নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ চৰাইবাহীত কপিলী ফাৰ্মাৰ্চ প্ৰডিউচাৰ কোম্পানীৰ উদ্যোগত বিনামূলীয়া পশু চিকিৎসা শিবিৰ

নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ মৰিগাঁও জিলাৰ কপিলী উন্নয়ন খণ্ডৰ অন্তৰ্গত কপিলী ফাৰ্মাৰ্চ প্ৰডিউচাৰ কোম্পানীৰ উদ্যোগত আৰু মৰিগাঁও জিলা পশু পালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত আজি চৰাইবাহী সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰৰ খেলপথাৰত এটি বিনামূলীয়া পশু চিকিৎসা শিবিৰ অনুষ্ঠিত হয় ৷ মৰিগাঁও জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই শুভ উদ্বোধন কৰা এই পশু চিকিৎসা শিবিৰটিত মৰিগাঁও জিলা পশু পালন আৰু পশু চিকিৎসা বিভাগৰ জিলা বিষয়া ডাঃ নিলোতপল কাকতিৰ লগতে জিলাখনৰ পশু চিকিৎসক ক্ৰমে ডাঃ হৰিচৰণ নাথ , ডাঃ অমল তামুলি , ডাঃ বলাদিত্য কোঁৱৰ আৰু ডাঃ অপূৰ্ব হাজৰিকাই চিকিৎসা সেৱা প্ৰদান কৰে ৷ আনহাতে জিলাখন ১০ গৰাকী গোপাল মিত্ৰ আৰু পশু সখীও উপস্থিত থাকি এই চিকিৎসা শিবিৰত চিকিৎসা সেৱা আগবঢ়াই ৷ উল্লেখ যে কপিলী ফাৰ্মাচ পডিউচাৰ কম্পেনীৰ অন্যতম ডাৰেক্টৰ মানস নাথে আত ধৰা এই চিকিৎসা শিবিৰটিত চৰাইবাহী অঞ্চলৰ লগতে চৰাইবাহীৰ দাতিকাষৰীয়া অঞ্চলৰ প্ৰায় ৪ হাজাৰ পশুক বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে ঔষধো প্ৰদান কৰা হয় ৷

প্ৰেৰক মানস নাথ

You might also like