ইন্দোৰত আজি ভাৰত-অষ্ট্ৰেলিয়াৰ দ্বিতীয় এদিনীয়া
বিশেষ বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩খন মেচৰ এদিনীয়া শৃংখলা সাৱলীল আৰম্ভ কৰি প্ৰথমখন মেচত ৫ উইকেটত জয়লাভ কৰে ভাৰতে। এতিয়া এই শৃংখলাৰ দ্বিতীয়খন খেল আজি ইন্দোৰৰ হোলকাৰ ক্ৰিকেট ষ্টেডিয়ামত দুয়োটা দলৰ মাজত অনুষ্ঠিত হ’ব। এই মেচত জয়ী হৈ ছিৰিজত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰাৰ সুযোগ পাব টীম ইণ্ডিয়াই। মোহালি এদিনীয়াত ভাৰতৰ পৰা বলিং আৰু বেটিং দুয়োটা বিভাগতে এক সুন্দৰ প্ৰদৰ্শন দেখা গৈছিল। ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ কথা মনত ৰাখি দুয়োটা দলে এই মেচৰ বাবে দলত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। ভাৰতে হয়তো এই মেচত প্ৰথমখন মেচত বাহিৰত বহি থকা মহম্মদ চিৰাজক উভতাই আনিব পাৰে। যাৰ বাবে যশপ্ৰীত বুমৰাহে ঠাই এৰি দিব লাগিব।মোহালিৰ এদিনীয়া খেলখনত মহম্মদ ছামিয়ে ৫টা উইকেট দখল কৰি টীম ইণ্ডিয়াৰ হৈ বলিঙত প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে। এনে পৰিস্থিতিত বিশ্বকাপৰ পূৰ্বে তেওঁৰ ফৰ্ম বিবেচনা কৰিলে তেওঁক দলৰ পৰা আঁতৰাই ৰখাটো সহজ নহয়। অষ্ট্ৰেলিয়াৰ কথা ক’বলৈ গ’লে মোহালি এদিনীয়াত বেটিং আৰু বলিং দুয়োটা বিভাগতে হতাশ হৈছিল দলটোৱে। ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন মেচ বেটিং সহায়ক হব পাৰে। এনে পৰিস্থিতিত টছত জয়ী হোৱা দলটোৱে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত ল’ব পাৰে যাতে টাৰ্গেটটো সহজে খেদিব পৰা যায়। ইয়াত প্ৰথম ইনিংছৰ গড় স্ক’ৰ এতিয়ালৈকে ৬খন এদিনীয়া মেচত ৩২০ ৰান হৈছে।