নিয়মীয়া বাৰ্তা, ২ জুনঃ দেশত ক’ৰোনাত আক্ৰান্ত হৈছে ২লাখ ১হাজাৰ ৭জন লোক। আনহাতে মৃত্যু হৈছে ৫,৬২৮জন লোকৰ। ৰাজ্যক ১৫১৩জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্য়ু হৈছে ৪জন লোকৰ। ইয়াৰে ৩২৪জন সুস্থ হৈ বৰ্তমান ৰাওনা হৈছে ঘৰলৈ। আনহাতে অহা দুই-এদিনত বৃদ্ধি পাব ক’ৰোনা আক্ৰান্তৰ সংখ্যা। মুম্বাই, দাৰুল উলম আৰু নন্দুৰবাৰৰ ৩খন এক্সপ্ৰেছৰে হোজাই আৰু বৰাকলৈ আহিছে বহু সংখ্যক লোক। এই লোকসকলৰ দেহত ক’ভিড পজিটিভ হোৱাৰ আশংকা কৰা হৈছে।
Next Post
You might also like