নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্দান্ত জয়েৰে এছিয়া কাপৰ ফাইনেলত ভাৰত

বিশেষ বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ টীম ইণ্ডিয়াই প্রথমটো দল হিচাপে এছিয়া কাপৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছে৷ কলম্বোত অনুষ্ঠিত ছুপাৰ ফ’ৰৰ গুৰুত্বপূর্ণ মেচখনত ভাৰতীয় দলটোৱে প্রতিযোগিতাখনৰ যুটীয়া আয়োজক শ্রীলংকাক ৪১ ৰানত পৰাস্ত কৰে৷ মন কৰিবলগীয়া যে ছুপাৰ ফ’ৰৰ প্রথমখন মেচত টীম ইণ্ডিয়াই চিৰপ্রতিদ্বন্দ্বী পাকিস্তানক পৰাস্ত কৰিছিল৷ কালিৰ মেচখনত ভাৰতে জয়ৰ বাবে বান্ধি দিয়া ২১৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ডুনিথ ৱেলালাগেৰ অপৰাজিত ৪২ আৰু ধনঞ্জয় ডি ছিলভাৰ ৪১ ৰানৰ সহায়ত শ্রীলংকাই ৪১.৩ অ’ভাৰত ১৭২ ৰানহে কৰে৷ ভাৰতীয় দলটোৰ হৈ কুলদীপ যাদৱে সর্বাধিক চাৰিটা উইকেট লাভ কৰাৰ লগতে বুমৰাহ আৰু জাদেজা উভয়ে দুটাকৈ তথা ছিৰাজ আৰু পাণ্ডিয়া উভয়ে এটাকৈ উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি ডুনিথ ৱেলালাগে আৰু চৰিথ আছালাংকাৰ বিধ্বংসী বলিঙৰ ভাৰতীয় দলটোৱে বেটিং বিপর্যয় হৈ ৪৯.১ অ’ভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২১৩ ৰান কৰিবলৈ সক্ষম হয়৷ অধিনায়ক ৰোহিত শর্মাৰ বাহিৰে বাকীসকল বেটাৰ দীঘলীয়া ইনিংছ খেলাত ব্যর্থ হয়৷ ৰোহিতে ৪৮টা বলত ৫৩ ৰানৰ অৰিহণা আগবঢ়ায়৷ লোকেশ ৰাহুলে ৩৯, ঈশান কিশনে ৩৩, অক্ষৰ পেটেলে ২৬ আৰু শুভমন গিলে ১৯ ৰান কৰাৰ বিপৰীতে বিৰাট কোহলিয়ে ৩, হার্দিক পাণ্ডিয়াই ৫ আৰু জাদেজাই মাত্র ৪ ৰান কৰি পেভিলিয়নমুখী হয়৷ শ্রীলংকাৰ হৈ ডুনিথ ৱেলালাগেই সর্বাধিক ৫টা উইকেট লাভ কৰাৰ লগতে চৰিথ আছালাংকাই ৪টা আৰু মহীশ থীকছানাই এটা উইকেট লাভ কৰে৷ ভাৰত ছুপাৰ ফ’ৰৰ অন্তিমখন মেচত বাংলাদেশৰ মুখামুখি হ’ব৷

You might also like