নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইন্দ্ৰাণী বৰুৱাক মধ্য-পশ্চিম মণ্ডলৰ উপ-পৰিদৰ্শক নিযুক্তি

🎯 বৰপেটাৰ নতুন এছপি সুশান্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ জুনঃ ৰাজ্য চৰকাৰৰ গৃহ বিভাগে নির্দেশযোগে অসম আৰক্ষীত ব্যাপক ৰদ–বদল ঘটায়৷ আইজিপি, ডিআইজি পর্যায়ৰ বিষয়াৰ পৰা আৰম্ভ কৰি ১৪গৰাকী আৰক্ষী অধীক্ষক পর্যায়ৰ বিষয়াক বদলি কৰাৰ লগতে লখিমপুৰ, বৰপেটা আৰু চিৰাঙত নতুন আৰক্ষী অধীক্ষক নিয়োগ কৰে৷ সেই অনুসৰি বিটিএডিৰ আইজিপি সত্যৰাজ হাজৰিকাক তিনিচুকীয়াৰ এনইআৰৰ আইজিপি হিচাপে বদলি কৰা হৈছে৷ হাজৰিকাক অতিৰিক্তভাৱে যোৰহাটৰ আইজিপিৰ দায়িত্ব দিয়া হয়৷ সেইদৰে এমপিচিৰ আইজিপি বিবেকৰাজ সিঙক অতিৰিক্তভাৱে বিটিএডিৰ আইজিপিৰ দায়িত্ব দিয়া হৈছে৷ চিআইডিৰ ডিআইজি ইন্দ্রাণী বৰুৱাক চিডব্লিউআৰৰ ডিআইজি হিচাপে বদলি কৰা হৈছে৷ মন কৰিবলগীয়া এয়ে যে ডিআইজি ইন্দ্রাণী বৰুৱাই ৰেঞ্জৰ দায়িত্ব লাভ কৰাৰ লগে লগে অসম আৰক্ষীত প্রথমগৰাকী ৰেঞ্জৰ দায়িত্ব লাভ কৰা মহিলা ডিআইজি হিচাপে পৰিগণিত হয়৷ পূর্বতে কোনো মহিলা আৰক্ষী বিষয়াই ডিআইজি হিচাপে ৰেঞ্জৰ দায়িত্ব লাভ কৰা নাছিল৷ আনহাতে, সম্প্রতি অসম আৰক্ষীৰ মুখ্য কার্যালয়ত সংলগ্ন হৈ থকা আৰক্ষী অধীক্ষক অংকুৰ জৈনক কাহিলিপাৰাস্থিত দশম অসম আৰক্ষী বেটেলিয়নৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে৷ লখিমপুৰৰ আৰক্ষী অধীক্ষক অর্পণা নটৰাজনক বিশেষ শাখাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে৷ বৰপেটাৰ আৰক্ষী অধীক্ষক পংকজ যাদৱক ভিজিলেঞ্চ এণ্ড এণ্টি–কৰাপচনৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে৷ ৰে’লৱেৰ আৰক্ষী অধীক্ষক অক্ষয় গার্গক চিৰাঙৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে৷ এআইজিপি (ক্রীড়া) বেদান্ত মাধৱ ৰাজখোৱাক ভিজিলেঞ্চ এণ্ড এণ্টি কৰাপচনৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে৷ বিশেষ শাখাৰ আৰক্ষী অধীক্ষক মিহিৰজিৎ গায়নক লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে৷ ভিজিলেঞ্চ এণ্ড এণ্টি–কৰাপচনৰ আৰক্ষী অধীক্ষক পবীন্দ্র কুমাৰ নাথ, সিংহৰাম মিলিকো ভিজিলেঞ্চ এণ্ড এণ্টি কৰাপচনৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে৷ দশম অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক ধর্মেন্দ্র কুমাৰ দাসক বিশেষ শাখাৰ যোৰহাটস্থিত পূর্বোত্তৰ মণ্ডলৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে৷ নলবাৰী জিলাৰ দৌলাশালস্থিত চতুর্দশ অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক সুশান্ত বিশ্ব শর্মাক বৰপেটাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে৷ চিআইডিৰ চাইবাৰ ক্রাইম শাখাৰ আৰক্ষী অধীক্ষক পি ৰংহাঙক চতুর্দশ অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক হিচাপে বদলি কৰা হৈছে৷ চিৰাঙৰ আৰক্ষী অধীক্ষক প্রাণজিৎ বৰাক ৰে’লৱেৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে৷ বিশেষ শাখাৰ যোৰহাটস্থিত পূর্বোত্তৰ মণ্ডলৰ আৰক্ষী অধীক্ষক সৌৰভজ্যোতি শইকীয়াক চিআইডিৰ চাইবাৰ ক্রাইম শাখাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে৷ ভিজিলেঞ্চ এণ্ড এণ্টি–কৰাপচনৰ আৰক্ষী অধীক্ষক অলিন্দিতা গগৈক অসম আৰক্ষীৰ এআইজিপি (ক্রীড়া) হিচাপে বদলি কৰা হৈছে৷

You might also like