চৰকাৰীভাৱে আজিও অৱহেলিত ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰঃ ষষ্ঠ মৃত্যু বাৰ্ষিকীত মহীৰূহলৈ পাঠশালাত ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থাৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি
নিয়মীয়া বাৰ্তা, ১২ জুনঃ ১৯৬৩ চনৰ দুই অক্টেবৰত পাঠশালাৰ হৰিমন্দিৰত নটৰাজ থিয়েটাৰেৰে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্ম দিয়া অচ্যুত লহকৰৰ আজি ষষ্ঠ মৃত্যু বাৰ্ষিকী। নাট্যনগৰী পাঠশালাৰ প্ৰগতি সংঘৰ বাকৰিত অচ্যুত লহকৰৰ সমাধিস্থলীত আজি অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থাৰ উদ্যোগত ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক মঞ্চপ্ৰভাকৰ অচ্যুত লহকৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মহীৰূহ গৰাকীৰ মৃত্যুৰ দিনটোত স্মৰণ কৰা হয়৷ প্ৰগতি সংঘৰ বাকৰিত থকা লহকৰৰ প্ৰতিমুৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱা এই অনুস্থানত উপস্থিত থাকে কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰ, ভাগ্যদেৱী থিয়েটাৰৰ প্ৰযোজক সুবোধ মজুমদাৰ, বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজক নজৰুল ইছলাম, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা লক্ষেশ্বৰ দাস সমন্বিতে কলা কুশলী সকল৷ ইপিনে বিশ্বতে নোহোৱা নোপাজা এক সৰ্বোৎকৃষ্ট গণ মাধ্যমৰ জন্ম দি অসমীয়া নাট্য সংস্কৃতিক আঢ্যৱন্ত কৰাৰ লগতে হাজাৰজনৰ সংস্থাপনৰ বাট মুকলি কৰা মঞ্চপ্ৰভাকৰ অচ্যুত লহকৰ যেন আজিও প্ৰকৃত সন্মান লাভৰ পৰা বঞ্চিত হৈ আছে৷ অচ্যুত লহকৰৰ মৃত্যুৰ পিছত ৰাজ্য চৰকাৰে পাঠশালাত অচ্যুত লহকৰৰ স্মৃতি চিৰ যুগমীয়া কৰাৰ বাবে কোটি টকা ব্যয় সাপেক্ষে অচ্যুত লহকৰ সাংস্কৃতিক প্ৰেক্ষাগৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও বিগত ৬টা বছৰে সম্পূৰ্ণ হৈ নুঠিল প্ৰেক্ষাগৃহৰ নিৰ্মাণৰ কাম। ইয়াৰ সমান্তৰালভাবে অচ্যুত লহকৰক আজিলৈ ৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰা নহ’ল। যাক লৈ সমগ্র বজালীবাসীয়ে আজি মহীৰূহ ৰাকীলৈ শ্ৰদ্ধাজ্ঞলি জনাই তেওঁৰ মৃত্যুৰ দিনটোত তীব্র ক্ষোভ প্ৰকাশ কৰিছে।
প্ৰেৰকঃ কল্যাণ কলিতা