নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়ান গেমছৰ মহিলা ক্ৰিকেটত ভাৰতৰ স্বৰ্ণপদক লাভ

বিশেষ বাৰ্তা, ২৫ ছেপ্টেম্বৰ : আজি এছিয়ান গেমছ-২০২৩ত ভাৰতে দ্বিতীয়টো স্বৰ্ণ পদক লাভ কৰে। মহিলা ক্ৰিকেটৰ ফাইনেলত শ্ৰীলংকাক ১৯ ৰানত পৰাস্ত কৰি ভাৰতে সোণৰ পদক লাভ কৰে। টীম ইণ্ডিয়াৰ হৈ স্মৃতি মান্ধনা আৰু জেমিমা ৰড্ৰিগেজে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। টীটাছ সাধু আৰু ৰাজেশ্বৰী গাইকোৱাডে বলিঙত উৎকৃষ্টতা প্ৰদৰ্শন কৰে। টীম ইণ্ডিয়াৰ এই ৰোমাঞ্চকৰ জয়ৰ আঁৰত কিছু গুৰুত্বপূৰ্ণ কাৰণ আছিল। ইয়াৰে এটা কাৰণ আছিল ভাৰতীয় বলাৰসকলৰ ভাল প্ৰদৰ্শন। ৰাজেশ্বৰী গাইকোৱাড আৰু তিতাছ সাধুৰ উইকেট গুৰুত্বপূৰ্ণ আছিল। খেলখনত ৭ উইকেট হেৰুৱাই ২০ অভাৰত ১১৬ ৰান সংগ্ৰহ কৰে টীম ইণ্ডিয়াই। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় বলাৰসকলে শ্ৰীলংকাক ৯৭ ৰানৰ স্ক’ৰত সীমাবদ্ধ কৰি ৰাখে। শ্ৰীলংকায়ো ২০ অভাৰত ৮টা উইকেট হেৰুৱায়। হাচিনি পেৰেৰা আৰু ডি ছিলভাই দলটোৰ হৈ ভাল পাৰ্টনাৰশ্বিপ খেলিছিল। ডি ছিলভাই ২৩ ৰান আৰু পেৰেৰাই ২৫ ৰান সংগ্ৰহ কৰে। ৰাজেশ্বৰী গাইকোৱাডে পেৰেৰাক পেভিলিয়নৰ বাট দেখুৱায়। আনহাতে পূজাই ডি চিলভাক পেভিলিয়নলৈ ওভতায়। এয়া আছিল মেচখনৰ এক গুৰুত্বপূৰ্ণ টাৰ্নিং পইণ্ট। ৰানা সিংহে ১৯ ৰানৰ ইনিংছ খেলিছিল। ভাৰতৰ জয়ত অ’পেনাৰ স্মৃতি মান্ধনা আৰু জেমিমা ৰড্ৰিগেজৰ ইনিংছ গুৰুত্বপূৰ্ণ আছিল। এই দুজনৰ বাহিৰে কোনো বেটছমেনে বেছিসময় খেলপথাৰত থাকিব নোৱাৰিলে। এই দুজনৰ স্ক’ৰৰ বাবেই ভাৰতে ১১৬ ৰান সংগ্ৰহ কৰে। ৪টা চাৰি আৰু এটা ছয়ৰ সহায়ত ৪৬ ৰান সংগ্ৰহ কৰে মান্ধানাই। জেমিমাই ৪০টা বলত ৪২ ৰান সংগ্ৰহ কৰে। এইসকলৰ বাহিৰেও ৯ ৰান সংগ্ৰহ কৰি আউট হৈছিল শেফালি। ৰিচা ঘোষে ৯ ৰান সংগ্ৰহ কৰে। ২ ৰান সংগ্ৰহ কৰি আউট হৈছিল অধিনায়ক হৰমনপ্ৰীত কৌৰে। এছিয়ান গেমছ ২০২৩ৰ মহিলা ক্ৰিকেটত ভাৰতে কোৱাৰ্টাৰ ফাইনেলত প্ৰত্যক্ষ স্থান লাভ কৰিছিল। ইয়াৰ প্ৰথমখন খেল আছিল মালয়েছিয়াৰ বিৰুদ্ধে। বৰষুণৰ বাবে এই খেল নহল। ইয়াৰ পিছতে ছেমিফাইনেলত ভাৰতে বাংলাদেশক ৮ উইকেটত পৰাস্ত কৰে। আৰু স্বৰ্ণপদকৰ খেলখনত শ্ৰীলংকাৰ বিৰুদ্ধে এক দৰ্শনীয় জয় সাব্যস্ত কৰে ভাৰতে।

You might also like