নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ডাক বিভাগত ১২,৮২৮ চাকৰি

ভাৰত চৰকাৰৰ যোগাযোগ মন্ত্রালয়ৰ অধীনত পৰিচালিত ভাৰতীয় ডাক বিভাগ(Department of Posts)ত খালী হৈছেGramin Dak Sevak (GDS)/Branch Postmaster (BPM)/Assistant Branch Postmaster (ABPM)/Dak Sevakৰ ১২,৮২৮ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰিDepartment of India PostsৰAsst. Director General-এ এক নিয়োগ বিজ্ঞাপন সংবাদ–পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰিGramin Dak Sevak (GDS)/Branch Postmaster (BPM)/Assistant Branch Postmaster (ABPM)/Dak Sevakৰ পদসমূহAssam-Assamese/Asomiya (138), Assam-Bengali/Bangla (6), Assam-Bodo (7) আৰুNorth Eastern-Bengali (43), North Eastern-Hindi/English (3,911), North Eastern-Manipuri/English (288), North Eastern-Mizo (142)ৰ লগতেAndra Pradesh (118), Bihar (76), Chattisgarh (342), Gujarat (110), Haryana (8), Himachal Pradesh (37), Jammu Kashmir (89), Jharkhand (1,125), Karnataka (48), Madhya Pradesh (2,992), Maharashtra-Konkani/Marathi (10), Maharashtra-Marathi (610), Odisha (948), Punjab (13), Rajasthan (1,408), Tamilnadu (18), Uttar Pradesh (160), Uttarakhand (40), West Bengal-Bengali (31), West Bengal-Nepali (14), Telangana (36)ত পূৰণ কৰা হ’ব৷Branch Postmaster (BPM)–এ মাহে ১২,০০০–২৯,৩৮০ টকা আৰুAssistant Branch Postmaster (ABPM)/Dak Sevak-এ ১০,০০০–২৪, ৪৭০ টকা লাভ কৰিব৷ বয়স ১৬ ফেব্রুৱাৰী, ২০২৩লৈ ১৮–৪০ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আবেদনকাৰীGovernment of India/State Government/Union Territoryৰ দ্বাৰা স্বীকৃতিপ্রাপ্তBoard of School Educationৰ পৰাMathematics আৰুEnglish বিষয়সহSecondary School Examinationত উত্তীর্ণ হোৱাৰ লগতেComputer জ্ঞান আৰুCycling চলোৱাৰ দক্ষতা থকা হ’ব লাগিব৷ মুঠ পদ ১২,৮২৮ৰ ভিতৰত অসংৰক্ষিত ৫,৫৫৪, অ’বিচি ১,২৯৫, এছচি ১,২১৮, এছটি ৩,৩৬৬, আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ১,০০৪ আৰু দিব্যাংগ শ্রেণীৰ প্রার্থীৰ বাবে ৩৯১ পদ সংৰক্ষিত থাকিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক অধিক তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈDepartment of India Postsৰ ৱেবছাইটwww.indiapostgdsonline.gov.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১২ জুন, ২০২৩৷

You might also like