একাংশ নেতাই যোগাযোগ ৰক্ষা কৰি চলাৰ খবৰ লাভ কৰা গৈছে৷
এই সম্পর্কত মিঞাৰ সৈতে যোগাযোগ কৰাত তেওঁ কয় যে এ আই ইউ ডি এফৰে মিত্রতাৰ বিৰোধিতা কৰি তেওঁ নির্দলীয় হিচাপে নির্বাচনত অৱতীর্ণ গৈছে৷ কিন্তু কংগ্রেছত তেওঁৰ বহু বন্ধু আছে৷ সেইদৰে এসময়ত তেওঁ অগপত আছিল৷ অগপত থকা অৱস্থাত সেই দলটোৰো বহুতৰে সৈতে তেওঁৰ বন্ধুত্ব হৈছিল৷ সেইসকল অগপ নেতাৰো বহুজন এতিয়া বিজেপিৰ নেতা৷ সেয়ে কংগ্রেছেই হওক, বিজেপিয়েই হওক, অগপই হওক, তেওঁলোকৰ বহুতৰে সৈতে তেওঁৰ এতিয়াও ব্যক্তিগত সম্পর্ক আছে আৰু সেইসূত্রে নিয়মিত যোগাযোগ হৈ থাকে৷ সেই সম্পর্ক ৰাজনৈতিক নীতি–আদর্শৰ ঊর্ধ্বত৷ তাৰ সৈতে ৰাজনীতিৰ কোনো সম্পর্ক নাই৷
ইপিনে বিজেপি আৰু কংগ্রেছৰ সূত্রৰ পৰা জানিব পৰা অনুসৰি দুয়োটা দলেই দিছপুৰৰ মছনদ দখলৰ সমীকৰণেৰে নির্দলীয় প্রার্থীৰ লগতে দুই–এজন বিধায়ক জয়ী হৈ অহাৰ সম্ভাৱনা থকা দলীয় প্রার্থীক সহজ লক্ষ্য কৰি লৈছে৷ দলত্যাগবিৰোধী আইনৰ আওতাত নপৰাকৈ নির্বাচিত জনপ্রতিনিধিক নিজৰ পক্ষলৈ সহজে আনিব পৰাৰ স্বার্থতে এই পদক্ষেপ গ্রহণ কৰিছে৷