নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ পথাৰত চৰহা পোকৰ উপদ্ৰৱ

🔹 এফালৰ পৰা মৰহিছে সঁজাল ধৰা ধান খেতি

🔹 খবৰ নাই কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীৰ

নিয়মীয়া বার্তা, ২৬ জুলাই : ৰাজ্যৰ কৃষিপথাৰত ভূতৰ ওপৰত দানহ। বান-খহনীয়াত সৰ্বস্বান্ত কৃষকৰ আন এক বিপদ। চৰহা পোকে চকুৰ টোপনি হৰিছে কৃষকৰ। চৰহা পোকৰ আক্ৰমণত ত্ৰাহি মধুসূদন সুঁৱৰিছে ৰাজ্যৰ চহা কৃষকে। চৰহা পোকৰ উপদ্ৰৱত এফালৰ পৰা মৰহিছে সঁজাল ধৰা খেতি। জাক জাক চৰহা পোকে শেষ কৰি গৈছে এডৰাৰ পিছত আনডৰা কৃষিভূমি। ঢকুৱাখনা কৃষিচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ পথাৰত চৰহা পোকৰ ভয়ানক উপদ্ৰৱে এতিয়া কৃষকৰ সপোন তচনচ কৰি পেলাইছে। ঢকুৱাখনাৰ কৃষিচক্ৰৰ অন্তৰ্গত ১নং হিলৈদাৰী, জামুগুৰি, মহেমাৰী আদি কেইবাখনো গাঁৱৰ শালিধানৰ পথাৰ চৰহা পোকৰ গ্ৰাসত পৰিছে। আহাৰ মাহৰ মাজভাগত যিবোৰ ভূঁই ৰোৱা হৈছিল, সেই ভূঁইত চৰহা পোকে থিতাপি লৈ এফালৰ পৰা তচনচ কৰি পেলাইছে। নিতৌ ন ন অঞ্চললৈ বৃদ্ধি পাইছে চৰহা পোকৰ উপদ্ৰৱ। চৰহা পোকৰ আক্ৰমণৰ ফলত নষ্ট হৈছে উল্লেখিত গাঁৱৰ ৰাইজে বৰদৈ খলিহামাৰী পথাৰত কৰা বিঘাই বিঘাই সজাল ধৰা ধান খেতি। কৃষকৰ চকুৰ সন্মুখতে আশাৰে ৰোৱা ভূঁইৰ এনে অৱস্থাত কৃষকৰ চকুৰ টোপনি নোহোৱা হৈছে। মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা চকুৰ সন্মুখতে নষ্ট হোৱা দেখি মূৰে-কপালে হাত দিছে দুৰ্ভগীয়া কৃষকে ৷ ক’লা বৰণৰ জাক জাক পোকৰ আক্ৰমণত বিশেষকৈ ধানৰ পাতৰ অংশ জ্বলি ধানখেৰৰ দৰে হৈ গৈছে ৷ এমুঠি ধানত প্ৰায় ৩০/৪০টা পোকে আক্ৰমণ চলাইছে৷ গুৰুত্বপূৰ্ণ সময়ছোৱাত চৰহা পোকৰ আক্ৰমণে কৃষকৰ কৃষি উৎপাদন একেবাৰে নিম্নগামী যে কৰিব, তাৰ পূৰ্ণ সম্ভাৱনাই গা কৰি উঠিছে বুলি স্থানীয় ৰাইজে একমুখে স্বীকাৰ কৰিছে। কৃষকৰ এনে দুখ লগা পৰিস্থিতিৰ সময়তো এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিয়াগোম কৃষি বিভাগে। পোকৰ আক্ৰমণৰ পৰা নিজৰ খেতিডৰা ৰক্ষা কৰিবলৈ পৰম্পৰাগত পদ্ধতিৰে গছৰ ডাল-জেং পুতি পোক খোৱা চৰাই পৰিবলৈ সুবিধা কৰি দিয়াৰ লগতে সন্ধিয়া পথাৰত চাকি জ্বলোৱাৰ ব্যৱস্থা কৰিছে যদিও উপকৃত হ’ব পৰা নাই। কৃষকসকলে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক এইক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই আহিছে যদিও কৃষি বিভাগৰ বিশেষ সঁহাৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে কৃষকসকলে। কৃষকৰ এনে আলৈ-আথানিৰ পিছতো খবৰ নাই ৰাজকোষৰ দৰমহা লৈ বহি থকা কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ। আনহাতে, কৃষিৰ ওপৰতে নিৰ্ভৰশীল ৰাইজে এনেদৰে কষ্টেৰে কৰা খেতিডৰাও পোকে নষ্ট কৰাত পৰিয়াল পোহপাল দিয়াক লৈ ভীষণ চিন্তাত পৰিছে কৃষক ৰাইজ । শীঘ্ৰে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক চৰহা পোকৰ উপদ্ৰৱৰ পৰা ৰক্ষাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া কৃষকসকলে ৷

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like