নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাওবৈচাত শিঙৰাৰ বানত ধ্বংস আন্ত:গাঁথনি

🔹 বিধ্বস্ত যাতায়াত ব্যৱস্থাই দুৰ্ভোগ ভোগাইছে জনতাক
বিশেষ বাৰ্তা, ৭ ছেপ্টেম্বৰ : শিঙৰাৰ ওভতনি বানত দিকবিদিক হেৰুওৱা দক্ষিণ নাওবৈচাৰ সহস্ৰাধিক বন্যাৰ্তৰ মাজলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিলেও সংহাৰী বানৰ বিভীষিকাই এতিয়াও বন্যাৰ্তক খেদি ফুৰিছে। উল্লেখযোগ্য যে যোৱা জুন মাহত দুবাৰকৈ  শিঙৰা নদীৰ সোঁপাৰৰ শিঙৰা গাঁৱৰ সমীপৰ মথাউৰিৰ উন্মুক্ত অংশৰে  নদীখনৰ বাঢ়নী পানী সোমাই অঞ্চলটোত বানে কাল ৰূপ ধাৰণ কৰি নিমিষতে ধ্বংস কৰি নিছিল দক্ষিণ নাওবৈচাৰ সহস্ৰাধিক বন্যাৰ্তৰ সম্পত্তি। ইয়াৰ সমান্তৰালভাৱে অঞ্চলটোৰ মাজেৰে পাৰ হৈ যোৱা পাভ, বোকানদী, শিঙিয়া আদি নদী-উপনৈসমূহৰ সংহাৰী বানে বুৰাই পেলোৱা বিভিন্ন অঞ্চলৰ বিধ্বস্ত বাট-পথ, দলং-কালভাৰ্টে পথচাৰীক দুৰ্ভোগ ভোগাইছে।  বৃহত্তৰ বানবিধ্বস্ত  অঞ্চলটোৰ গ্ৰাম্য পথসমূহৰ লগতে মূল পহুমৰা পকণীয়া সংযোগী লোকনিৰ্মাণ পথটো চলিত বানত বিস্তৰ ক্ষতিসাধন হোৱাত জনসাধাৰণে যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিবলগীয়া হৈছে। অঞ্চলটোৰ বিভিন্ন গ্ৰাম্য এলেকাত জনসাধাৰণে মৰণত শৰণ দি কোনোমতে যাতায়াত অব্যাহত ৰাখিছে। নাওবৈচা ৰাজহ চক্ৰৰ অধীনস্থ এটা গুৰুত্বপূৰ্ণ পহুমৰা পকণীয়া সংযোগী লোকনিৰ্মাণ পথটোৰ শিঙৰা আৰু গোসাঁনীবাৰী গাঁৱৰ বিভিন্ন অংশত শিঙৰাৰ বানে বিস্তৰ ক্ষতিসাধন কৰাত অতি গুৰুত্বপূৰ্ণ পথটোৰে জনসাধাৰণে বিপজ্জনকভাৱে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে।  আনহাতে, শিঙৰাৰ বানে খণ্ড-বিখণ্ড কৰা তাঁতীয়েমৰা বঙালমৰা সংযোগী পথটোও মেৰামতি নকৰাত  স্থানীয় ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অঞ্চলটোৰ অতি গুৰুত্বপূৰ্ণ ৰহালী বৰগঞা গেন্ধালী সংযোগী পথ, গড়ছিগা বঙালমৰা সংযোগী পথ ,দলহাট তিনিআলিৰ পৰা দলহাট বজাৰ সংযোগী পথকে ধৰি বহুকেইটা অতি গুৰুত্বপূৰ্ণ লোকনিৰ্মাণ পথৰ চলিত বানত বিস্তৰ ক্ষতিসাধন হয়। সেয়েহে অঞ্চলটোৰ ৰাইজে বানত ক্ষতিসাধন হোৱা পথসমূহ তৎকালীনভাৱে  যাতায়াতৰ  উপযোগী হোৱাকৈ মেৰামতি কৰি দিবলৈ জিলা উপায়ুক্তগৰাকীক দাবী জনাইছে  ৰাইজে।
প্ৰেৰক নিতুল বৰা
You might also like