নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা কোকৰাঝাৰত ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জুলাইঃ চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ খেল কাইলৈৰ পৰা কোকৰাঝাৰত অনুষ্ঠিত হ’ব৷ ভাৰতীয় সেনাই এছিয়াৰ আটাইতকৈ প্ৰাচীন লগতে বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ খেল ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত কৰিছে৷ কাইলৈ ছাই ষ্টেডিয়ামত দিনৰ তিনি বজাৰ পৰা হ’বলগা গ্ৰুপ ‘ই’ৰ প্ৰথম মেচত স্থানীয় দল বড়োলেণ্ড এফ চিয়ে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ বিৰুদ্ধে খেলিব৷ এই গ্ৰুপৰ আন দুটা দল হ’ল ওড়িছা এফ চি আৰু বি এছ এফ ফুটবল দল৷ উল্লেখ্য যে বড়োলেণ্ড এফ চিয়ে অসমৰ প্ৰথম ক্লাবৰূপে যোৱা বছৰ ডুৰাণ্ড কাপত গৌৰৱময় অভিষেক কৰিছিল৷ দলৰ প্ৰদৰ্শন প্ৰত্যাশিত নহ’ল যদিও অভিজ্ঞতাই এইবাৰ দলটোক উন্নত প্ৰদৰ্শন কৰাত অনুপ্ৰানিত কৰিব৷ ইফালে, আই এছ এলৰ ক্লাব নৰ্থ ইষ্ট ইউনাইটেডো স্থানীয় দল হোৱাত কাইলৈৰ মেচ ৰোমাঞ্চকৰ হ’ব৷ বিগত ডুৰাণ্ড কাপত নৰ্থ ইষ্ট ইউনাইটেডে ছেমিফাইনেল খেলিছিল৷ স্থানীয় তাৰকা পাৰ্থিৱ গগৈৰ চমক ইতিমধ্যে ভাৰতীয় ফুটবলত আশা ৰেঙনি আনিছে৷ দেশী-বিদেশী খেলুৱৈৰে গঠিত নৰ্থ ইষ্ট ইউনাইটেডে যোৱা আই এছ এল ছিজনত এক পইণ্টৰ বাবে নকআউট ৰাউণ্ডত প্ৰৱেশ কৰিব নোৱাৰিলে৷ মুঠ ২২ মেচ খেলা ক্লাবটোৱে ছয়খনত জয়লাভ কৰাৰ বিপৰীতে আঠ খনত পৰাজয় তথা সমসংখ্যক মেচ ড্ৰ খেলি তালিকাৰ সপ্তম স্থানত আছিল৷ কাইলৈ কোকৰাঝাৰত হ’বলগা উদ্বোধনী অনুষ্ঠানত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ লেফটেনেণ্ট জেনেৰেল ৰাম চন্দৰ তিৱাৰীৰ উপস্থিত থাকিব৷ উদ্বোধনী অনুষ্ঠানত একাদশ পেৰা বিশেষ বাহিনীৰ দ্বাৰা দৰ্শনীয় স্কাইডাইভিং প্ৰদৰ্শনৰ লগতে স্থানীয় শিল্পীয়ে পৰিৱেশন কৰা সাংস্কৃতিক ঐতিহ্যৰ নান্দনিক ছবিৰ প্ৰতিফলন কৰা হ’ব৷ আৰ্মী এভিয়েশন হেলিকপ্টাৰ, এল চি এইচ আৰু মাইক্ৰ’লাইট বিমানৰ ফ্লাইপাষ্টৰো প্ৰদৰ্শন কৰা হ’ব। ইফালে, কাইলৈ কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগনত নিশা সাত বজাত হ’ব লগা প্ৰতিযোগিতাৰ গ্ৰুপ ‘চি’ৰ প্ৰথম মেচত আই এছ এল ক্লাব পঞ্জাৱ এফ চিয়ে অভিযান আৰম্ভ কৰিব চি আই এছ এফ ফুটবল দলৰ বিৰুদ্ধে৷ যোৱানিশা এই ষ্টেডিয়ামত হোৱা গ্ৰুপ ‘বি’ৰ উদ্বোধনী মেচত স্থানীয় দল মহমেদান স্পৰ্টিং ক্লাবে উত্তৰ প্ৰদেশৰ ইণ্টাৰ কাশী এফ চিৰ বিৰুদ্ধে ১-১ ত ড্ৰ খেলি পইণ্ট ভগাই লয়৷ উল্লেখ্য যে এইবাৰ ডুৰাণ্ড কাপৰ তিনিটা গ্ৰুপৰ খেল কলকাতাত অনুষ্ঠিত হোৱাৰ বিপৰীতে কোকৰাঝাৰ, শ্বিলং আৰু জামছেদপুৰত এটাকৈ গ্ৰুপৰ মেচ অনুষ্ঠিত হৈছে৷ প্ৰতিযোগিতাত অংশ লোৱা মুঠ ২৪টা দলক ছটা গ্ৰুপত ভাগ কৰা হৈছে৷ চাৰিটা দল থকা প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দলটো আৰু দুটা শ্ৰেষ্ঠ দ্বিতীয় স্থানৰ দলে নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব৷ প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা ৩১ আগষ্টত কলকাতাৰ বিবেকানন্দ যুব ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হ’ব৷ ডুৰাণ্ড কাপৰ সকলো মেচ চনী স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰৰ লগতে চ’নীলিভ অ’টিটি প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হৈছে৷ উল্লেখ্য যে ১৮৮৮ চনত ছিমলাত ডুৰাণ্ড কাপৰ উদ্বোধনী বৰ্ষৰ খেল আৰম্ভ হয় আৰু তাৰ পিছত ১৯৪০ চনত নতুন দিল্লীলৈ স্থানান্তৰিত হয়৷ ২০১৬ চনলৈকে প্ৰতিযোগিতাখন দেশৰ ৰাজধানীতে অনুষ্ঠিত হোৱাৰ পাছত ২০১৯ চনত ইষ্টাৰ্ণ কমাণ্ডৰ তত্বাৱধানত এই প্ৰতিযোগিতাখন দেশৰ পূব অংশলৈ স্থানান্তৰিত হয় আৰু ভাৰতীয় ফুটবলৰ মক্কা কলকাতাত খেল আয়োজন কৰা হয়৷ ডুৰাণ্ড কাপক আৰু অধিক অনন্য কৰি তোলা বিষয়টো হ’ল বিজয়ীসকলে তিনিটা ট্ৰফী পায় ডুৰাণ্ড কাপ আৰু ছিমলা ট্ৰফী দিয়াৰ লগতে আৰু এটা স্থায়ীৰূপত চেম্পিয়ন দলটোৱে ৰখাৰ বাবে প্ৰেচিডেণ্ট’ছ কাপ দিয়া হয়৷

You might also like