নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অশান্তজৰ্জৰ বাংলাদেশৰ পৰা স্বদেশলৈ ভাৰতীয় ছাত্ৰ-ছাত্ৰী

🔹 অগ্নিগৰ্ভা দেশখনৰ পৰা কেনেকৈ উভতিল ধুবুৰীৰ ৱাজিদ

নিয়মীয়া বাৰ্তা,  ২১ জুলাই : সংৰক্ষণ বিলৰ বিৰোধিতাত বাংলাদেশত উদ্ভৱ হোৱা অশান্তজৰ্জৰ পৰিস্থিতিৰ বাবে দেশখনত অধ্যয়নৰত বহু ভাৰতীয় তথা অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে এতিয়া উভতি আহিবলগীয়া হৈছে নিজ নিজ গৃহলৈ। কালি বাংলাদেশৰ ঢাকাৰ সমীপৰ মাণিকগঞ্জৰ এখন ব্যক্তিগত খণ্ডৰ মেডিকেল কলেজত অধ্যয়নৰত ধুবুৰীৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীও ইতিমধ্যে সুকলমে আহি পাইছে নিজ নিজ গৃহত। ধুবুৰী চহৰৰ ৯নং ৱাৰ্ডৰ বাসিন্দা তথা বাংলাদেশৰ মাণিকগঞ্জৰ মোন্নো মেডিকেল কলেজৰ চূড়ান্ত বৰ্ষৰ অন্তিম ষান্মাসিকৰ ছাত্ৰ আব্দুল ৱাজিদে আজি বাংলাদেশৰ মাণিকগঞ্জৰ পৰা ভাৰতলৈ অহাৰ সম্পূৰ্ণ বিৱৰণ দাঙি ধৰে। ৱাজিদে সদৰী কৰা মতে, দেশখনত সংৰক্ষণৰ বিৰোধিতাত আৰম্ভ হোৱা ছাত্ৰ আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিলেও মাণিকগঞ্জত তাৰ বিশেষ কোনো প্ৰভাৱ পৰা নাছিল। কিন্তু আগলৈ গৈ পৰিস্থিতি বেয়া হোৱাৰ আশংকাত মাণিকগঞ্জৰ সেই মেডিকেল কলেজখনৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ ঘৰলৈ উভতি অহাৰ সিদ্ধান্ত লয় আৰু সেইমৰ্মে বাংলাদেশৰ ভাৰতীয় উচ্চায়ুক্তৰ সৈতে মোবাইলেৰে যোগাযোগ কৰিছিল। পিছত ভাৰতীয় উচ্চায়ুক্তই কলেজখনৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰে আৰু প্ৰায় ১৪খন বাহনেৰে বাংলাদেশ আৰক্ষীৰ সুৰক্ষাত ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক বাংলাদেশৰ দৰ্শনা স্থল বন্দৰলৈ নিয়া হয়। “আমি প্ৰায় ১৩০/১৪০গৰাকী ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে নিশা প্ৰায় ২ মান বজাত যাত্ৰা কৰিছিলোঁ। বাংলাদেশ আৰক্ষীৰ এছকৰ্ট বাহনেৰে আমাক দৰ্শনা স্থল বন্দৰলৈ নিয়া হৈছিল। প্ৰায় ৫ ঘন্টা যাত্ৰা কৰাৰ পিছত পুৱা ৭ মান বজাত আমি দৰ্শনাত উপস্থিত হৈছিলোঁ। তাত পাৰপত্ৰ পৰীক্ষাৰ কাম-কাজ সম্পূৰ্ণ হওঁতে আমাৰ বিয়লি প্ৰায় ৩ মান বাজিছিল। তাৰে পৰা আমি প্ৰথমে কলকাতালৈ আহিছিলোঁ। কলকাতাৰ পৰা ৰে’লেৰে মই কালি নিশা প্ৰায় ১১ বজাত ঘৰ আহি পাইছোঁ।”- ছাত্ৰজনে এইদৰে কয়। অৱশ্যে বাংলাদেশৰ মাণিকগঞ্জৰ সেই মেডিকেল কলেজখনৰ সকলো ভাৰতীয় ছাত্ৰ-ছাত্ৰীকে ধৰি ধুবুৰী জিলাৰ আনুমানিক ১৫/২০গৰাকী ইতিমধ্যে নিজ নিজ গৃহত উপস্থিত হলেও দেশখনৰ ঢাকাত অধ্যয়নৰত কেইবাগৰাকী ভাৰতীয় ছাত্ৰ-ছাত্ৰী এতিয়ালৈকে দেশখনৰ পৰা উভতি আহিবলৈ সক্ষম হৈছে নে নাই, সেয়া নিশ্চিত নহয়। আব্দুল ৱাজিদে সদৰী কৰা মতে, ঢাকাৰ এখন ব্যক্তিগত মেডিকেল কলেজত অধ্যয়নৰত এজন চিনাকি বন্ধুৰ সৈতে অন্তিম বাৰৰ বাবে দৰ্শনা স্থল বন্দৰৰ পৰা মোবাইলেৰে যোগাযোগ কৰাৰ সময়ত তেতিয়ালৈকে সেই বন্ধুজন ঢাকাৰ পৰা ওলাব পৰা নাই বুলি অৱগত কৰিছিল। অৱশ্যে, বৰ্তমানে দেশখনত মোবাইল আৰু ইন্টাৰনেট সেৱা সম্পূর্ণ ৰূপে বন্ধ বাবে ঢাকাৰ উক্ত বন্ধুজনৰ সৈতে যোগাযোগ কৰিব পৰা নাই বুলিও জনাইছে ৱাজিদে। আনহাতে, বাংলাদেশৰ বগুৰাৰ টিএমএমএছএছ নামৰ ব্যক্তিগত মেডিকেল কলেজৰ প্ৰথম ষান্মাসিকৰ ছাত্রী ধুবুৰীৰ ৰুকছানা হুছেইন নামৰ এগৰাকী ছাত্ৰীকে ধৰি মুঠ ৩৬০গৰাকী ভাৰতীয় ছাত্ৰ-ছাত্ৰীক বাংলাদেশ চৰকাৰে কটকটীয়া নিৰাপত্তাৰে আজি পুৱা হিলি সীমান্তলৈ নিয়ে। ইতিমধ্যে উক্ত দলটোৰ পাৰপত্ৰ পৰীক্ষাৰ কাম সম্পূৰ্ণ হৈছে আৰু বৰ্তমানে সুকলমে পশ্চিমবংগৰ বালুৰঘাটত উপস্থিত হোৱা বুলি ৰুকছানাৰ পিতৃ ৰেজ্জাক হুছেইনে এই প্ৰতিবেদকৰ সৈতে হোৱা কথোপকথনত সদৰী কৰিছে। হুছেইনে নিজৰ কন্যা আৰু অন্যান্যক সুকলমে নিজৰ নিজৰ গৃহলৈ অনাৰ ব্যৱস্থা লোৱাৰ বাবে ভাৰত আৰু অসম চৰকাৰৰ শলাগো লৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like