নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ফেব্ৰুৱাৰীঃ প্ৰয়াগৰাজৰ মহা কুম্ভ ২০২৫-ত ইতিমধ্যে ৫৩কোটি পবিত্ৰ স্নান প্ৰত্যক্ষ কৰা গৈছে, যাৰ ফলত ই বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় সমাৱেশ হৈ পৰিছে। দৈনিক লাখ লাখ ভক্তৰ উপস্থিতিলগে লগে, ভাৰতীয় ৰে’লৱেই তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ্থে বাধাহীন পৰিবহন ব্যৱস্থাপনাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সকলো ভ্ৰমণকাৰীৰ বাবে এক সুগম অভিজ্ঞতা নিশ্চিত কৰাৰ অৰ্থে মহা কুম্ভ এলেকাৰ বাবে বিগত ৩ বছৰত ৫,০০০ কোটি টকাৰ নিৰ্মাণ কাৰ্যৰ সৈতে এক বৃহৎ লজিষ্টিক প্ৰয়াস গ্ৰহণ কৰা হৈছে। ইয়াত অন্যান্য বিষয়ৰ লগতে, ১৩,০০০ৰো অধিক নিৰ্ধাৰিত ৰে’ল পৰিচালনৰ সৈতে উন্নীত ৰেল ষ্টেচন আৰু উন্নীত ভিৰৰ ব্যৱস্থাপনা প্ৰণালী অন্তৰ্ভুক্ত আছে। ভাৰতীয় ৰে’লৱেই এই বিশাল আধ্যাত্মিক দৃশ্যপটত কেনেদৰে সহায় কৰিছে চাওক:
মহা কুম্ভ ২০২৫ৰ বাবে বৃহৎ সংখ্যক ৰেলৰপৰিচালন
বাধাহীন ভ্ৰমণৰ বাবে ৰেলৰপথ পৰিৱৰ্তন
• যাত্ৰীৰ চলাচলক অগ্ৰাধিকাৰ দিবলৈ সমৰ্পিত ফ্ৰেইট কৰিডৰত (ডিএফচি) সকলো গুডচট্ৰেইনৰ পথ পৰিৱৰ্তন কৰা হৈছে।
• উভয় দিশত ৰেলছেট বা ইঞ্জিনৰ সৈতে ২০০ খন ৰেক, শ্বান্টিং কাৰ্য পৰিহাৰ কৰিবলৈ নিয়োজিত কৰা হৈছে।
অভূতপূৰ্ব সংখ্যক ৰেল সেৱা
• ২৬ফেব্ৰুৱাৰী ২০২৫লৈকে ১৩,০০০খন ৰেল পৰিচালনৰপৰিকল্পনা কৰা হয়, যাৰ ভিতৰত ১২,৫৮৩খন ইতিমধ্যে ১৬ফেব্ৰুৱাৰী ২০২৫লৈ চলাচল কৰিছে।
• অত্যাধিক যাত্ৰী ভিৰ হেণ্ডলিং ভাৰতীয় ৰেলৱেৰ:
o ২০২৫ চনৰ ১৩ জানুৱাৰীৰ পৰা প্ৰয়াগৰাজৰ কুম্ভ এলেকাত ভাৰতীয় ৰেলৱে- ৩.০৯ কোটি তীৰ্থযাত্ৰী যাতায়তৰ সুবিধা কৰি দিছে।
o ১৭ তাৰিখে ১৮.৬০ লাখ যাত্ৰী আৰু ১৬ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে, ১৮.৪৮ লাখ যাত্ৰী যাতায়ত কৰিছে, যি হৈছে যোৱা দুদিনত সৰ্বাধিক যাত্ৰী চলাচলৰ ভিতৰত এটা।
অন্যান্য গুৰুত্বপূৰ্ণ শীৰ্ষ তাৰিখ:
১৫ফেব্ৰুৱাৰী : ১৪.৭৬ লাখ যাত্ৰী
১২ ফেব্ৰুৱাৰী : ১৭ লাখ যাত্ৰী
১০আৰু ১১জানুৱাৰী : ১৪ লাখতকৈ অধিক যাত্ৰী
৩০জানুৱাৰী : ১৭.৫৭ লাখ যাত্ৰী
২৯ জানুৱাৰী : ২৭ লাখ যাত্ৰী
২৮জানুৱাৰী : ১৪.১৫ লাখ যাত্ৰী
১৪জানুৱাৰী : ১৩.৮৭ লাখ যাত্ৰী
ৰেল ষ্টেচনত যাত্ৰীৰ সুবিধা
ভক্তসকলৰ বৃহৎ সমাগমৰ সুবিধা প্ৰদানৰ বাবে, ভাৰতীয় ৰে’লৱেই নিম্নলিখিত ব্যৱস্থাসমূহ নিশ্চিত কৰিছে:
উন্নত আন্তঃগাঁথনি
• ভিৰৰ নিয়ন্ত্ৰণ কৰিবলৈ দ্বিতীয় প্ৰৱেশ পথৰ সৈতে ৯ টা ৰেল ষ্টেচন।
• সুগম যাত্ৰীৰ চলাচলৰ বাবে ৪৮খন প্লেটফৰ্ম (পিএফ) আৰু ২১খন ফুট অভাৰ ব্ৰীজ (এফ.ও.বি.)।
• ভাৰতীয় ৰে’লৱেই এক ব্যাপক নিৰীক্ষণ প্ৰণালীৰ অংশ হিচাপে প্ৰয়াগৰাজ মেলা অঞ্চলৰ নটা ষ্টেচনত ১,১৮৬টা চিচিটিভি কেমেৰা স্থাপন কৰিছে।
• প্ৰতীক্ষাৰত যাত্ৰীসকলক পৰিচালনা কৰিবলৈ ২৩ টা স্থায়ীহোল্ডিং এৰিয়া।
• মুখ্যষ্টেচনত ১২টা ভাষাত ঘোষণা পদ্ধতি:
প্ৰয়াগৰাজ, নৈনি, চিউকিআৰু চুবেদাৰগঞ্জ
টিকট ক্ৰয়বৰ্ধিত ব্যৱস্থা
• টিকট প্ৰক্ৰিয়াটো সুশৃংখল কৰাৰ বাবে ১৫১টা মোবাইল ইউটিএছ টিকেটিং পইণ্টসহ ৫৫৪টা টিকট ক্ৰয়ৰ ব্যৱস্থা।
মুখ্য ৰেলআন্তঃগাঁথনিৰ উন্নীতকৰণ
ভাৰতীয়ৰে’লৱেই আন্তঃগাঁথনিৰ দিশত ক্ষেত্ৰত যথেষ্ট বিনিয়োগ কৰিছে যাতে বাধাহীন ভ্ৰমণ নিশ্চিত হয়:
• মুখ্যৰে’ল আন্তঃগাঁথনি প্ৰকল্পৰ বাবে ₹৩,৭০০কোটি টকাৰ বিনিয়োগ, যাৰ ভিতৰত আছে:
• বেনাৰস-প্ৰয়াগৰাজ খণ্ডত ৰেলপথ দ্বৈতকৰণ, যাৰ ভিতৰত আছে এখন নতুন গংগা সেতু।
• ৰে’লৰ ক্ষমতা বৃদ্ধিৰ বাবে ফাফামাউ-জাংঘাই ৰে’ল পথৰদ্বৈতকৰণ।
• পথ আৰু ৰেলৰ গতিবেগ বৃদ্ধি কৰাৰ অৰ্থে২১খন নতুন ৰোড অভাৰ ব্ৰীজ (আৰ.ও.বি.) আৰু ৰোড আণ্ডাৰ ব্ৰীজ (আৰ.ইউ.বি.).
• সুগম যাত্ৰী নেভিগেশ্বনৰ বাবে কালাৰ-কোডেড প্ৰণালী
যাত্ৰীসকলৰ সহজ চিনাক্তকৰণ আৰু নিৰ্দেশনা অনুসৰি পৃথকীকৰণৰ বাবে যাত্ৰী আশ্ৰয়ৰকালাৰ কোডিং, হোল্ডিং এলেকা আৰু টিকটসমূহ এনেদৰে কৰা হৈছে:
o ৰঙা: লক্ষ্ণৌ, অযোধ্যা আৰু বাৰাণসী
o নীলা: ডিডিইউ, ছাছাৰাম, পাটনা
o হালধীয়া : মানিকপুৰ, ঝান্সি, সাতনা, কাটনি (মধ্য প্ৰদেশ অঞ্চল)
o সেউজীয়া : কানপুৰ, আগ্ৰা, দিল্লী
কটকটিয়া সুৰক্ষা আৰু ভিৰ ব্যৱস্থাপনা
অধিক সংখ্যকতীৰ্থযাত্ৰীৰ পৰিপ্ৰেক্ষিতত, ৰে’ল কৰ্তৃপক্ষই ব্যাপক নিৰাপত্তা ব্যৱস্থা ৰূপায়ণ কৰিছে:
• নিয়ন্ত্ৰণকেন্দ্ৰএকাধিকস্তৰতস্থাপন কৰা হৈছে:
o ষ্টেচনপৰ্যায়, মণ্ডলপৰ্যায়, সংমণ্ডলপৰ্যায়আৰু ৰেলৱে ব’ৰ্ড পৰ্যায়ত।
সুৰক্ষাৰনিয়োজন
o ১৩,০০০ৰে’লৱে সুৰক্ষা বাহিনীৰ (আৰপিএফ) জোৱান।
o গুৰুত্বপূৰ্ণ স্থানত ১০,০০০চৰকাৰী ৰেল আৰক্ষী (জিআৰপি) আৰু অৰ্ধসামৰিক জোৱানক নিয়োজিত কৰা হৈছে।
o সুগমৰেলপৰিচালননিশ্চিতকৰাৰ বাবে৩,০০০+ ৰাণিং ষ্টাফ নিয়োগ কৰা হৈছে।
মহা কুম্ভ ২০২৫ ত ইতিমধ্যে ৫৩কোটি স্নানৰ প্ৰত্যক্ষ কৰাৰ সৈতে, লাখ লাখ ভক্তই সুৰক্ষিত আৰু আৰামদায়কভাৱে ভ্ৰমণ কৰাটো ভাৰতীয় ৰে’লৱেই নিশ্চিত কৰিছে। বিশেষ ৰেলৰ পৰা অনাগত অধিক ভিৰ নিয়ন্ত্ৰণৰ ব্যৱস্থালৈকে, ৰে’লৱে নেটৱৰ্কে বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় সমাৱেশক সুদক্ষভাৱে পৰিচালন কৰি আহিছে।