নগাঁৱত কৃষি বিভাগৰ দ্বাৰা ছিটিকা পোকৰ নিয়ন্ত্ৰণ কৰাৰ বাবে পদক্ষেপ
বিশেষ বাৰ্তা, ৩ মেঃ নগাঁও জিলা মৰাপাট খেতিৰ বাবে এক বিশেষ স্থান আছে৷ এই বছৰো নগাঁও জিলাৰ ১৪৭ খন গাৱঁৰ প্ৰায় ৮৪৬৭ হেক্টৰ মাটিত মৰাপাট খেতি কৰা হৈছে বুলি জিলা কৃষি বিষয়াই জানিবলৈ দিয়ে ৷ ইয়াৰ ভিতৰত ৰাষ্টীয় কৃষি বিকাশ যোজনা আৰু ৰাষ্টীয় খাদ্য সুৰক্ষা যোজনাৰ অধীনত পদৰ্শনমূলক আঁচনিও আছে ৷ ইতিমধ্যে মৰাপাট পুলিবোৰ ডাঙৰ হৈ অহাৰ লগে লগে ছিটিকা নামৰ এবিধ মাৰাত্মক পোকে মৰাপাটৰ কুমলীয়া পাতবোৰ খাই নষ্ট কৰা পৰিলক্ষিত হৈছে ৷ পুলি অৱস্থাত পাতবোৰ খালে মৰাপাট খেতিডৰাৰ পৰা কৃষকে একো উৎপাদন নাপায়, ফলত খেতিয়কৰ শ্ৰম ও ধন অথলে যায় ৷ জিলাখনৰ কিছু অণ্চলৰ পৰা ছিটিকা পোকৰ উপদ্ৰবৰ খবৰ পোৱাৰ লগেলগে জিলা কৃষি বিষয়া, তৰুণ হাজৰিকাই মহকুমা কৃষি বিষয়াদ্ৱয় ৰণ্জন প্ৰসাদ ডেকা, প্ৰেমেশ্ৱৰ নাথ আৰু কৃষি উন্নয়ন বিষয়া, মনোজ বৈশ্যক ধিংৰ দাতিকাষৰিয়া গাওঁ – খৰিয়ামাৰী, শলগুৰি, বিলতীয়া, সোণশিৰী ইত্যাদি গাৱঁৰ পথাৰ পৰিদৰ্শন কৰিবৰ বাবে দায়িত্ব দিয়ে ৷ তাৎক্ষণিক ভাবে কৃষি বিষয়াৰ দলটোয়ে আজি উক্ত গাৱঁৰ পথাৰবোৰ ভ্ৰমণ কৰি কৃষকৰ মাজত এই পোকবিধৰ নিয়ন্ত্ৰণৰ বাবে সজাগতা আনে ৷ আনহাতে জিলা কৃষি বিভাগৰ পৰা বিনামূলীয়াকৈ কুইনলফচ্ নামৰ এবিধ কীটনাশক দৰব কৃষকৰ মাজত বিতৰণ কৰি পোক নিবাৰণৰ ব্যৱস্থা কৰা হয় ৷ জিলা কৃষি বিষয়াজনে জানিবলৈ দিয়ে যে বিগত ২০১৪ চনত এই ছিটিকা পোকবিধে জিলাখনত এক সংহাৰী ৰূপত মৰাপাটৰ শস্য পথাৰ এফালৰ পৰা খাই তহিলঙ কৰাত কৃষকৰ বিস্তৰ ক্ষতিসাধন হৈছিল ৷ কেৱল মৰাপাট খেতিয়েই নহয় আন শস্যবোৰো এফালৰ পৰা খাই এই অপকাৰী পোকটোৱে যথেষ্ট ক্ষতি কৰিছিল ৷ সেয়েহে কৃষক ৰাইজক নিজৰ পথাৰডৰা সঘনাই পৰ্যবেক্ষণ কৰি ছিটিকা পোকৰ আক্ৰমণ দেখা মাত্ৰকে কীটনাশক দৰব প্ৰয়োগ কৰাৰ লগতে আন সুসংহত ব্যৱস্হা বোৰ হাতত লবৰ বাবে জিলা বিষয়াজনে নিৰ্দেশ দিয়ে।
প্ৰেৰক কনক হাজৰিকা