তাৰিখ সলনি হ’ব বিশ্বকাপৰ ভাৰত-পাকিস্তান মেচৰ!
বিশেষ বাৰ্তা, ২৭ জুলাইঃ আই চি চি এদিনীয়া বিশ্বকাপ ক্রিকেটৰ বহু প্রতীক্ষিত ভাৰত আৰু পাকিস্তানৰ মাজৰ হাইভ’ল্টেজ মেচখনৰ তাৰিখ সলনি হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ বিশ্বকাপৰ সূচী অনুযায়ী দুই চিৰন্তন প্রতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচখন ১৫ অক্টোবৰত আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ কথা৷ কিন্তু উক্ত দিনৰ পৰা গুজৰাটত আৰম্ভ হ’ব নৱৰাত্রি৷ গুজৰাটৰ গুৰুত্বপূর্ণ উৎসৱ নৱৰাত্রি ৯ দিন ধৰি অব্যাহত থাকিব৷ ৰাজপথত অসংখ্য লোকৰ সমাগম হয়৷ সেয়েহে ১৫ অক্টোবৰৰ ভাৰত আৰু পাকিস্তানৰ মেচখনৰ বাবে পর্যাপ্ত নিৰাপত্তা প্রদানৰ ক্ষেত্রত নিৰাপত্তা সংস্থাসমূহে উদ্বেগ প্রকাশ কৰিছে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডেও বিষয়টো বিবেচনা কৰি আছে৷ ব’ডৰ এজন বিষয়াই কয় যে আমি বিকল্প ব্যৱস্থাৰ কথা চিন্তা কৰি আছোঁ৷ শীঘ্রে সিদ্ধান্ত লোৱা হ’ব৷ ভাৰত–পাক খেলৰ সকলো টিকট বিক্রী হৈ গৈছে৷ দর্শকে হোটেল বুকিঙো কৰিছে৷ গতিকে সকলো দিশ চোৱাৰ পিছতহে সিদ্ধান্ত লোৱা হ’ব৷ ইপিনে আসন্ন বিশ্বকাপ ক্রিকেট প্রতিযোগিতাখনৰ প্রস্তুতি সন্দর্ভত বিচিচিআয়ে আজি ৰাজ্যিক সংস্থাসমূহৰ সৈতে নতুন দিল্লীত এক বৈঠকত মিলিত হ’ব৷ এই বৈঠকতে বিশ্বকাপৰ ভাৰত–পাকৰ মেচখন সন্দর্ভতো আলোচনা হ’ব৷