নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হায় ! মাজুলীত এম্বুলেঞ্চৰ সলনি ঠেলাৰে চিকিৎসালয়লৈ ৰোগী

নিয়মীয়া বাৰ্তা, ২১ জুন : মাজুলীৰ যাতায়ত ব্যৱস্থাৰ পৰিৰ্বতন সাধনৰ বাবে চৰকাৰখনে ন- ন আঁচনি যুগুত কৰি গাঁৱে-ভূঞে বহু পথৰ পকীকৰণৰ কাম চলাই আছে মাজুলীৰ বহু ভিতৰুৱা পথৰ তথৈবচ অৱস্থাই সকলোৰে চকু কপালত তুলাইছে। এতিয়াও উন্নত হোৱা নাই বহু ভিতৰুৱা গাঁৱৰ পথ ৷ মাজুলীৰ এই পথ সমুহৰ ভিতৰত চিলাকলা গাঁও পঞ্চায়তৰ অন্তৰ্গত ১নং বৰুণচুক পথৰ  বিধস্ত অৱস্থাই সকলোৰে চকু ঠৰ কৰি তুলিছে ৷ মাজুলীত চিকিৎসালয়লৈ নিবৰ বাবে এম্বুলেঞ্চৰ সলনি ঠেলা ব্যৱহাৰ কৰিব লগা ঘটনাই উন্নয়নৰ ফোঁপোলাস্বৰূপ উদঙাই । মাজুলীতো বিগত ৭ বছৰীয়া বিজেপি শাসনত হাজাৰ কোটি টকাৰ উন্নয়নমূলক কাম হোৱাৰ লগতে মাজুলীৰ বাট পথ সকলোবোৰেই পকী হোৱা বুলি এক পৰিৱেশ সৃষ্টি কৰাৰ মাজতে বিধ্বস্ত যাতায়তৰ বাবে নামনি মাজুলীৰ ১ নং বৰুনচূকত এম্বুলেঞ্চৰ সলনি ঠেলা গাড়ীকে এম্বুলেঞ্চ হিচাপে ব্যৱহাৰ কৰি ৰোগীক চিকিৎসালয়লৈ লৈ যোৱা এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। মাজুলীৰ অতি ভিতৰুৱা পিছপৰা অঞ্চল  মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত ১ নং বৰুনচুক  গাঁৱৰ ভনিতা পায়েং নামৰ ৰোগী গৰাকীক আজি সাধাৰণ বয়-বস্তু লৈ যোৱাৰ দৰে  ঠেলা গাড়ীত উঠাই নিয়া কাৰ্য্যই চৰকাৰৰ বৰমূৰীয়া সকলৰ হৃদয় গলাব নোৱাৰিলেও সাধাৰণ লোকক হতবাক কৰি তুলিছে। অসুস্থ হৈ পৰা মহিলা গৰাকীক চিকিৎসালয়লৈ লৈ যোৱাৰ বাবে পৰিয়ালৰ লোকে তৎপৰতা গ্ৰহণ কৰে যদিও বিধ্বস্ত পথৰ পৰিপ্ৰেক্ষিতত বিমোৰত পৰে পৰিয়ালটো। উপান্তৰ হৈ পৰিস্থিতিৰ মোকাবিলা কৰাৰ পদক্ষেপ হিচাপে গাঁওখনৰ কোনোবা লোকৰ পৰা এখন ঠেলাৰ ব্যৱস্থা কৰি উদীয়মান যুৱকৰ জৰিয়তে সাধাৰণ জড় পদাৰ্থৰ বস্তুৰ দৰে ঠেলা গাড়ীত উঠাই প্ৰায় ডেৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হয়। গাঁও খনলৈ বাৰিষা-খৰালি কোনো কালেই এম্বুলেন্স যাব নোৱাৰা অৱস্থাৰ বাবেই এনে পৰিস্থিতিৰ সন্মুখীন হৈছে সাধাৰণ লোক। সাধাৰণ জীৱ জন্তুৰ দৰে মানুহকো ঠেলা গাড়ীৰে টানি নিবলগীয়া হোৱাৰ কাৰ্য্যই মাজুলীৰ উন্নয়নৰ নগ্ন স্বৰূপটোকে উদঙাই দিছে।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড 
You might also like