নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত-পাকিস্তানৰ হাইভ’ল্টেজ মেচত বৰষুণৰ সম্ভাৱনা!

বিশেষ বাৰ্তা, ২ ছেপ্টেম্বৰঃ আজি এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব এক মহাৰণ৷ এই মেচখনক লৈ ইতিমধ্যে অনুৰাগীৰ মাজত অব্যাহত আছে ব্যাপক চর্চা৷ অৱশ্যে শ্রীলংকাৰ কেণ্ডীত অনুষ্ঠিত হ’বলগা মেচখনত বৰষুণৰ সম্ভাৱনা প্রবল৷ দুয়ো দলৰ হাইভ’ল্টেজ মেচখনক কেন্দ্র কৰি টিকটৰ চাহিদা বৃদ্ধি পোৱাই নহয়, যিকোনো বিনিময়ত এখন টিকট সংগ্রহ কৰিছে ক্রিকেটপ্রেমীসকলে৷ বতৰ বিজ্ঞান কেন্দ্রই দাবী কৰা অনুসৰি কাইলৈ ইয়াত বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৯০ শতাংশ৷ তদুপৰি খেলৰ সময়ত আকাশত মেঘ থাকিব আৰু প্রতিঘণ্টাত ৩০ কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ সম্ভাৱনা আছে৷ এছিয়া কাপৰ প্রথমখন মেচত নেপালৰ বিৰুদ্ধে জয়লাভ কৰি কাইলৈ গভীৰ আত্মবিশ্বাসেৰে ভাৰতৰ বিৰুদ্ধে অৱতীর্ণ হ’ব পাকিস্তান৷ আনহাতে বৃহস্পতিবাৰে কেণ্ডীত বাংলাদেশ আৰু শ্রীলংকাৰ মাজত অনুষ্ঠিত মেচখনত জয়লাভ কৰিছে শ্রীলংকাই৷ গ্রুপ ‘এ’ত ভাৰত, পাকিস্তান আৰু নেপালে স্থান লাভ কৰিছে৷ কাইলৈ মেচখনত ভাৰতক হৰুৱাই ছুপাৰ ফ’ৰত স্থান নিশ্চিত কৰিব বিচাৰিব পাকিস্তানে৷ তদুপৰি তেওঁলোকে বিচাৰিব নেপালৰ বিপক্ষেও ভাৰত বিজয়ী হওক৷ তেতিয়া ভাৰত আৰু পাকিস্তানৰ ছুপাৰ ফ’ৰ নিশ্চিত হ’ব৷ অৱশ্যে কাইলৈৰ মেচখন দুয়োটা দলৰ বাবে বিশেষভাৱে তাৎপর্যপূর্ণ হ’ব৷ ভাৰতৰ চাৰি নম্বৰ বেটিং ক্রমক লৈ ব্যাপক চিন্তা–চর্চা অব্যাহত থকাৰ মাজতে শ্বাহিনশ্বাহ আফ্রিদীৰ বিৰুদ্ধে ভাৰতীয় বেটাৰসকলে কেনেদৰে প্রত্যুত্তৰ দিয়ে সেয়াও লক্ষণীয়৷ উল্লেখ্য যে এইবাৰ এছিয়া কাপত ৫০ অভাৰৰ মেচ খেলোৱা হৈছে৷ আসন্ন বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখি টি–২০ৰ পৰিৱর্তে অনুষ্ঠিত কৰা হৈছে ৫০ অভাৰৰ মেচ৷ সেইবাবে এছিয়া কাপৰ এইখন মেচ ভাৰত আৰু পাকিস্তানৰ বাবে বিশ্বকাপৰ ড্রেছ ৰিহার্ছেল ৰূপে পৰিগণিত হ’ব৷ অধিনায়ক বাবৰ আজমে প্রথমখন মেচতে দুর্দান্ত ফর্মৰ ইংগিত দিছে৷ ইয়াৰ বিপৰীতে যশপ্রীত বুমৰাহৰ প্রত্যাৱর্তনে ভাৰতীয় দলৰ শক্তি বৃদ্ধি কৰিব৷ অৱশ্যে অনুৰাগীৰ মাজত প্রবল আগ্রহ থাকিলেও মেচখনত বতৰে আশংকাৰ সৃষ্টি কৰিছে৷ এনে অৱস্থাত দুয়োটা দলে কমেও ২০ অভাৰকৈ খেলাৰ সুযোগ পালেহে খেলৰ ফলাফল নির্ণীত হ’ব৷ মেচখনত জয়লাভ কৰিলে পাকিস্তানৰ ছুপাৰ অভাৰত প্রৱেশ কৰাটো নিশ্চিত হ’ব৷ কিন্তু পৰাজিত হ’লে ভাৰতৰ পৰৱর্তী মেচখনৰ ফলাফললৈ অপেক্ষা কৰিব লাগিব দলটোৱে৷ কাইলৈ দুয়োটা দলে ২০ অভাৰকৈ বেটিং কৰিবলৈ সুযোগ নাপালে পৰিত্যক্ত ঘোষণা কৰা হ’ব মেচখন৷ গ্রুপ পর্বৰ মেচত কোনো ৰিজার্ভ ডে’ নথকা বাবে খেল অনুষ্ঠিত নহ’লে দুয়োটা দলৰ মাজত পইণ্ট ভগাই দিয়া হ’ব৷ নিয়ম অনুসৰি বৰষুণ কমাৰ পিছত খেলপথাৰ শুকালেহে খেল আৰম্ভ কৰিব পৰা যাব৷ খেলৰ বাবে খেলপথাৰ উপযোগী হয়নে নহয়, সেয়া পৰীক্ষা কৰাৰ পিছতহে আম্পায়াৰে সিদ্ধান্ত ল’ব৷ বৰষুণৰ বাবে নষ্ট হোৱা সময় অনুসৰি অভাৰ কমোৱাৰ দায়িত্বও আম্পায়াৰৰ৷ ডার্কৱর্থ লুইচ নিয়মৰ জৰিয়তে সলনি হ’ব ৰানৰ লক্ষ্যও৷

খেলৰ সময় : দিনৰ ৩ বজা৷

You might also like