নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিফা বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ মেচত কাটাৰৰ হাতত পৰাস্ত ভাৰত

বিশেষ বাৰ্তা, ২১ নৱেম্বৰঃ ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত কাটাৰৰ বিৰুদ্ধে ফিফা বিশ্বকাপ ২০২৬ৰ দ্বিতীয়খন কোৱালিফায়াৰ মেচত ভাৰতীয় ফুটবল দল ০-৩ গ’লত পৰাস্ত হয়। ইয়াৰ পূৰ্বে সুনীল ছেত্ৰীৰ অধিনায়কত্বত থকা ভাৰতীয় ফুটবল দলটোৱে কুৱেইটৰ বিৰুদ্ধে খেলা খেলখনত জয়লাভ কৰিছিল। কাটাৰৰ বিৰুদ্ধে খেলখনত টীম ইণ্ডিয়াই কোনো গ’ল দিব নোৱাৰিলে। কোনো গল স্কৰ নকৰাকৈয়ে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ব্লু টাইগাৰ্ছ। ভাৰতীয় দলৰ বাবে খেলখনৰ আৰম্ভণি ভাল নহ’ল। বিপক্ষ কাটাৰে মেচখনৰ আৰম্ভণিতে অৰ্থাৎ চতুৰ্থ মিনিটতে এটা গ’ল দিয়ে। কাটাৰৰ মুস্তাফা মাছালে চতুৰ্থ মিনিটত নিজৰ দলৰ আৰু মেচখনৰ প্ৰথমটো গ’ল দিয়ে। ইয়াৰ পিছত ভাৰতীয় দলটোৱে কাটাৰক ঠেলি দি প্ৰথমাৰ্ধলৈকে দ্বিতীয়টো গ’ল দিবলৈ নিদিলে। এইদৰে প্ৰথমাৰ্ধৰ পাছতো কাটাৰ ১-০ গ’লত আগবাঢ়ি থাকে। কিন্তু দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে দ্বিতীয়টো গ’ল কাটাৰে কৰে। দ্বিতীয়াৰ্ধ আৰম্ভ হোৱাৰ মাত্ৰ ২ মিনিট পিছত অৰ্থাৎ ৪৭ মিনিটত আলমোজ আলীয়ে কাটাৰৰ হৈ দ্বিতীয়টো গ’ল দিয়ে। ইতিমধ্যে বিপদত পৰা টীম ইণ্ডিয়াৰ অসুবিধা আৰু বাঢ়িল। এতিয়া বিৰোধী দল কাটাৰ ২-০ গ’লত আগবাঢ়ি আছিল। যদিও ইয়াৰ পিছত ভাৰতৰ বাবে কিছু সুযোগ সৃষ্টি হ’ল, কিন্তু সেয়া গ’ললৈ ৰূপান্তৰিত কৰিব পৰা নগ’ল। কাটাৰৰ দ্বিতীয়টো গ’লৰ পাছতে দীৰ্ঘদিন ধৰি কোনো গ’ল নোহোৱাকৈ খেল চলি থাকিল। কিন্তু খেলখন শেষ হোৱাৰ কিছু সময়ৰ পূৰ্বে তৃতীয়টো গ’ল কাটাৰে কৰে। ৮৬ মিনিটত কাটাৰৰ হৈ তৃতীয়টো গ’ল দিয়ে ইউছুফে। কাটাৰৰ এই গ’লৰ পাছত ভাৰতৰ বিজয়ৰ আশা প্ৰায় শেষ হৈ গ’ল। শেষলৈকে কোনো গ’ল দিব নোৱাৰিলে টীম ইণ্ডিয়াই।

#বাৰ্তা ডেস্ক

You might also like