নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্যটন সম্ভাৱনা বৃদ্ধিৰ বাবে আন্তঃগাঁথনি উন্নীতকৰণক বিশেষ অগ্ৰাধিকাৰ : সৰ্বানন্দ সোণোৱাল

🔹 শ্বিলঙত ব্যৱসায়ী-যুৱপ্ৰজন্ম-মহিলা প্ৰতিনিধিৰে বাজেট সন্দৰ্ভত আলোচনা

বিশেষ বাৰ্তা, ২৭ জুলাই : কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শ্বিলঙত ব্যৱসায়িক সম্প্ৰদায়, যুৱপ্ৰজন্মৰ লগতে অঞ্চলটোৰ মহিলাসকলৰ প্ৰতিনিধিসকলৰ সৈতে কেন্দ্ৰীয় বাজেট, ২০২৪ সন্দৰ্ভত এক আলোচনাত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় বাজেট ২০২৪-এ বিকশিত ভাৰতৰ দৃষ্টিভংগীক অধিক শক্তিশালী কৰাৰ দিশত যাৱতীয় ৰোডমেপ মুকলি কৰিছে। দেশৰ প্ৰগতিৰ যাত্ৰাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা উত্তৰ-পূব ভাৰতে এই বাজেটৰ পৰা যথেষ্ট লাভান্বিত হ’ব, কিয়নো ইয়াৰ লক্ষ্য হৈছে যুৱপ্ৰজন্ম, মহিলা আৰু জনজাতীয় সম্প্ৰদায়ৰ বিশেষ সবলীকৰণেৰে উত্তৰ- পূব অঞ্চলটোৰ অৰ্থনৈতিক, ঔদ্যোগিক আৰু কৃষি তথা পৰ্যটন খণ্ডক শক্তিশালী কৰা।- সৰ্বানন্দ সোণোৱালে আজি অনুষ্ঠানত এইদৰে মন্তব্য কৰে। জনজাতীয় লোকসকলৰ সবলীকৰণ সন্দৰ্ভত অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়- কেন্দ্ৰীয় বাজেট, ২০২৪-এ বিকশিত ভাৰতৰ নতুন পথ নিৰ্ধাৰণ কৰিছে। নতুন উদ্যম আৰু অগ্ৰাধিকাৰৰ সৈতে এই বাজেটৰ বিশেষ লক্ষ্য হৈছে উত্তৰ-পূবৰ যুৱ শক্তি, মহিলা শক্তি আৰু জনজাতীয় সম্প্ৰদায়ৰ সশক্তিকৰণৰ সৈতে অৰ্থনৈতিক, ঔদ্যোগিক আৰু কৃষি তথা পৰ্যটন খণ্ডক শক্তিশালী কৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূবক ‘অষ্টলক্ষ্মী’ আৰু ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন হিচাপে চিনাক্ত কৰিছে। মোদীৰ বলিষ্ঠ নেতৃত্বত জনজাতীয় সম্প্ৰদায়সমূহৰ সবলীকৰণৰ বাবে এই বাজেটত ১৩,০০০ কোটি টকাৰ পুঁজি ধাৰ্য কৰাৰ ফলত পূৰ্বৰ তুলনাত প্ৰায় ২০০% ব্যয় বৃদ্ধি পাব। আমাৰ পৰম্পৰাগত শিল্পী, কাৰিকৰ, আত্মসহায়ক গোট, অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু মহিলা উদ্যোগীৰ সবলীকৰণৰ বাবে প্ৰধানমন্ত্ৰী
বিশ্বকৰ্মা, প্ৰধানমন্ত্ৰী স্ব-নিধি, ৰাষ্ট্ৰীয় জীৱিকা মিছন আৰু ষ্টেণ্ড আপ ইণ্ডিয়াৰ দৰে কল্যাণকামী আঁচনিৰ বাবে এই বাজেটত পুঁজি আবণ্টন বৃদ্ধি কৰা হৈছে। জনজাতীয় সম্প্ৰদায়সমূহৰ সশক্তিকৰণৰ বাবে আন এক গুৰুত্বপূৰ্ণ আঁচনি ‘প্ৰধানমন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম’ এই বাজেটতে ঘোষণা কৰা হৈছে, যাৰ লক্ষ্য হ’ব জনজাতীয় সম্প্ৰদায়সমূহৰ আৰ্থ-সামাজিক অৱস্থা উন্নত কৰা। ইয়াৰ ফলত ৬৩,০০০খন গাঁৱৰ ৫ কোটি জনজাতীয় লোক প্ৰত্যক্ষভাৱে লাভান্বিত হ’ব। উত্তৰ-পূবৰ কৃষিখণ্ডৰ সামগ্ৰিক উন্নয়নৰ বাবে বাজেট বৃদ্ধিৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত আমাৰ চৰকাৰে প্ৰাকৃতিক কৃষি আৰু উদ্যানশস্যৰ প্ৰাণকেন্দ্ৰ হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰচুৰ সম্ভাৱনা উন্মুক্ত কৰাৰ লগতে আমাৰ যুৱ প্ৰতিভাক বিশ্বমানৰ দক্ষ কৰ্মশক্তি হিচাপে সক্ষম কৰাৰ দিশত কাম কৰি আছে। প্ৰস্তাৱিত ডিজিটেল শস্য জৰীপৰ সৈতে কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ঋণৰ ব্যৱস্থা উন্নত কৰা হ’ব। পৰিৱেশ-অনুকূল বহনক্ষম কৃষি প্ৰকল্পৰ বাবে ৫৯৮ কোটি টকাৰ আবণ্টনে জলবায়ু পৰিৱৰ্তন, খহনীয়া, কীট-পতংগৰ আক্ৰমণ, ৰোগৰ সংক্ৰমণ আদিৰ দৰে প্ৰতিকূল প্ৰভাৱ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব আৰু অঞ্চলটোৰ কৃষিজাত সামগ্ৰীৰ সম্ভাৱনা বৃদ্ধি যথেষ্ট উন্নত কৰিব। সৰ্বানন্দ সোণোৱালে লগতে কয়- এইবাৰৰ বাজেটৰ লক্ষ্য হৈছে উৎপাদন আৰু সেৱাখণ্ডক শক্তিশালী কৰা, বিশেষকৈ মুদ্ৰা আঁচনিৰ অধিক শক্তিশালীকৰণ, যাৰ জৰিয়তে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ বাবে প্ৰয়োজনীয় ঋণ সমৰ্থন বৃদ্ধি হ’ব। ইয়ে কেৱল ঔদ্যোগিক সম্ভাৱনাবোৰক ত্বৰান্বিত কৰাই নহয়, লগতে বৃহৎ নিযুক্তিৰ সুযোগো সৃষ্টি কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল দৃষ্টিভংগীৰ ফলশ্ৰুতিত এক নতুন ক্ৰেডিট গেৰাণ্টী আঁচনিয়ে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগবোৰৰ কাৰ্যকৰী দক্ষতা বৃদ্ধি কৰাত সহায় কৰিব।

মোদী চৰকাৰৰ এক অনন্য পদক্ষেপ প্ৰত্যক্ষ লাভালাভ স্থানান্তৰ (DBT)ৰ জৰিয়তে প্ৰথমবাৰৰ কৰ্মচাৰীসকলক তিনিটা কিস্তিত ১৫,০০০ টকাকৈ আগবঢ়োৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ইয়াক মেঘালয় ঔদ্যোগিক আৰু বিনিয়োগ প্ৰসাৰ নীতিৰ সৈতে একত্ৰিত কৰা হ’ব। ই ৰাজ্যখনত ঔদ্যোগিক বিকাশ আৰু চাকৰি সৃষ্টিত উদগনি যোগাব। যুৱ শক্তিৰ সবলীকৰণৰ বাবে ১,০০০খন আইটিআই উন্নীত কৰাৰ লগতে মহিলা হোষ্টেল স্থাপন কৰা হ’ব। কেন্দ্ৰীয় বাজেট ২০২৪-ত উত্তৰ-পূবকে ধৰি দূৰৱৰ্তী অঞ্চলসমূহলৈ সকলোধৰণৰ সংযোগ প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ চতুৰ্থ পৰ্যায়ৰ জৰিয়তে আন্তঃগাঁথনি বৃদ্ধিৰ বাবে গুৰুত্বপূৰ্ণ বিত্তীয় পদক্ষেপ অন্তৰ্ভুক্ত কৰা হৈছে। এই গ্ৰাম চড়ক যোজনাই ইতিমধ্যে মেঘালয়ৰ ৩,৪৮২ কিলোমিটাৰ পথ সংযোগ কৰিছে, যাৰ মুঠ ব্যয় হৈছে ২০১৪ চনৰ পৰা ২৩১০.৭৬ কোটি টকা। বাজেটত উত্তৰ-পূব অঞ্চলৰ গ্ৰাম্য আন্তঃগাঁথনিকে ধৰি গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ বাবে ২.৬৬ লাখ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি উত্তৰ-পূবৰ পথ আৰু ঘাইপথ সংযোগৰ উন্নতিৰ বাবে ২০২৪ চনৰ কেন্দ্ৰীয় বাজেটত ১৯,৩৩৮ কোটি টকাৰ ব্যৱস্থা ৰখা হৈছে, যিয়ে মেঘালয়কে ধৰি সমগ্ৰ উত্তৰ-পূব অঞ্চলটোৰ পৰ্যটন আন্তঃগাঁথনি যথেষ্ট বৃদ্ধি কৰিব। আজিৰ এই অনুষ্ঠানত মেঘালয় চৰকাৰৰ পশুপালন মন্ত্ৰী আলেকজেণ্ডাৰ হেকেও অংশগ্ৰহণ কৰে।

You might also like