বিশেষ বার্তা,সোণাৰি, ২৩ এপ্ৰিলঃ আজি পুৱাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানত ডুব গ’ল ঐতিহাসিক চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ আটাইকেইটা ৱাৰ্ড। সোণাৰি পৌৰসভা আৰু নগৰ উন্নয়ন প্ৰাধিকৰণৰ অকৰ্মণ্যতাৰ ফলস্বৰূপে নগৰখনত কৃত্ৰিম বানৰ সৃষ্টি হৈ ১৬ টা ৱাৰ্ডৰ লগতে নগৰখনৰ মূল পথ ধোদৰ আলি, ভজো পথ, নামতোলা পথ আদি বৰষুণৰ পানীয়ে সম্পূৰ্ণ বুৰাই পেলাইছে। নগৰখনৰ মাজমজিয়াত কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠানত পানী প্ৰৱেশ কৰি বিস্তৰ ক্ষতি সাধন কৰে। তদুপৰি কৃত্ৰিম বানত নগৰখনত আটাইতকৈ ক্ষতিগ্ৰস্ত হয় দৰ্জিপট্টি, ভাৱানীপুৰ, শান্তিপুৰ, সোণাপুৰ, সেউজীপাম আদি অঞ্চল। সংশ্লিষ্ট অঞ্চলৰ জনসাধাৰণৰ গৃহত পানী সোমাই জনজীৱন ব্যাহত কৰি তোলে।
উল্লেখযোগ্য যে, নগৰখনত উপযুক্তভাবে পানী নিষ্কাষণৰ ব্যৱস্থা নথকাৰ বাবেই এজাক বৰষুণতেই নগৰখনত সৃষ্টি হয় কৃত্ৰিম বানৰ। নগৰৰ ৰাজপথৰ দুই কাষে বিজ্ঞানসন্মত নলা-নৰ্দমা নথকাৰ বাবে তদুপৰি যিখিনি তথাকথিত নলা-নৰ্দমা আছে সেইবোৰ দীৰ্ঘদিন ধৰি চফা নকৰাৰ বাবেই এনেদৰে নগৰখনত কৃত্ৰিম বানৰ সৃষ্টি হৈ আহিছে। ইফালে আজিৰে পৰা সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত টাই আহোম যুৱ পৰিষদ, অসমৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা মূলগাভৰু স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠানত কৃত্ৰিম বানৰ বাবে কেইবাটাও কাৰ্যসূচীত ব্যাঘাত জন্মায়। আজি নগৰখনত সৃষ্টি হোৱা কৃত্ৰিম বানপানীয়ে একাধিক বিদ্যালয়ত পানী প্ৰৱেশ কৰি ক্ষতিগ্ৰস্ত কৰাত সোণাৰি টাউন হাইস্কুল, ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয়ৰ পাঠদান ব্যাহত হয়।