নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৱেৰে ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন ঢকুৱাখনাৰ বিধায়কৰ

নিয়মীয়া বার্তা, ২৩ জানুৱাৰী : বাৰিষাত নহয়, খৰালিতে ব্ৰহ্মপুত্ৰৰ খহনীয়াই জটিল ৰূপ ধাৰণ কৰিছে ঢকুৱাখনাত। শেহতীয়াভাৱে ঢকুৱাখনা-মাজুলীৰ সুৰক্ষা কৱচ স্বৰূপ চিচি- টেকেলিফুটা পথ-মথাউৰীৰ উজনিৰ পৰা নামনিলৈ বিস্তীর্ণ অংশত ব্ৰহ্মপুত্ৰৰ নৈয়ে প্ৰৱল খহনীয়াৰ সৃষ্টি কৰি ঢকুৱাখনাৰ প্ৰতিয়ে নহয়, নদীদ্বীপ মাজুলীৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।বিগত সপ্তাহতে ব্ৰহ্মপুত্ৰই মাতমৰাৰ বাঘচুকত যোৱা বৰ্ষ কেইবাকোটি টকা ব্যয়ৰে স্থাপন কৰা চেক বান্ধটোৰ উজনি-নামনিৰ বিশাল এলেকা ইতিমধ্যে খহাই নি বাৰিষাৰ পূৰ্বেই এক ভয়ানক সংকট আৰু বিপর্যয় নমাই আনিছে।ইয়াৰ পিছতেই ঢকুৱাখনা-মাজুলীৰ সুৰক্ষাৰ সৈতে জড়িত থকা স্পৰ্শকাতৰ সমস্যাটোৰ প্ৰতি তৎপৰ হৈ পৰিছে চৰকাৰ-জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষ।ইয়াৰে অংশৰূপে আজি স্থানীয় বিধায়ক নৱ কুমাৰ দলেৱে ঢকুৱাখনা-মাজুলীৰ সুৰক্ষা কৱচ স্বৰূপ চিচি- টেকেলিফুটা পথ-মথাউৰীৰ উজনীৰ পৰা নামনিলৈ সৃষ্টি হোৱা ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বুজ লয়। ঢকুৱাখনা জলসম্পদ বিভাগৰ অধীনস্থ লোটাচৰমুখৰ পৰা টেকেলিফুটালৈ বৃহস্পতিবাৰে দুপৰীয়া ব্ৰহ্মপুত্ৰৰ বুকুৱেদি নৌকা যাত্ৰা কৰি গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰাৰ লগতে খহনীয়া প্ৰতিৰোধৰ কামৰ পৰ্যালোচনা কৰে বিধায়ক দলেৱে। বিশাল ব্ৰহ্মপুত্ৰৰ মাজেৰে নাৱেৰে ঢকুৱাখনা সমষ্টিত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰাৰ সময়ত ঢকুৱাখনা জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা পীতাম্বৰ ডেকা বড়ো,সহকাৰী অভিযন্তা লক্ষ্মীনাথ ফুকন, বিজেপিৰ ঢকুৱাখনা জিলাৰ সভাপতি স্বৰূপ কোঁৱৰ,যুৱ মৰ্চাৰ সভাপতি মিগম পেগু আদিয়ে সংগ দিয়ে ।পৰিদৰ্শনৰ সময়ত বিধায়কগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়াৰ পৰা খহনীয়া প্ৰতিৰোধৰ কাম-কাজৰ বুজ লৈ কেনেদৰে কাম আগবঢ়াই নিব লাগিব তাৰো পৰামৰ্শ আগবঢ়ায় ।বিস্তীর্ণ অঞ্চলটো পৰিদৰ্শন কৰি বিধায়ক নৱ কুমাৰ দলেৱে সংবাদমাধ্যমৰ আগত খহনীয়াত ক্ষতি হোৱা বাঘচুক চেক বান্ধটো সুৰক্ষাৰ প্ৰতি বিভাগীয়ভাৱে সকলো ব্যৱস্থা লোৱা হ’ব বুলি আশ্বাস প্ৰদান কৰে। আনহাতে উপস্থিত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিধায়ক গৰাকীয়ে চলিত বৰ্ষত এছিয়ান ডেভলপ্তমেণ্ট পুঁজিৰ পৰা স্থায়ী খহনীয়া ৰোধৰ বাবে ১৪৭ কোটি টকাৰ প্ৰকল্প অনুমোদন হৈছে আৰু প্ৰকল্পৰ কাম ফেব্ৰুৱাৰী মাহৰ পৰাই আৰম্ভ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।বিধায়ক গৰাকীয়ে খহনীয়া পৰিদৰ্শন কালত নৈপৰীয়া ৰাইজৰ সৈতে মত-বিনিময়তো মিলিত হয়।গৰাখহনীয়া প্ৰতিৰোধৰৰ বাবে বিধায়ক নৱ কুমাৰ দলেৱে গ্ৰহণ কৰা পদক্ষেপক ৰাইজে আদৰণি জনায়।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like