নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিনাদোষত আৰক্ষীৰ নিৰ্যাতনত ভুগি যুৱকৰ আত্মহনন

নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰঃ দুৰ্গাপূজাৰ বিজয়া দশমীৰ আনন্দ উল্লাসৰ মাজতে দেৰগাঁৱত কালি সংঘটিত এক দুৰ্ভাগ্যজনক ঘটনাই গভীৰ শোকৰ ছাঁ পেলোৱাৰ লগতে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰামতে,বিজয়া দশমীৰ দিনা প্ৰতিবছৰে সৃষ্টি হোৱা জনসমাগমৰ সময়ত আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে সষ্টম ভূমিকা গ্ৰহণ কৰি আছিল। বিয়লি,প্ৰতিমা বিসৰ্জনৰ সময়ত এখন কাজিয়াৰ ঘটনাক লৈ আৰক্ষীয়ে এজন যুৱকক আটক কৰি ৰাখে।পিছত এই যুৱকজনেই আৰক্ষীক দোষাৰোপ কৰি ককায়েকক উদেশ্যী এটা ফেচবুক পোষ্ট দি আত্মহত্যা কৰাৰ পাছতে সমগ্ৰ ৰাজ্য জুৰি চাঞ্চল্যৰ সৃষ্টি হয়। ফেচবুক পোষ্ট টোত তেওঁ ককায়েকক উদেশ্যী কৈছে ‘মাক চাবি মই আৰু ঘৰলৈ নাযাও’।এই পোষ্টটোতে তেওঁ ব্যক্ত কৰিছে যে তেওঁ নিৰপৰাধী। এখন কাজিয়া ভাঙি দিবলৈ যাওতে আৰক্ষীয়ে তেওক ধৰি নি মাৰপিট কৰি আবদ্ধ কৰাৰ লগতে ৰাজহুৱা কৈ অপদস্থ কৰে। তাৰ বাবে হীনমন্যতাত ভূগি এই চৰম পন্থা বাছি লৱলৈ বাধ্য হয়। পিছত গেলাবিল নদীৰ কাষৰ এজোপা গছত ওলমি থকা অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয়। আজি স্থানীয় দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে অজয় দত্ত নামৰ একৈশ বছৰীয়া যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি আনে।ঘটনা সম্পৰ্কত পৰিয়ালে আজি ন্যায় বিচাৰি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে।যুবকজনৰ জ্যেষ্ঠ ভাতৃয়েও ভায়েকৰ মৃত্যুৰ বাবে আৰক্ষীকে দোষাৰোপ কৰি এই ঘটনাৰ তদন্ত দাবী কৰিছে। ইপিনে দুৰ্ভাগ্যজনক ঘটনাটোৰ সম্পৰ্কত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে এক ফেচবুক পোষ্ট যোগে দেৰগাঁৱৰ এই অবাঞ্চিত ঘটনাই অসম আৰক্ষীক গভীৰভাৱে ব্যথিত কৰা বুলি উল্লেখ কৰিছে আৰু যুৱকজনৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে।ঘটনাৰ তদন্ত কৰি ইয়াৰ লগত জড়িতসকলক চিনাক্ত কৰা আৰু আইনগত ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যেই গোলাঘাট ৰ আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়া বুলিও তেওঁ ব্যক্ত কৰে।ৰাইজক আশ্বস্ত কৰিবলৈ তেওঁ পুণৰ উল্লেখ কৰে যে অসম আৰক্ষীক অধিক সংবেদনশীল আৰু মানৱীয়ভাৱবোধৰ অধিকাৰী আৰক্ষী গোটলৈ পৰিবৰ্তন কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত থাকিব। ইপিনে আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশৰ পাচতে জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ নেতৃত্বত এটা আৰক্ষীৰ দলে দেৰগাঁৱলৈ আহি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। নিশালৈ দেৰগাঁৱৰ দলৌমুখ কুমাৰ গাঁৱৰ যুৱকজনৰ গৃহতো জিলা আৰক্ষী অধীক্ষক গৰাকী উপস্থিত হোৱা বুলি জানিব পৰা গৈছে।

প্ৰেৰক প্ৰণৱ চক্ৰৱৰ্তী

You might also like