নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ সপ্তম বৃহৎ কফি উৎপাদক দেশ হিচাপে চিহ্ণিত ভাৰত

তৃষ্ণা দেৱীৰ প্ৰতিবেদন, ২২ জানুৱাৰীঃ ভাৰত বিশ্বৰ সপ্তম বৃহৎ কফি উৎপাদক দেশ হিচাপে চিহ্ণিত হৈছে। FY 2023-24ত দেশখনৰ কফি ৰপ্তানি ১.২৯ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে, যি ২০২০-২১ৰ ৭১৯.৪২ মিলিয়নৰ দ্বিগুণ। ভাৰত উন্নতমানৰ আৰাবিকা আৰু ৰ’বাষ্টা কফি বীজৰ বাবে বিখ্যাত, যিবোৰ প্ৰধানকৈ কৰ্ণাটক, কেৰালা আৰু তামিলনাডুত উৎপাদিত হয়। দেশখনৰ বিশেষ জলবায়ু আৰু বৈচিত্ৰ্যময় ভূগোল কফি, চাহৰ বাবে অতি উপযোগী, যি কফিৰ গুণগত মানৰ সৈতে বিশ্ববজাৰত যথেষ্ট চাহিদা সৃষ্টিৰ বাবে সহায়ক। উন্নতমানৰ কফি উৎপাদনৰ বাবে ভাৰতে বিশ্বজুৰি গুৰুত্বপূর্ণ স্থান লাভ কৰিছে। বিশেষকৈ কৰ্ণাটক, কেৰালা আৰু তামিলনাডুৰ উৎপাদিত কফি বিশ্ববজাৰত উচ্চ প্ৰশংসা লাভ কৰিছে। ইয়াৰ ফলত ভাৰতীয় কফিৰ চাহিদা দিনকদিনে বৃদ্ধি পাইছে, দেশখনৰ কফি উদ্যোগৰ বাবে এটা উজ্জ্বল ভবিষ্যত সূচিত কৰিছে।

You might also like