বিশেষ বাৰ্তা, ২৭ মেঃ তিস্তাৰ জলক লৈ বাংলাদেশ আৰু ভাৰতৰ মাজত বহুদিন ধৰি সম্পৰ্ক তিক্ত আছিল। কেৱল তিস্তা নহয়, গংগা, ব্রহ্মপুত্রও এই দুই দেশৰ মাজেৰে বৈ গৈছে। বাংলাদেশৰ উপৰিও নেপাল, ভুটান, ম্যানমাৰ, থাইলেণ্ডৰ দৰে দক্ষিণ- পূব এছিয়াৰ দেশবোৰৰ সৈতে নদী কেন্দ্রিক সম্পর্ক মজবুত কৰিবলৈ বিগত তিনি বছৰ ধৰি এনডিএআই নামৰ এটা সতন্ত্র সংস্থাই এখন আন্তর্জাতিক নদী সন্মিলনৰ (NADI Conclave) আয়োজন কৰি আহিছে। তৃতীয় বছৰৰ এই সন্মিলন অনুষ্ঠিত হ’ব গুৱাহাটীত। কাইলৈ কেন্দ্ৰীয় বিদেশ মন্ত্রী এছ জয়শংকৰে উদ্বোধন কৰিবলগীয়া এই সন্মিলনত উপস্থিত থাকিব বাংলাদেশ আৰু থাইলেণ্ডৰ বিদেশ মন্ত্ৰীসকল। প্রতিবেশী দেশবোৰৰ সৈতে যোগাযোগ, সংস্কৃতি ৰক্ষা, বাণিজ্য, গংগা-ব্রহ্মপুত্র-মেঘনা অববাহিকাৰ সংৰক্ষণ ইত্যাদিৰ ওপৰত জোৰ দিয়া হ’ব। অহা ২৮ আৰু ২৯ মে’ত এই সন্মিলন অনুষ্ঠিত হব। যোৱা দুবাৰ সন্মিলন শ্বিলং আৰু ঢাকাত অনুষ্ঠিত হৈছিল। অনুষ্ঠানত অসমৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মা, বাংলাদেশৰ বিদেশ মন্ত্রী ডঃ এ কে আব্দুল মোমেন, থাইলেণ্ডৰ বিদেশ মন্ত্রী তথা আন দেশবোৰৰ হাই কমিছনাৰ সকলেও অংশগ্ৰহণ কৰিব। সন্মিলনৰ শেষৰ দিনা অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্রীয় অর্থমন্ত্রী নির্মলা সীতাৰমন।