সর্বাধিক মূল্যবৃদ্ধিঃ দেশৰ দ্বিতীয় স্থানত অসম
- চহৰতকৈ গ্রামাঞ্চলত বৃদ্ধি পাইছে মুদ্রাস্ফীতি
- সর্বাধিক মুদ্রাস্ফীতি ঘটা ৰাজ্য পশ্চিমবংগ
নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ বিহুৰ বতৰত মূল্যবৃদ্ধিয়ে সর্বসাধাৰণ ৰাহজক জুৰুলা কৰি ৰখাৰ সময়ত অসমত মুদ্রাস্ফীতিয়ে অভিলেখ সৃষ্টি কৰিছে৷ কেন্দ্রীয় পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্রালয়ৰ অধীনস্থ ৰাষ্ট্রীয় পৰিসংখ্যাগত কার্যালয়ে শেহতীয়াকৈ জাৰি কৰা মুদ্রাস্ফীতি সংক্রান্ত প্রতিবেদনত দেখা গৈছে দেশৰ ভিতৰত সর্বাধিক নিত্য প্রয়োজনীয়া সা–সামগ্রীৰ মূল্যবৃদ্ধি ঘটা দ্বিতীয় ৰাজ্যখন হৈছে অসম৷
সামগ্রিকভাৱে দেশৰ মুদ্রাস্ফীতিৰ হাৰতকৈ অসমৰ মুদ্রাস্ফীতিৰ হাৰ অস্বাভাবিকভাৱে বেছি৷ ৰাষ্ট্রীয় পৰিসংখ্যাগত কার্যালয়ে এপ্রিল মাহত জাৰি কৰা সমগ্র দেশৰ মার্চ মাহৰ মুদ্রাস্ফীতি আছিল ৬.৯৫ শতাংশ৷ এই মুদ্রাস্ফীতি আছিল যোৱা ১৭ মাহৰ ভিতৰত সর্বাধিক৷
লক্ষণীয়ভাৱে অসমত উক্ত সময়ছোৱাত মুদ্রাস্ফীতিৰ হাৰ আছিল ৮.১৯ শতাংশ৷ হয়াতোকৈ উদ্বেগজনক বিষয়টো হৈছে অসমৰ চহৰাঞ্চলতকৈ গাঁও অঞ্চলত মুদ্রাস্ফীতিৰ হাৰ অভাৱনীয় হাৰত বেছি৷ অসমৰ চহৰাঞ্চলত মুদ্রাস্ফীতিৰ হাৰ যেতিয়া ৫.৪৬ শতাংশ, গ্রামাঞ্চলত এই হাৰ হৈছে ৮.৮৫ শতাংশ৷ সামগ্রিকভাৱে সমগ্র দেশতে চহৰাঞ্চলতকৈ গ্রামাঞ্চলত মুদ্রাস্ফীতিৰ হাৰ বেছি যদিও অসমৰ দৰে ব্যাপক পার্থক্য পৰিলক্ষিত হোৱা নাই৷ দেশৰ চহৰাঞ্চলত মুদ্রাস্ফীতিৰ হাৰ যেতিয়া ৬.১২, গ্রামাঞ্চলত মুদ্রাস্ফীতিৰ হাৰ হৈছে ৭.৬৬ শতাংশ৷
মন কৰিবলগীয়া যে চহৰাঞ্চলতকৈ গ্রামাঞ্চলতেহ সৰহসংখ্যক লোকে বসবাস কৰে৷ পিছে গ্রামাঞ্চলত মূল্যবৃদ্ধিৰ অতিৰিক্ত বোজাই ৰাজ্যৰ গ্রামীণ অর্থনীতি কোঙা কৰি তোলাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ হয়াৰ বিৰূপ প্রভাৱ ৰাজ্য তথা দেশৰ সামগ্রিক অর্থনীতিতো পৰাটো নিশ্চিত৷ উল্লেখ্য যে সর্বাধিক মুদ্রাস্ফীতিৰ হাৰ থকা ৰাজ্যখন হৈছে পশ্চিমবংগ৷ ৰাজ্যখনত মার্চ মাহত মুদ্রাস্ফীতিৰ হাৰ আছিল ৮.৮৫ শতাংশ৷
আনহাতে, দ্বিতীয় সর্বাধিক মুদ্রাস্ফীতিৰ হাৰ থকা ৰাজ্য হিচাপে অসমৰ লগতে সন্নিৱিষ্ট হৈ আছি উত্তৰ প্রদেশৰ নামো৷ অসমৰ দৰেহ উত্তৰ প্রদেশত নিত্য প্রয়োজনীয় সা–সামগ্রীৰ মুদ্রাস্ফীতিৰ হাৰ হৈছে ৮.১৯ শতাংশ৷ আনহাতে দক্ষিণৰ ৰাজ্যসমূহত মুদ্রাস্ফীতিৰ হাৰ লক্ষণীয়ভাৱে কম দেখা পোৱা গৈছে৷ দেশৰ ভিতৰত আটাহতকৈ কম মুদ্রাস্ফীতি হোৱা ৰাজ্যখন হৈছে তামিলনাডু৷ মার্চ মাহত ৰাজ্যখনৰ মুদ্রাস্ফীতি আছিল মাত্র ৪.৩৬ শতাংশ৷ লক্ষণীয়ভাৱে তামিলনাডুৰ পাছত আটাহতকৈ কম মুদ্রাস্ফীতিৰ হাৰ থকা ৰাজ্যখন হৈছে পঞ্জাব (৪.৩৯)৷ আনহাতে, অপেক্ষাকৃতভাৱে মুদ্রাস্ফীতিৰ হাৰ কম থকা আন দুখন ৰাজ্য হৈছে কেৰালা (৪.৭০) আৰু কর্ণাটক (৫.৫৯)৷