নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰ সৈতে ‘ইণ্ডিয়া’ই কোনো মহাজোঁটত মিলিত নহয়

🔹 ইউডিএফৰ আশাত চেঁচাপানী জিতেন্দ্র সিঙৰ
ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ আগষ্ট : অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ ওপৰত নিখিল ভাৰত কংগ্রেছ কমিটীৰ সম্পূর্ণ আস্থা আছে আৰু ভূপেন বৰাৰ নেতৃত্বতে প্রদেশ কংগ্রেছৰ কাম–কাজ পৰিচালিত হ’ব৷ এই মন্তব্য এ আই চি চিৰ সাধাৰণ সম্পাদক তথা অসম প্রদেশ কংগ্রেছ কমিটীৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙৰ৷ কালি নতুন দিল্লীত এক সংবাদ মেলত সিঙে কয় যে কোনো পক্ষই বিভ্রান্তি সৃষ্টিৰ বাবে অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি সলনি হ’ব বুলি উৰাবাতৰি প্রচাৰ কৰিছে৷ সংবাদ মেলখনত তেওঁ আৰু কয় যে নিখিল ভাৰত কংগ্রেছ কমিটীয়ে অসমৰ ১২টা বিৰোধী দলে গঠন কৰা বিৰোধী ঐক্য মঞ্চক লৈয়ে ‘ইণ্ডিয়া’ৰ কাম–কাজ পৰিচালনা কৰিব৷ এই সন্দর্ভত ৮ আগষ্টত অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্রত শইকীয়াকে ধৰি জ্যেষ্ঠ নেতাসকলৰ সৈতে এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হ’ব৷ উক্ত বৈঠকত নিখিল ভাৰত কংগ্রেছ কমিটীৰ সভাপতি মল্লিকার্জুন খার্গে, কংগ্রেছ নেতা ৰাহুল গান্ধী, কে চি বেণুগোপালকে দৰি এ আই চি চিৰ বিষয়ববীয়াসকল উপস্থিত থাকিব৷ বৈঠকখনত অসমত কংগ্রেছে বর্তমানলৈ কি কি কৰিছে, অনাগত দিনত দলৰ ৰণনীতি সম্পর্কত বিস্তৃতভাৱে আলোচনা কৰা হ’ব আৰু দলৰ ৰাষ্ট্রীয় এজেণ্ডাৰ বিষয়ে সভাপতি খার্গে আৰু ৰাহুল গান্ধীয়ে ৰাজ্যৰ কংগ্রেছ নেতৃত্বক অৱগত কৰাব৷ এই বৈঠকতে অসমৰ সমস্যাৰ বিষয়ে আলোচনা কৰাৰ লগতে বিৰোধীৰ ৰণকৌশল সম্পর্কতো সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ দেশত সকলো বিৰোধী ঐক্যবদ্ধ হৈ ‘ইণ্ডিয়া’ গঠনৰ পূর্বেই অসমত কংগ্রেছৰ নেতৃত্বত ১২টাকৈ বিৰোধী দল একত্রিত হৈ বিৰোধী ঐক্য গঠনৰ প্রসংগ উল্লেখ কৰি সিঙে কয় যে অসমৰ সুকীয়া ঐতিহ্য আৰু সংস্কৃতি সুৰক্ষিত কৰিবৰ বাবে ৰাজ্যখনত থকা বিৰোধী ৰাষ্ট্রীয় দল, বাঁওপন্থীৰ লগতে অজিত ভূঞা, অখিল গগৈ, লুৰিণজ্যোতি গগৈৰ আঞ্চলিক দলসমূহ একত্রিত হৈছে৷ অজিত ভূঞা, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ আঞ্চলিক দলকেইটাক ‘ইণ্ডিয়া’ত অংশীদাৰ কৰা হ’ব বুলি প্রকাশ কৰে৷ আনহাতে, বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফক কোনো কাৰণতে ‘ইণ্ডিয়া’ৰ অংশীদাৰ নকৰে বুলি স্পষ্ট কৰি দি সিঙে কয় যে আজমলে বিজেপিৰ এজেণ্টৰ দৰে কাম কৰিছে৷ সেয়ে এ আই ইউ ডি এফৰ লগত ‘ইণ্ডিয়া’ই কোনোধৰণৰ মহাজোঁট নকৰে৷ আজমলে ‘ইণ্ডিয়া’ৰ লগত সংযুক্ত হোৱাৰ কথাটো সপোনতে ভাবে বুলি উল্লেখ কৰি সিঙে কয় যে তেওঁলোকে প্রয়োজনত বিজেপিৰ লগত চামিল হওক৷ আজমল জ্যেষ্ঠ নেতা যদিও বিৰোধী ঐক্যত কোনো প্রয়োজন নাই৷ ইয়াৰ বিপৰীতে অখিল গগৈ, লুৰিণজ্যোতি গগৈৰ লগত ইতিমধ্যে বিৰোধী ঐক্য গঠন কৰা ৰাজ্যখনৰ আন দলসমূহৰ লগত একত্রিতভাৱে কংগ্রেছে কাম কৰিব৷ অসমৰ জনতাৰ কণ্ঠ বিৰোধীয়ে তুলি ধৰিবৰ বাবে শীঘ্রে কাম আৰম্ভ কৰি ‘ইণ্ডিয়া’ৰ সহযোগী দলসমূহে বিজেপি দল আৰু চৰকাৰৰ প্রৱঞ্চনা আৰু প্রতাৰণা ৰাইজৰ সন্মুখত উন্মোচন কৰিব৷ অসমৰ চাহ জনগোষ্ঠীকে ধৰি আন আন জনগোষ্ঠীসমূহক জনজাতিকৰণৰ নামত প্রৱঞ্চনা কৰা আৰু বিশেষকৈ চাহ জনগোষ্ঠীক কৰা অৱহেলাৰ বিষয়টো গুৰুত্বসহকাৰে কংগ্রেছ দলে ৰাইজৰ মাজলৈ লৈ যাব৷ ইপিনে, ৰাহুল গান্ধী সন্দর্ভত উচ্চতম ন্যায়ালয়ে দিয়া গুৰুত্বপূর্ণ ৰায় দেশৰ সকলো নাগৰিকে আদৰি লৈছে আৰু এয়া সত্যৰ জয় বুলি উল্লেখ কৰি সিঙে কয় যে বিজেপি চৰকাৰে এখন নিম্ন আদালতৰ ৰায়ত ২৪ ঘণ্টাৰ পিছতে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ লগতে ৰাহুল গান্ধীক চৰকাৰী আৱাস এৰিবলৈ বাধ্য কৰিছিল৷ কিন্তু উচ্চতম ন্যায়ালয়ে দিয়া আদালতৰ ৰায়ত স্থগিতাদেশ জাৰি কৰাৰ তিনি দিন পিছতো সাংসদ পদ ঘূৰাই দিয়াৰ নামেই নোলোৱাত তেওঁ আশ্চর্য প্রকাশ কৰে৷

You might also like