দেশত বিৰোধীৰ উমৈহতীয়া মঞ্চ INDIA
বিশেষ বাৰ্তা, ১৮ জুলাইঃ সমাগত লোকসভা নির্বাচনত শাসনাধিষ্ঠিত বিজেপিক উৎখাতৰ লক্ষ্য বিৰোধীৰ৷ বেংগালুৰুত তাৰেই ৰণনীতি প্ৰস্তুত বিজেপি বিৰোধী ২৬টা দলৰ। সেই অনুসৰি ইউপিএৰ পৰিৱৰ্তে বিৰোধীৰ একত্ৰিত নতুন ৰূপ ইণ্ডিয়া (INDIA)। বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰৰ আহ্বানত ১৬টা বিৰোধী দলে ঐক্যবদ্ধ হোৱাৰ পাছত বেংগালুৰুত কালিৰে পৰা দুদিনীয়াকৈ বিজেপি বিৰোধী দলসমূহ একত্রিত হয়৷ বৈঠকত ২৬ বিৰোধী দলৰ আলোচনা আৰু পৰামর্শৰ ভিত্তিত নতুন বিৰোধী ঐক্যবদ্ধ মঞ্চৰ নাম ‘ইণ্ডিয়া’ (ইণ্ডিয়ান নেচনেল ডেম’ক্রেটিক ইনক্লুচিভ এলায়েন্স) ৰখা হয়৷ কংগ্রেছ নেতৃত্বাধীন পূর্বৰ ইউপিএৰ স্থানত নতুন ঐক্যবদ্ধ বিৰোধীৰ নাম ইণ্ডিয়াৰে বিজেপি নেতৃত্বাধীন এনডিএৰ সৈতে ২০২৪ চনৰ লোকসভা নির্বাচনত অৱতীর্ণ হ’ব৷ বেংগালুৰুৰ বৈঠকত অংশগ্রহণ কৰি বিজেপি নেতৃত্বাধীন এনডিএক পৰাভূত কৰাৰ বাবে ২০২৪ৰ লোকসভা নির্বাচনৰ ৰণনীতি প্রস্তুত কৰে৷ ২০২৪ৰ নির্বাচনত দেশক ৰক্ষা কৰিবলৈ বিৰোধীয়ে বৃহৎ গণ আন্দোলনৰ সূচনা কৰিব এই ‘ইণ্ডিয়া’ৰ জৰিয়তে৷ বৈঠকত কালি এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰ উপস্থিত হ’ব নোৱাৰিলেও আজি বিজেপি বিৰোধী মঞ্চৰ বৈঠকত উপস্থিত থাকি বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজাৰ ৰণত নিজৰ স্থিতি স্পষ্ট কৰে৷ এই বৈঠকত দুখন উপ-সমিতি গঠন কৰাৰ সিদ্ধান্ত লোৱা হয় যদিও সেয়া আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই৷ প্রথম উপ-সমিতিখন গঠন কৰা হ’ব যোগাযোগ ৰক্ষাৰ বিন্দুৰ সৈতে উমৈহতীয়া ন্যূনতম কার্যসূচী চূড়ান্ত কৰাৰ বাবে আৰু আনখন কমিটী গঠন কৰা হ’ব কার্যসূচী, সমদল আৰু অভিৱর্তনৰ কাৰণে যুটীয়া বিৰোধী কার্যসূচী প্রস্তুতৰ বাবে৷ এই দুই উপ–সমিতি গঠনৰ সিদ্ধান্ত লোৱা হয় যদিও সংবাদমেলত এই সন্দর্ভত কোনো আনুষ্ঠানিকতা প্রকাশ নকৰিলে৷ বৈঠকৰ অন্তত সংবাদমেলত ইণ্ডিয়াৰ হৈ প্রথমে কংগ্রেছৰ ৰাষ্ট্রীয় সভাপতি মল্লিকার্জুন খর্গেই বিৰোধী ঐক্যমঞ্চৰ নাম ইউপিএৰ সলনি ইণ্ডিয়া হ’ব বুলি ঘোষণা কৰে৷ সংবাদমেলত খর্গেই মুম্বাইত পৰৱর্তী বৈঠকখন অনুষ্ঠিত হোৱাৰ লগতে দিল্লীত ৱাৰ ৰুম স্থাপন কৰা হ’ব বুলি ঘোষণা কৰে৷ নির্বাচনী প্রচাৰ ৰণকৌশল প্রস্তুতৰ বাবে দিল্লীত ৱাৰ ৰুম স্থাপন কৰা হ’ব বুলি উল্লেখ কৰি খর্গেই মুম্বাইৰ বৈঠকত ইণ্ডিয়াৰ সমন্বয়ক আৰু ইণ্ডিয়াৰ মুৰব্বীৰ নাম চূড়ান্ত কৰা হ’ব বুলিও কয়৷