ভাৰতীয় মহিলা ক্ৰিকেট দলৰ এছিয়ান গেমছত পদক নিশ্চিত
বিশেষ বাৰ্তা, ২৪ ছেপ্টেম্বৰ : এছিয়ান গেমছত ভাৰতৰ হৈ আন এক পদক নিশ্চিত হৈছে। ছেমিফাইনেল খেলখনত বাংলাদেশক ৮ উইকেটত পৰাস্ত কৰি ভাৰতীয় মহিলা ক্ৰিকেট দলে ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতৰ জয়ৰ নায়ক আছিল বেগী বলাৰ পূজা বাষ্ট্ৰকাৰ, যিয়ে ৪ অভাৰত ১৭ ৰান খৰচ কৰি ৪টা উইকেট দখল কৰে। পূজাৰ উজ্জ্বল বলিঙৰ বাবেই ভাৰতে ১৭.৫ অভাৰত ৫১ ৰান সংগ্ৰহ কৰি বাংলাদেশক অল আউট কৰিছিল। এই লক্ষ্যৰ খেদি ভাৰতীয় দলটোৱে বিশেষ অসুবিধাৰ সন্মুখীন নহ’ল। ৮.২ অভাৰত দুটা উইকেট হেৰুৱাই খেলখনত জয়লাভ কৰে ভাৰতে। বাংলাদেশে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। খেলখনৰ প্ৰথমটো বলত পূজাই ভাৰতক এটা উইকেট দিয়ে। পূজায়ো প্ৰথম অভাৰৰ পঞ্চম বলত এটা উইকেট লাভ কৰে। ইয়াৰ পিছত বাংলাদেশৰ ইনিংছ খহি পৰে। পাৱাৰপ্লেৰ শেষলৈকে বাংলাদেশে ২১ ৰানত ৪টা উইকেট হেৰুৱাইছিল। বাংলাদেশৰ অধিনায়ক নিগাৰ আছিল একমাত্ৰ বেটছমেন যিয়ে ডাবল ফিগাৰ অতিক্ৰম কৰিছিল। নিগাৰেও দীঘলীয়া ইনিংছ খেলিব নোৱাৰিলে আৰু তেওঁ মাত্ৰ ১২ ৰানহে কৰে। নাদিহাই ৯ ৰানৰ ইনিংছ খেলিছিল। ভাৰতৰ বলিং ইমানেই উৎকৃষ্ট আছিল যে বাংলাদেশৰ ইনিংছত মাত্ৰ ৪টা বাউণ্ডেৰীহে আঘাত কৰা হৈছিল। পূজাৰ বাহিৰেও সন্ধুৱে অতি টানকৈ বলিং কৰে। চাৰি অভাৰত মাত্ৰ ১০ ৰান খৰচ কৰি সন্ধুৱে এটা উইকেট ল’বলৈ সক্ষম হয়। ৩.৫ অভাৰত ৮ ৰান খৰচ কৰি এটা উইকেট লাভ কৰে ৰাজশ্ৰীয়ে। অমনজোত কৌৰ আৰু দেৱিকায়ো এটাকৈ উইকেট লাভ কৰে। ৫২ ৰানৰ লক্ষ্য খেদি ভাৰতৰ আৰম্ভণি বিশেষ একো নাছিল। ৩.৫ অভাৰত অধিনায়ক স্মৃতি মান্ধনাৰ উইকেট হেৰুৱাই ভাৰতে। স্মৃতিয়ে ১২টা বলত মাত্ৰ ৭ ৰানহে কৰিব পাৰিছিল। অৱশ্যে ইয়াৰ পিছত জেমিমাৰ সৈতে শ্বেফালিয়ে দায়িত্ব লয়। শ্বেফালিয়েও ১৭ ৰান সংগ্ৰহ কৰি আউট হয়। অৱশ্যে ২০ ৰানৰ ইনিংছ খেলি জেমিমাই ভাৰতক ফাইনেলত স্থান নিশ্চিত কৰাৰ লগতে পদকও নিশ্চিত কৰে।