নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় সভ্যতা সংস্কৃতিৰ শত্রু বদৰুদ্দিন আজমল

কলাইগাঁও–লামডিং–হোজাই দলীয় প্রার্থীৰ মনোনয়নত ড০ হিমন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ  বদৰুদ্দিন আজমল বিজেপিৰ বাবে প্রত্যাহ্বান নহয়৷ কিন্তু তেওঁ যি সাম্প্রদায়িক ৰাজনীতি কৰে, সেই সাম্প্রদায়িক ৰাজনীতিহে আমাৰ বাবে ফেক্টৰ৷ –আজি এই মন্তব্যৰে পুনৰ এ আই ইউ ডি এফক উভতি ধৰিলে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ হোজাইত আজি সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মন্ত্রীগৰাকীয়ে কয়– আজমল ভাৰতীয় সভ্যতা–সংস্কৃতিৰ শত্রু৷ নির্বাচনত আজমল কেতিয়াও বিজেপিৰ বাবে ফেক্টৰ নহয়৷ নির্বাচনত আমি তেওঁক হৰুৱাই দিম৷ কিন্তু তেওঁ আমাৰ সভ্যতাৰ বাবে প্রত্যাহ্বান সৃষ্টি কৰিছে৷ তেওঁৰ লগত হ’ব লগা যুঁজ কিছু ওপৰ পর্যায়ৰ৷ আজমল আমাৰ ভাৰতীয় মূল্যবোধৰ শত্রু৷ ইফালে এ আই ইউ ডি এফে কংগ্রেছৰ সৈতে কৰা মিত্রতাক লৈ বিজেপি ভীতিগ্রস্ত হৈছে বুলি শেহতীয়াকৈ চলা চর্চা সন্দর্ভত মন্ত্রী ড০ শর্মাই আজি কয়– বিজেপিয়ে আজমললৈ ভয় কৰে৷ এই ভয়ৰ কাৰণ হ’ল আকৌ এবাৰ বটদ্রৱাত আজমল সোমাই যাব নেকি? আকৌ এবাৰ কাজিৰঙাত গঁড় হত্যা হ’ব নেকি? এ পি এছ চিত আকৌ এবাৰ এক কোটি টকা দি চাকৰি ক্রয় কৰিব লাগিব নেকি? এই পৰিৱেশক লৈহে বিজেপি ভীতিগ্রস্ত হৈছে৷ বিজেপিয়ে আজমলক লৈ ভয় খোৱা নাই, ভয় খাইছে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মস্থানত আকৌ আজমল সোমাই যাব নেকি বুলিহে৷ কাজিৰঙাৰ গঁড়কেইটাই আকৌ কান্দিব বুলিহে ভয় খাইছে৷ গতিকে বিজেপিৰ বাবে নির্বাচনত আজমল কেতিয়াও প্রত্যাহ্বান হ’ব নোৱাৰে৷

ইফালে নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক কটাক্ষ কৰি মন্ত্রীগৰাকীয়ে কয়– এই দলসমূহ যে চলি আছে, সেয়া মই গম পোৱা নাছিলোঁ৷ চলি থাকিলে ভাল পাওঁ৷ কিন্তু এওঁলোকে যদি মনোনয়ন লিখিব নাজানে, মন্ত্রী–বিধায়ক কেনেকৈ হ’ব? গতিকে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈক মই কওঁ যে কেনেকৈ মনোনয়ন লিখিব লাগে, ৰাজনীতি কেনেকৈ কৰিব লাগে অলপ শিকি ল’লে ভাল হয়৷ মৰিয়নি সমষ্টিৰ পৰা অখিল গগৈয়ে মনোনয়ন প্রত্যাহাৰ সন্দর্ভত মন্ত্রী ড০ শর্মাৰ মন্তব্য– তেওঁ কেতিয়া মনোনয়ন দাখিল কৰিলে, কেতিয়া প্রত্যাহাৰ কৰিলে, কোনোৱে গম নাপায়৷ মনোনয়ন দাখিল কৰিবলৈ গ’লে দুই–তিনি হাজাৰ সমর্থক লগত গ’লহেঁতেন৷ কিন্তু অখিল গগৈয়ে মনোনয়ন দাখিল কৰা কোনোৱে গমেই নাপালে৷

উল্লেখ্য যে হোজাই সমষ্টিত বর্তমানৰ বিধায়ক শিলাদিত্য দেৱৰ প্রার্থিত্ব কর্তন কৰি সমষ্টিটোৰ বাবে বিজেপিয়ে ৰামকৃষ্ণ ঘোষক প্রার্থিত্ব প্রদান কৰিছে৷ ইয়াকে লৈ অসন্তুষ্ট শিলাদিত্য দেৱে বিজেপিৰ পৰা পদত্যাগৰ হুংকাৰ দিছিল৷ আজি মন্ত্রী ড০ শর্মা আৰু দলৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই শিলাদিত্য দেৱৰ ঘৰত উপস্থিত হৈ তেওঁৰ ক্ষোভ আৰু অসন্তুষ্টি প্রশমনৰ চেষ্টা চলায়৷ ইতিমধ্যে শিলাদিত্য দেৱে পদত্যাগৰ সিদ্ধান্ত বাতিল কৰি বিজেপিৰ নির্বাচনী প্রচাৰ অভিযানত নমাৰ কথা প্রকাশ কৰিছে৷ আনহাতে, আজি হোজাই সমষ্টিৰ প্রার্থী ৰামকৃষ্ণ ঘোষ আৰু লামডিং সমষ্টিৰ প্রার্থী শিবু মিশ্রক লগত লৈ মন্ত্রী ড০ শর্মাই আধা কিলোমিটাৰ পথ পদব্রজে যোৰাপুখুৰীৰ পৰা শংকৰদেৱ নগৰ উপায়ুক্তৰ কার্যালয়লৈ এক বিশাল সমদল কৰে৷ অগণন সমর্থকে ৰাজপথত মন্ত্রীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ফুলাম গামোচাৰে আদৰণি জনায়৷ ইয়াৰ পূর্বে আজি ১১.৩০মান বজাত ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াক লগত লৈ হেলিকপ্ঢাৰেৰে শংকৰদেৱ নগৰত উপস্থিত হোৱা মন্ত্রী ড০ শর্মা হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ বাসগৃহত উপস্থিত হয়৷ ইয়াৰ পাছতে দলীয় সমর্থকেৰে বিৰ দি বাট নোপোৱা অৱস্থাৰ মাজেৰে ঢ়োলে–দগৰে প্রার্থী দুগৰাকীক লগত লৈ মনোনয়ন দাখিল কৰে৷ আজি কংগ্রেছ দলৰ লামডিং সমষ্টিৰ প্রার্থী স্বপন কৰ আৰু হোজাই সমষ্টিৰ প্রার্থী দেবু সাহায়ো মনোনয়ন দাখিল কৰে৷
‘মোদী থকালৈকে কংগ্রেছ ক্ষমতালৈ নাহে’
দেশত যেতিয়ালৈকে প্রধানমন্ত্রী হিচাপে নৰেন্দ্র মোদী থাকিব, তেতিয়ালৈকে কংগ্রেছ ক্ষমতালৈ আহিব নোৱাৰে৷ –আজি এই মন্তব্যৰে পুনৰ কংগ্রেছৰ বিৰুদ্ধে সৰৱ হৈ পৰিল মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ মঙলদৈৰ ভেবাৰঘাট কৃষ্টি বিকাশ সংঘ খেলপথাৰত আজি এখন বিশাল দলীয় সভাত অংশ লৈ এই মন্তব্য কৰাৰ লগতে ড০ শর্মাই কয়– বিজেপি চৰকাৰে এইবাৰ যি উন্নয়ন আৰু দায়বদ্ধতাৰ পৰিচয় দিছে, সেয়া টেইলাৰহে৷ অহা পাঁচ বছৰত বিজেপিৰ নেতৃত্বত সম্পূর্ণ চিনেমাখন ৰাইজে দেখা পাব৷ ৰাজ্যৰ প্রান্তে প্রান্তে মই ঘূৰিছোঁ৷ সকলোতে উৎসাহ আৰু বিশ্বাস যে অসমত আকৌ বিজেপি চৰকাৰ হ’ব৷ দলীয় সমর্থকৰ হর্ষোল্লাসৰ মাজতে মন্ত্রীগৰাকীয়ে কয়– বিগত পাঁচ বছৰত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে দুখীয়া ৰাইজৰ বাবে কাম কৰিছে৷ অৰুণোদয় আঁচনিৰ জৰিয়তে দুখীয়া লোকসকলক একাউণ্টত প্রতিমাহে ৮৩০ টকাকৈ দিয়া হৈছে৷ নির্বাচনৰ পাছত এই ধন তিনি হাজাৰ টকালৈ বৃদ্ধি হ’ব৷ দৰিদ্র পৰিয়ালৰ লোকে এই ধনেৰে দৈনন্দিন জীৱন চলোৱাৰ লগতে সন্তানক পঢ়া–শুনাও কৰাব পাৰিব৷ এই চৰকাৰখনে ছাত্র–ছাত্রীক কিতাপ ক্রয়ৰ বাবে আৰু মহাবিদ্যালয়লৈ অহা–যোৱাৰ বাবে বেংকৰ জৰিয়তে ধন দিব৷ কনকলতা মহিলা সবলীকৰণৰ জৰিয়তে স্বনির্ভৰশীল হ’ব পৰাকৈ ৭৫ হাজাৰ টকাকৈ আর্থিক অনুদান দিয়া হৈছে৷

নিবনুৱা যুৱক গোটবোৰে ব্যৱসায় তথা বিশেষ উদ্যমিতাৰ বাবে এই চৰকাৰৰ দিনতে ৫ লাখ টকাকৈ পাইছে৷ এই চৰকাৰখনে ‘কা’ আন্দোলন আৰু ক’ভিডৰ বাবে তিনি বছৰহে কাম কৰিব পাৰিলে৷ কিন্তু এই সময়ছোৱাতে চৰকাৰখনে উন্নয়নৰ অধিক আঁচনি ৰূপায়ণ কৰিবলৈ সক্ষম হ’ল৷ আমি জাতি–ধর্ম–বর্ণ চোৱা নাই৷ আঠ হাজাৰ শিশুক বাংগালুৰুলৈ চিকিৎসাৰ বাবে লৈ গৈছোঁ৷ মানৱীয় দিশত আমি পৰিৱর্তনমূলক যি কাম কৰিছোঁ, কংগ্রেছ দলে ৩০ বছৰতো সেইখিনি কৰিব পৰা নাই৷ সেয়েহে ১ এপ্রিল পর্যন্ত আমাৰ কার্যকর্তাসকলৰ দায়িত্ব হ’ব ই ভি এমত শেষৰ ভোট নপৰালৈকে মঙলদৈত গুৰুজ্যোতি দাস আৰু কলাইগাঁৱত মধু ডেকাক জয়ী কৰাবলৈ হিয়া উজাৰি শ্রম কৰা৷ কংগ্রেছক সমালোচনা কৰি মন্ত্রী ড০ শর্মাই কয়– কংগ্রেছে ধুতী–লুঙিৰ ৰাজনীতি কৰিছিল৷ কিন্তু বিজেপিয়ে জনতাৰ জীৱনৰ মান উন্নত কৰাৰ বাবে দিনে–নিশাই শ্রম কৰিছে৷ কংগ্রেছৰ দিনত অংগনৱাড়ীৰ সামান্য এটা চাকৰিৰ বাবেও মঙলদৈত একালৰ মন্ত্রী বসন্ত দাসৰ দালালৰ ওচৰ চাপিব লাগিছিল৷ সেই কংগ্রেছৰ দিন যাতে পুনৰ ঘূৰি নাহে, তাৰ বাবে বিজেপিৰ ছিপাঝাৰ, মঙলদৈ আৰু কলাইগাঁৱত প্রার্থীক জয়যুক্ত কৰাৰ লগতে দলগাঁৱতো অগপৰ প্রার্থীক আশীর্বাদ কৰিব লাগিব৷ আজিৰ সভাত মন্ত্রীগৰাকীক সংগ দিয়ে দলৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই৷

You might also like