নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেলৰ আধাৰশিলা সৰ্বানন্দ সোণোৱালৰ

টার্মিনেলটো ২০২৪ চনৰ ফেব্ৰুৱাৰীৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণৰ আশা

ইয়াৰ নিৰ্মাণ ব্যয় ৪৬.৬০ কোটি টকা

বিশেষ বাৰ্তা ৪ জুলাইঃ চাহ নগৰী ডিব্ৰুগড়ৰ বগীবিলত কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি অভ্যন্তৰীণ জল পৰিবহণ টার্মিনেলৰ আধাৰশিলা স্থাপন কৰি এক ঐতিহাসিক মাইলৰ খুটা স্থাপন কৰিলে। এই উপলক্ষে ডিব্ৰুগড়ৰ মানকটা পুজা ফিল্ডত আয়োজিত এক জনসভাত ভাষণ প্রদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়—- ‘বগীবিলত আন্তঃগাঁথনি অধিক শক্তিশালী কৰি সমগ্ৰ অঞ্চলটোত অভ্যন্তৰীণ জলপথ পৰিবহণ পুনৰুজ্জীৱিত কৰাৰ দিশত আজি এক গুৰুত্বপূৰ্ণ দিন। আজি আধাৰশিলা স্থাপন কৰা অভ্যন্তৰীণ জল পৰিবহণ টার্মিনেলৰ নিৰ্মাণে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ‘জল পৰিবহণৰ উন্নতিৰ জৰিয়তে দেশৰ ৰূপান্তৰ সাধন’ৰ দৃষ্টিভংগী উপলব্ধি কৰাত অসমবাসীক সহায় কৰিব।ব্ৰহ্মপুত্ৰ আমাৰ সভ্যতা-সংস্কৃতিৰ পৰিচায়ক। আমি মহাবাহু ব্ৰহ্মপুত্ৰৰ অপৰিসীম সুযোগ-সম্ভাৱনাক সদ্ব্যৱহাৰ কৰিব লাগিব আৰু ইয়াৰ জৰিয়তে অসম তথা ভাৰতৰ অৰ্থনৈতিক আৰু ব্যৱসায়িক দিশটো অধিক শক্তিশালী কৰিব লাগিব। জল পৰিবহণ হৈছে পাৰিপাৰ্শ্বিকভাৱে অনুকূল, কম খৰচী আৰু সময় হ্ৰাস কৰা এক দক্ষ মাধ্যম। ইয়াক আমি সর্বাংগীণ বিকাশ আৰু প্ৰগতিৰ বাবে সর্বশ্রেষ্ঠ উপায়েৰে ব্যৱহাৰ কৰিব লাগিব বুলিও উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে।ইফালে প্ৰায় ৪৬.৬০ কোটি টকা ব্যয়েৰে নিৰ্মান হব লগীয়া অত্যাধুনিক পর্যটক তথা কার্গ’কেন্দ্রিক এই টার্মিনেলে উজনিৰ ব্যৱসায়ীক ক্ষেত্ৰখনৰ বাবে এক আশাৰ সঞ্চাৰ কৰিয়াই আনিছে।এই অভিলাষী প্রকল্পটো অহা বছৰৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কথা।এই টার্মিনেলে মাল আৰু যাত্ৰীৰ সুচল চলাচল ত্বৰান্বিত কৰি সমগ্ৰ অঞ্চলটোৰ অভ্যন্তৰীণ জলপথ পৰিবহণ ব্যৱস্থাক পুনৰুজ্জীৱিত কৰাতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ সম্ভাৱনা আছে। যাৰ ফলত বেপাৰ-বাণিজ্য আৰু সামগ্ৰিক অৰ্থনৈতিক বিকাশৰ পথ প্ৰশস্ত হ’ব।অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰাই কয়—- ‘এসময়ত ডিব্ৰুগড় এক গুৰুত্বপূৰ্ণ নদী বন্দৰ হিচাপে খ্যাত আছিল। এই অঞ্চলৰ মোহনাঘাটৰ পৰা থলুৱাভাৱে উৎপাদিত বিভিন্ন সা-সামগ্রী ব্রহ্মপুত্ৰয়েদি বংগোপসাগৰৰ জৰিয়তে দেশ-বিদেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰা হৈছিল আৰু লগতে ইয়ালৈ আমদানিও হৈছিল। অসমৰ অর্থনৈতিক বুনিয়াদ গঢ় দিয়াত ডিব্ৰুগড়ৰ নদী বন্দৰৰ ভূমিকা ঐতিহাসিকভাৱে তাৎপর্যপূর্ণ। কিন্তু স্বাধীনতাৰ পৰৱৰ্তীকালত কংগ্ৰেছৰ অৱহেলা আৰু অপশাসনৰ বাবেই ডিব্ৰুগড়ৰ এই গৰিমা ম্লান পৰি ৰৈছিল।এই দিশত ডিব্ৰুগড়ৰ পূৰ্বৰ গৰিমা পুনৰ ঘূৰাই অনাৰ লক্ষ্যৰে ক্ষিপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰা হৈছে।মই বিশ্বাস কৰোঁ যে বগীবিলৰ এই আধুনিক টার্মিনেলে ডিব্ৰুগড়ক এক অন্যতম মুখ্য বাণিজ্যিক কেন্দ্ৰ হিচাপে পুনৰুজ্জীৱিত কৰাৰ দিশত অনুঘটক হিচাপে কাম কৰিব। বগীবিলৰ অভ্যন্তৰীণ জল পৰিবহণ টার্মিনেল উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশ, নাগালেণ্ডৰ উন্নয়নত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব, কিয়নো ই মাল আৰু যাত্ৰী তথা পৰ্যটকৰ পৰিবহণৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব।তেতিয়া তুলনামূলকভাৱে কম পৰিবহণ ব্যয়ৰ সৈতে সা-সামগ্ৰীৰ আমদানি-ৰপ্তানি অধিক সহজসাধ্য হৈ উঠিব।’ ইফালে জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধীনত নিৰ্মাণ হ’বলগীয়া উক্ত টার্মিনেলত বহুতো আধুনিক বৈশিষ্ট্য থাকিব। টার্মিনেলটো ইণ্ডিয়ান প’ৰ্ট ৰেল এগু ৰ’পৱে কনষ্ট্রাকছন লিমিটেডে কাৰ্যকৰী কৰি তোলাৰ দায়িত্ব বহন কৰিছে।টার্মিনেলটোৰ কিছুমান মুখ্য সুবিধাৰ ভিতৰত আছে মাল আৰু যাত্ৰীবাহী বাৰ্থ, প্ৰৱেশ আৰু অন্যান্য অভ্যন্তৰীণ পথ, ট্রাঞ্জিট শ্বেড, মুকলি সংৰক্ষণ ক্ষেত্ৰ, ট্রাক পার্কিং এলেকা, যাত্ৰী জিৰণি স্থান ইত্যাদি ইত্যাদি।যিহেতু অভ্যন্তৰীণ জলপথৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ ফলত নতুন উদ্যোগ যেনে খাদ্য প্ৰক্ৰিয়াকৰণ, ফাৰ্মাচিউটিকেল, চিমেণ্ট আদি ডিব্ৰুগড় আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত স্থাপন হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। লগতে চাহ, পলিমাৰ, কয়লা, সাৰ আদিৰ দৰে বিদ্যমান মুখ্য বাণিজ্যসমূহো অত্যাধুনিক জল পৰিবহণ ব্যৱস্থাৰ জৰিয়তে অধিক উন্নত হোৱাৰ আশা আছে।উক্ত আধুনিক টার্মিনেলে শিৱসাগৰ, মাজুলী, ইটানগৰ, জিৰ’ ভেলী, পাছিঘাট, ৰ’য়িং, টাৱাং উপত্যকা আদিৰ দৰে গন্তব্যস্থানৰ পৰ্যটন বৃদ্ধিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰো সম্ভাৱনাৰ অৱকাশ আছে। এই প্ৰসংগত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত ‘এক্ট ইষ্ট নীতি’ৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত এতিয়া যাতায়াত-যোগাযোগ ব্যৱস্থা সুগম হৈ পৰিছে।যাৰ ফলত সমগ্ৰ অঞ্চলটোত সূচনা হৈছে উন্নয়নৰ এক নতুন দিগন্তৰ।প্রধানমন্ত্রীৰ গতি শক্তিৰ পদক্ষেপসমূহে অসমৰ অৰ্থনৈতিক গতি অধিক ত্বৰান্বিত কৰাৰ লগতে যুৱপ্ৰজন্মৰ বাবে সংস্থাপনৰ পথো প্রশস্ত কৰিব বুলিও আশা প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।অনাগত দিনত শদিয়াতো অত্যাধুনিক টার্মিনেল নিৰ্মাণৰ বিষয়ে চিন্তা-চৰ্চা কৰি থকাৰ বিষয়েও অৱগত কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ে যোৱা ৯ বছৰত ভাৰতৰ জলপথ খণ্ডত অভূতপূৰ্ব পৰিৱৰ্তন সাধন কৰাৰ লগতে উত্তৰ-পূব অঞ্চলৰ জলপথৰ উন্নয়নৰ বাবে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে ব্ৰহ্মপুত্ৰৰ শিলঘাটলৈকে নদীখনত নেভিগেশ্যনেল সহায়ক আৰু নিশাৰ নেভিগেচন প্ৰণালীৰো ব্যৱস্থা কৰিছে। ইফালে পাণ্ডু আৰু ধুবুৰীত স্থায়ী টার্মিনেল স্থাপনে যোৱা দুবছৰত ধুবুৰী টার্মিনেলৰ পৰা ৩৮৫ খন মালবাহী জাহাজ ধুবুৰীৰ পৰা বাংলাদেশলৈ গৈছে। আনহাতেদি গুৱাহাটীৰ পাণ্ডু টার্মিনেল কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰিবলৈ ১৮০ কোটি টকাৰ প্রকল্প ব্যয়সাপেক্ষে পাণ্ডু টার্মিনেলক ৰাষ্ট্ৰীয় ঘাইপথ-২৭ৰ সৈতে সংযোগ কৰাৰো এক বৈকল্পিক পথৰ নিৰ্মাণৰ কাম চলি থকাৰ বিষয়েও সদৰী কৰে। অনুষ্ঠানত ৰাজ্যৰ মন্ত্ৰী ক্ৰমে বিমল বড়া, সঞ্জয় কিষাণ, পৰিমল শুক্লবৈদ্য আৰু বিধায়ক প্রশান্ত ফুকন, বিনোদ হাজৰিকা, চক্ৰধৰ গগৈ, নৱ কুমাৰ দলে, তেৰছ গোৱালা, অমিয় কুমাৰ ভূঞা, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ সঞ্জয় বন্দোপাধ্যায়, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, বিভিন্ন নিগম-নিকায়ৰ অধ্যক্ষসকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।

প্ৰেৰক বিভাস দুৱৰা

You might also like